কংগ্ৰেছৰ নতুন বৰ অসম সন্দৰ্ভত সৰৱ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে নতুন বৰ অসম গঢ়াৰ আহবানেৰে দেৱাল লিখন আৰম্ভ কৰাক লৈ সৰৱ হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। ‘হাতত হাত ধৰোঁ, নতুন বৰ অসম গঢ়ো’ শীর্ষক কংগ্ৰেছৰ এই দেৱাল লিখনক লৈ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° শৰ্মাই। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্রী শৰ্মাই কয়, “কংগ্ৰেছে যিটো এটা ডাঙৰ শব্দ কৈছে, তেওঁলোকে কৈছে নতুন বৰ অসম, নতুন বৰ অসম মানে কি ? বৰ অসম স্বৰ্গদেউ চাওলুং চ্যুকাফাই ছশ বছৰ আগতে নিৰ্মাণ কৰিলে । নতুন মানে কি ? তাৰ মানে চাওলুং চ্যুকাফাৰ বৰ অসমখন নহয় । নতুন বৰ অসম মানে কি যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এখন নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে । মই ইয়ালৈ আহি থাকোতে কংগ্ৰেছৰ দেৱাল লিখন দেখা পালো । এটা ভয়ানক দেৱাল লিখন লিখি থৈছে । বৰ অসম নহয়, নতুন বৰ অসম । এইটো এটা ডাঙৰ কথা । কংগ্ৰেছৰ নতুন বৰ অসমখন কেনে হ’ব তাৰো ব্য়াখ্য়া কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় নতুন বৰ অসম মানে কি বুলি প্রশ্ন কৰাত কয় যে আমি বৰ অসম বুলিলে চাওলুং চুকাফাই গঢ়ি থৈ যোৱা বৰ অসমৰ কথাহে বুজোঁ। নতুন বৰ অসম বুলি কৈ নতুনকৈ অহা মিঞাসকলক এতিয়া অসমীয়াৰ সীমাৰ ভিতৰত সুমুৱাব খুজিছে। অসমত এনেধৰণৰ বৰ অসম গঢ়িবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গৌৰৱ গগৈ বা কংগ্ৰেছৰ মানুহবিলাক মিঞাৰ ভোটক লৈ পাগল হৈ আছে। তেওঁলোক মিঞাক লৈ ইমানেই পাগল যে ‘অসমীয়া’ৰ পৰা ‘অস’ কাটি এদিন সকলোকে মিঞা বনাই দিব। মিঞা মানে বাংলাদেশী, অনুপ্ৰৱেশকাৰী। তেওঁলোকে মিঞাৰ বিৰুদ্ধে কোনোবাই কিবা ক’লে হুলস্থুল লগাই দিয়ে। অসমীয়াৰ বিৰুদ্ধে ক’লে তেওঁলোকৰ কোনো টিপ্পনী নাই। তেওঁলোকে কয়-হিমন্ত বিশ্ব শর্মাই কেৱল মিঞা মিঞা কয়। মিঞা বুলি নকৈ কি বুলি ক’ম? মিঞাই আমাৰ মাটি দখল কৰিছে, সত্ৰৰ মাটি দখল কৰিছে, লাভ জেহাদ কৰিব, সাৰ জেহাদ কৰিব। অসমীয়া মানুহে এতিয়া বুজি উঠিছে। আমি একত্রিত হ’ব লাগিব। সদায় আমি ১০-১২জন বিদেশী খেদি আছোঁ। আমি বিদেশী খেদাৰ বাবে চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে জিলা আয়ুক্তসকলক বিদেশী খেদাৰ দায়িত্ব দিছে। গতিকে এতিয়া বিদেশী খেদা বাঢ়ি থাকিব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমত বিজেপি দলৰ চৰকাৰ নাথাকিলে কংগ্ৰেছে নতুন বৰ অসমেই বনাব আৰু মিঞাক গোটেই অসমখনেই বিক্ৰী কৰি দিব।
