নিউজিলেণ্ডক অন্তিমখন টি-২০ত ৪৬ ৰানত পৰাস্ত কৰে ভাৰতে
ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল টীম ইণ্ডিয়াই নিউজিলেণ্ডৰে খেলা পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটো ৪-১ত হস্তগত কৰে। তিৰুবনন্তপুৰৰ্মত অনুষ্ঠিত শৃংখলাটোৰ পঞ্চম তথা অন্তিমখন মেচত ভাৰতে ৪৬ ৰানত নিউজিলেণ্ডক পৰাস্ত কৰে। মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ২৭২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ ফিন এলেনৰ ৩৮ বলত ৮০, ইছ সোধীৰ ৩৩ আৰু ৰাচিন ৰবীন্দ্ৰৰ ৩৮ ৰানৰ সহায়ত নিউজিলেণ্ডে ১৯.৪ অভাৰত ২২৫ ৰান কৰে। ভাৰতৰ হৈ অৰ্শ্বদীপ সিঙে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে অক্ষৰ পেটেলে ৩টা, বৰুণ চক্ৰৱৰ্তী আৰু ৰিংকু সিং উভয়ে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰি ঈশান কিশনৰ বিস্ফোৰক শতক আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৭১ ৰান সংগ্ৰহ কৰে। ইনিংছ আৰম্ভণি সুখকৰ নাছিল ভাৰতৰ। দলীয় স্ক’ৰ ৪৮ ৰানত অ’পেনাৰদ্বয় সঞ্জু ছেমছন আৰু অভিষেক শৰ্মাৰ উইকেট হেৰুৱাই ভাৰেত। সঞ্জুৱে মাত্র ৬ ৰান কৰি বিদায় লয়। ইফালে অভিষেকে ৩০ ৰানৰ অৱদান আগবঢ়ায়। অৱশ্যে টি-২০ত প্ৰথমটো শতক অর্জন কৰা ঈশানে সূর্যকুমাৰৰ সৈতে তৃতীয় উইকেটত ১৩৭ ৰান সংগ্ৰহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়। সূৰ্যকুমাৰে ৩০টা বলত ৬৩ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে ঈশানে ৪৩টা বলত ৬টা চাৰি আৰু ১০টা ছয়েৰে ১০৩ ৰান কৰে। ইফালে হার্দিক পাণ্ডিয়াই ১৭টা বলত ৪২ ৰান সংগ্ৰহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়। ৰিংকু সিঙে ৮ আৰু শিৱম ডুবেই ৭ৰান কৰি অপৰাজিত হৈ থাকে।
