বেংগালুৰুৰ বন্ধ কোঠাত অসমৰ ৪ যুৱকৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱা অসমৰ চাৰিজন যুৱকৰ মৃতদেহ ৰহস্যজনকভাৱে এটা বন্ধ কোঠাত উদ্ধাৰ। একেটা কোঠাত একেলগে যুৱককেইজনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। বেংগালুৰুৰ ছুলিবেলে থানাৰ অন্তৰ্গত মুটছান্দ্ৰা গাঁৱৰ এটা ভাৰাঘৰৰ পৰা আৰক্ষীয়ে ঢকুৱাখনা আৰু নাওবৈচাৰ মিচিং জনগোষ্ঠীৰ যুৱককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে। বেংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল আটাইকেইজন যুৱক। এইপর্যন্ত জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।মৃত আটাইকেইজন যুৱকৰ ঘৰ লখিমপুৰ জিলাত। চাৰি যুৱকৰ সৈতে সংঘটিত এই মর্মান্তিক ঘটনাক লৈ সমগ্ৰ লখিমপুৰ জিলাত সৃষ্টি হৈছে চাঞ্চল্যৰ। ঘৰৰ ভিতৰত শুই থকা অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱককেইজনক। মৃত যুৱককেইজন হৈছে নৰেন্দ্ৰ টাইদ (২৩), ধনঞ্জয় টাইদ (২৩), ডাক্তৰ টাইদ (১৮) আৰু জয়ন্ত চিন্তে (২৫)। ইয়াৰে নৰেন্দ্ৰ টাইদ, ধনঞ্জয় টাইদ আৰু ডাক্তৰ টাইদৰ ঘৰ নামনি বর্ষামুখত। আনজন যুৱক নাওবৈচা শালমাৰা গাঁৱৰ জয়ন্ত চিন্তে। প্রাপ্ত তথ্য অনুসৰি, এই যুৱককেইজনে বেংগালুৰুত এটা কোম্পানীৰ গুদামত শ্রমিক হিচাপে কৰ্মৰত আছিল। তেওঁলোকে মুটছাদ্ৰা গাঁৱৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰিছিল। জানিব পৰা মতে, শুকুৰবাৰে কাম শেষ কৰি নিশা তেওঁলোকে কোঠাত শুই পৰিছিল, কিন্তু শনিবাৰে পুৱা কোঠাটোৰ ভিতৰত চাৰিওজনকে মৃত অবস্থাত উদ্ধাৰ কৰা হয়। ছুলিবেলে আৰক্ষীয়ে এই শোকাবহ তথ্য নিশ্চিত কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বেংগালুৰু গ্রাম্য জিলা আৰক্ষী অধীক্ষক চন্দ্ৰকান্তেও স্থান পৰিদৰ্শন কৰিছে। যুৱককেইজনৰ মৃত্যুৰ সঠিক কাৰণ বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। ইফালে, একেটা কোঠাত একেলগে যুৱককেইজনৰ মৃতদেহ উদ্ধৰক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। ঢকুৱাখনাৰ নামনি বর্ষামুখৰ তিনিওজন যুৱকৰ ঘৰত বিৰাজ কৰিছে শোককুল পৰিবেশ। ৰহস্যজনভাবে মৃত্যু হোৱাৰ খবৰ পৰিয়ালৰ লোকে লাভ কৰে আৰু লগে লগে হাহাকাৰ লাগে পৰিয়ালৰ মাজত। হৃদয়বিদাৰক এই ঘটনাক সহজভাবে ল’ব পৰা পৰিয়ালৰ লোকে। প্রাপ্ত তথ্য অনুসৰি, তিনি বছৰ পূৰ্বে ঘিলামৰা থানাৰ অন্তৰ্গত নামনি বর্ষামুখৰ দৰিদ্ৰ তিনিওগৰাকী যুৱক কামৰ সন্ধানত গৈছিল বেংগালুৰুলৈ। আর্থিক দীনতাৰে যুঁজি পৰিয়ালক পোহপাল দিবলৈ সুদূৰ বেংগালুৰুত কৰ্ম সংস্থাপন বিচাৰিছিল যুৱককেইজনে। কোম্পানীত কাম কৰি চলাই আছিল পৰিয়াল। পৰিয়ালৰ লোকে জনোৱা অনুসৰি শুকুৰবাৰে পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে কথা-বতৰা পাতিছিল ঢকুৱাখনাৰ দুজন যুৱকে। ভাত ৰান্ধি খাই শুই যোৱাৰ কথাও কৈছিল পৰিয়ালক। তাৰ পিছত কেনেকৈ এই হৃদয়বিদাৰক ঘটনা সংঘটিত হ’ল তাক লৈ ঘনীভূত হৈছে ৰহস্য। যুৱককেইজনৰ সৈতে ভাৰাঘৰৰ একেটা কোঠাত বাস কৰিছিল মাজুলীৰ অজয় টায়ে নামৰ আন এজন যুৱকো। চাৰিজন যুৱকে কর্ম সম্পাদন কৰি আহিছিল ভাৰাঘৰলৈ। আনজন যুৱক ওলাই গৈছিল কামলৈ। পুৱা কাম শেষ কৰি উভতি আহি অজয় টায়ে নামৰ যুৱকজনে দেখিলে কোঠাৰ ভিতৰতে পৰি আছিল চাৰিজনকৈ যুৱকৰ মৃতদেহ। কোনোবাটো মৃতদেহ মজিয়াত পাৰি থোৱা তুলিৰ ওপৰত। কোনোবাটো মৃতদেহ আন এটা মৃতদেহৰ ওপৰত। কি পৰিস্থিতিত অসমৰ ৪জনকৈ যুৱকে বহিঃৰাজ্যৰ এটা বন্ধ কোঠাতে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল তাক লৈ এতিয়া সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু ঘটনাৰ সন্দৰ্ভত এক বিতং তদন্ত অব্যাহত ৰাখিছে।

ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বেংগালুৰুৰ ভাৰাঘৰৰ বন্ধ কোঠাত অসমৰ ৪জন যুৱকৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ তদন্তৰ নির্দেশ দিছে আৰক্ষীক। এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজি পুৱাই এটা বহুত দুখৰ খবৰ পাইছোঁ। মই ইতিমধ্যে আৰক্ষীক নির্দেশ দিছোঁ-বেংগালুৰুৰ আৰক্ষী আয়ুক্তৰ লগত কথা পাতিব লাগে। ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃতদেহকেইটা সন্মানসহকাৰে অসমলৈ ওভতাই অনাৰ বাবেও নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ এই বিষয়ত মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিম।
