*অৱলোকন*
Clerical Error
(কেৰাণী মহৰীয়ে নকল কৰোতে বা লেখোতে কৰা ভুল)
কনক শৰ্মা,
দমদমা-হাজো
অসমীয়াত “মসি” শব্দটোৰ অৰ্থ হৈছে চিয়াহী। আনহাতে চিয়াহীক অৱলম্বন কৰি যিসকলে জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোকক মসিজীৱী বোলা হৈছিল। মসিজীৱীৰ আভিধানিক অৰ্থ হৈছে কেৰাণী।
আজিৰ প্ৰযুক্তি বিদ্যাই আমাৰ জীৱন পৰিক্ৰমাৰ পৰা বহু সামগ্ৰীৰে বিলুপ্তি ঘটালে। সেই সকলোবোৰ সামগ্ৰীৰ ভিতৰত চিয়াহীযুক্ত কলম অন্যতম।
এটা সময় আছিল চিয়াহী- কলম হাতত লৈ স্কুল-কলেজ, অফিচ-আদালত সকলোতে কেৰাণী, মহৰী সকলে বিভিন্ন নথিপত্ৰ, হুকুম, দলিল আদি নকল কৰিছিল। এনেদৰে নকল কৰোতে বা টুকি ৰাখোতে দুই এটা বানান বিভ্ৰাট বা আন প্ৰকাৰৰ ত্ৰুটি-বিচ্যুতি স্বাভাৱিক ভাৱেই হৈছিল।
এনে ত্ৰুটি-বিচ্যুতিৰ কাৰণ হিচাপে কোৱা হৈছিল “Clerical Error ” অৰ্থাত কেৰাণী মহৰীৰ অসাৱধান বশতঃ হোৱা ভুল।
আজিৰ প্ৰযুক্তিগত ব্যৱস্থাপনাৰ সময়ত এনেদৰে স্পষ্টীকৰণ দিয়াটো দায়সাৰা বা পালমাৰা বিধৰ মন্তব্য বুলিয়েই ধৰা হয়। বিশেষকৈ ৰাজহুৱাখণ্ডৰ যিকোনো কাম কৰোতে যদিহে সেৱাৰ মনোভাৱ পৰিত্যাগ কৰি আত্মকেন্দ্ৰিক চিন্তা-চেতনাৰে কোনো সামাজিক কাম কৰা হয় তেতিয়া হলে অভিলষিত ফল সদায়েই ভুলৰ সমাধিতে প্ৰোথিত হ’ব।
মহামতি চাণক্যই পৰামৰ্শ দি গৈছে সমাজ জীৱনত সদায়েই অহঙ্কাৰ, আত্মশ্লাঘা আৰু কৰ্তৃত্বশীল মনোভাৱ পৰিত্যাগ কৰি চলিব লাগে।
আজিৰ সময়ত প্ৰায়বোৰ ক্ষেত্ৰতে দেখা যায় সামাজিক বান্ধোন শিথিল হৈ পৰিছে , — দায়িত্ববাহী সংশ্লিষ্ট ব্যক্তি বিশেষৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি থকা আওকণীয়া মানসিকতাৰ বাবে। মহামতি চাণক্যৰ অভিমত,– সামাজিক কামত সদায় বৰ্জনীয় কথাটোৱে হৈছে দায়িত্বশীল ব্যক্তিৰ মইমতালি বা অহং ভাব (Ego)।
