অমানিশা
শৈলেন কুমাৰ, মিৰ্জা
বেদনাত ককবকাই থকা ৰাতিটো
মোৰ বুকুত গধুৰ হৈ বহিল,
অসহনীয় বেদনা,যন্ত্ৰণাত
চকুত টোপনি নহোৱা হ’ল
ৰাতিটো দীঘলীয়া মোৰ ঘাঁবোৰো পূৰণা
জিৰণি ল’বলৈ নাই আহৰি
দেহমন যদিও পৰিছে ভাগৰি
স্মৃতিবোৰক মই যোৱা নাই পাহৰি
তৰাবোৰে দূৰৰ পৰা মনে মনে চাই থাকিল,
ঘাঁবোৰে মনত পেলাইছিল প্ৰতিশোধৰ বেদনা
ঘণ্টাৰ পিছত ঘণ্টা বিষৰ সৈতে যুঁজি লাহে লাহে
টোপনি ওচৰ চাপি আহিল,
তাৰ পিছত পিছলি গ’ল,
বৰষুণত খোজ পৰাৰ দৰে।
তৰাৰ সলনি উশাহ গণিলো,
মোৰ দৃষ্টিৰ ভিতৰতে ভোৰ হয়
ভংগুৰ আশা, কিন্তু তথাপিও আশা,
যে মই ৰাতিটোতকৈ বেছি দিন জীয়াই থাকিম।
তৰাবোৰ ভাগৰুৱা যেন লাগে,
শব্দই ক’ব নোৱাৰা কথা মৌনতাই কয়,
সপোনবোৰ ভাঙি চকুলোত পৰিণত হয় ৷
