নেপটিজিম: যোগ্যতাৰ শত্ৰু
জীৱনজ্যোতি গগৈ
স্নাতক চতুৰ্থ ষাণ্মাসিক
গোলাঘাট
সমাজত উন্নতি লাভ কৰাৰ মূল ভিত্তি হৈছে যোগ্যতা আৰু পৰিশ্ৰম। কিন্তু বহু ক্ষেত্ৰত দেখা যায়, মানুহে নিজৰ আত্মীয় বা পৰিচিত লোকক যোগ্যতাৰ ওপৰত স্থান দিয়ে। এই ব্যৱস্থাক নেপটিজিম বোলা হয়। নেপটিজিমে সমাজত অন্যায় আৰু বৈষম্য সৃষ্টি কৰে, যাৰ ফলত মেধাৱী লোকো বঞ্চিত হয়। সেয়ে নেপটিজিমক যোগ্যতাৰ শত্ৰু বুলি কৈছো ।
নেপটিজিমৰ প্ৰভাৱত আত্মীয়, বন্ধু বা পৰিচিত লোকে যোগ্যতা নাথাকিলেও পৰিচয় বা ক্ষমতাৰ জোৰত তেওঁলোকে সুযোগ লাভ কৰে। এই ব্যৱস্থাই সমাজৰ ন্যায়বোধক আঘাত কৰে।
যোগ্যতাৰ গুৰুত্ব
যোগ্যতাৰ ভিত্তিত সুযোগ দিলে সঠিক ব্যক্তিয়ছ সঠিক পদ লাভ কৰিব পাৰিব আৰু তেতিয়াহে সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়ন নিশ্চিত হ’ব । যোগ্যতা হৈছে পৰিশ্ৰম, দক্ষতা আৰু অভিজ্ঞতাৰ ফল। সমাজত ন্যায় আৰু সাম্য বজাই ৰাখিবলৈ যোগ্যতাৰ মূল্য অতি গুৰুত্বপূর্ণ।
নেপটিজিমে যোগ্যতাৰ ওপৰত কু-প্ৰভাৱ পেলাইছে ।
নেপটিজিমে মেধাৱী লোকসকলক বঞ্চিত কৰিছে। যিসকল ব্যক্তিয়ে বহু পৰিশ্ৰম কৰি নিজকে যোগ্য কৰি তোলে, তেওঁলোকে সুযোগ নাপায়। আনফালে, পৰিচয়ৰ জোৰত অযোগ্য লোকে পদ লাভ কৰে। ইয়াৰ ফলত সংগঠন আৰু ৰাষ্ট্ৰৰ গুণগত মান হ্ৰাস পায়। নৈতিকতা আৰু সততা ধ্বংস হয়, আৰু সমাজত বৈষম্য বৃদ্ধি পায়। যুৱসমাজৰ উৎসাহ কমে, কাৰণ তেওঁলোকে বুজি উঠে যে ইনেও ওপৰ মহলাৰ লগত সু-সৰ্ম্পক থকা সকলেই সুযোগ লাভ কৰিব গতিকে পৰিশ্ৰমৰ কোনো মূল্য নাই।
নেপটিজিম ক’ত ক’ত বেছি হোৱা দেখা যায় :
নেপটিজিম সাধাৰণতে ৰাজনীতি, চৰকাৰী চাকৰি, শিক্ষা ব্যৱস্থা, কৰ্পৰেট ক্ষেত্ৰ, চলচ্চিত্ৰ আৰু ক্রীড়া জগতত দেখাৰ লগতে বিভিন্ন প্ৰভিভাৰ প্ৰতিযোগিতাত দেখা পোৱা যায়। বহু সময়ত ক্ষমতাশালী ব্যক্তিৰ সন্তান বা আত্মীয়ে সহজে সুযোগ লাভ কৰে, আনফালে প্ৰতিভাবান লোক পিছ পৰি যায়।
নেপটিজিমৰ কু-প্ৰভাৱবোৰ হৈছে এনেধৰণৰ:
নেপটিজিমে যোগ্য লোকৰ মনোবল ভাঙে আৰু সমাজত হতাশা সৃষ্টি কৰে। অযোগ্য নেতৃত্বৰ ফলত উন্নয়নৰ গতি মন্থৰ হয়। ই দুর্নীতি আৰু পক্ষপাতিত্ব বৃদ্ধি কৰে। সমাজত আস্থা আৰু ন্যায়বোধ হ্ৰাস পায়, যাৰ ফলত সামগ্ৰিক অগ্ৰগতি ব্যাহত হয়।
সমাধান:
নেপটিজিম ৰোধ কৰিবলৈ যোগ্যতাৰ ভিত্তিত নিয়োগ নিশ্চিত কৰিব লাগিব। স্বচ্ছ পৰীক্ষা আৰু নির্বাচন প্ৰক্ৰিয়াৰ প্ৰয়োজন। আইনী ব্যৱস্থা কঠোৰ হ’ব লাগিব আৰু সমাজত সচেতনতা সৃষ্টি কৰিব লাগিব। তেতিয়াহে যোগ্যতাৰ সঠিক মূল্যায়ন সম্ভৱ।
নেপটিজিম যোগ্যতাৰ শত্ৰু। ই সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়নত বাধা সৃষ্টি কৰে। সেয়ে সমাজত সাম্য আৰু ন্যায়বিচাৰ বজাই ৰাখিবলৈ নেপটিজিমৰ বিৰুদ্ধে প্ৰতিবাদ আৰু সঠিক ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।
নেপতেজিমে সমাজতো অসমতা সৃষ্টি কৰে। যিসকল ব্যক্তি মেধা আৰু পৰিশ্ৰমৰ জোৰত আগবাঢ়িবলৈ চেষ্টা কৰে, তেওঁলোকে সুযোগ নাপায়। ইয়াৰ ফলত সমাজত হতাশা, ক্ষোভ আৰু অসন্তোষে জন্ম লয়। ধনী আৰু ক্ষমতাশালী লোকসকল সদায় আগবাঢ়ে, আনফালে দুখীয়া আৰু সাধাৰণ মানুহবোৰ পিছ পৰি যায়। এই বৈষম্যই সমাজৰ ঐক্য আৰু ন্যায়বোধ ধ্বংস কৰে।
আৰ্থিক আৰু প্ৰশাসনিক দিশতো নেপটিজিমে ভীষণ বিপদৰ সৃষ্টি কৰিছে ।
নেপটিজিমৰ ফলত বহু ক্ষেত্ৰত অযোগ্য লোক দায়িত্বত থাকে। এই লোকসকলে সঠিকভাৱে কাম কৰিব নোৱাৰে, যাৰ ফলত সংগঠন আৰু ৰাষ্ট্ৰৰ ক্ষতি হয়। উন্নয়নৰ গতি মন্থৰ হয় আৰু উৎপাদনশীলতা হ্ৰাস পায়। দেশৰ সম্পদ আৰু সুযোগ সঠিকভাৱে ব্যৱহাৰ নহয়। এই প্ৰৱণতাই আৰ্থিক উন্নয়ন আৰু সামাজিক অগ্ৰগতিত বাধা সৃষ্টি কৰে।
নেপটিজিমে সততা আৰু নৈতিকতাক আঘাত কৰে। মানুহে যোগ্যতাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। সমাজত সৎ লোকৰ মূল্য কমে আৰু অসৎ লোকৰ প্ৰভাৱ বাঢ়ে। ফলত ন্যায়বিচাৰ আৰু সাম্যবোধ সম্পূৰ্ণভাৱে ধ্বংস হয়।
ই যুৱসমাজৰ ওপৰতো গভীৰ প্ৰভাৱ পেলাই । ডাঙৰ ডাঙৰ সভা সমিতিত কৈ থকা হয় যুৱসমাজেই এখন দেশৰ ভৱিষ্যৎ। কিন্তু নেপটিজিমৰ ফলত যুৱসমাজ হতাশ হয়। তেওঁলোকে ভাবে যে পৰিশ্ৰমে কোনো ফল নিদিয়ে। ফলত অধ্যয়ন আৰু দক্ষতা বৃদ্ধি কৰাৰ আগ্ৰহ কমে। বহু মেধাৱী যুৱক-যুৱতী বিদেশলৈ যাত্ৰা কৰে। ইয়াৰ ফলত দেশৰ মেধা আৰু শক্তি হ্ৰাস পায়।
নেপটিজিম ৰোধ কৰাৰ দায়িত্ব কেৱল চৰকাৰৰ দায়িত্ব নহয়, ই প্ৰতিজন নাগৰিকৰ দায়িত্ব। সমাজত যোগ্যতাৰ মূল্য স্থাপন কৰিবলৈ সকলোৱে সচেতন হ’ব লাগিব। শিক্ষা, নিয়োগ আৰু নেতৃত্বত মেধা আৰু সততাৰ ভিত্তিত সুযোগ দিয়া উচিত। তেতিয়াহে ন্যায় আৰু সাম্য প্রতিষ্ঠা কৰিব পৰা যাব।
অৱশ্যে , বৰ্তমান সময়ত চৰকাৰী কতৃপক্ষই ‘যোগ্য ভোগ্য বসুন্ধৰা’ এই নীতি অৱলম্বন কৰিছে । য’ত বহুজনে যোগ্যতাৰ ভিত্তিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । ই অতি ইতিবাচক দিশ ।
নেপটিজিমক দমন কৰিব নোৱাৰা পৰ্য্যন্ত যোগ্যজন বঞ্চিত হৈ অযোগ্যই ৰাজপাট ভোগ কৰি বাহ্ বাহ্ লৈ থাকিব ।
সেয়ে যুৱসমাজ সতৰ্ক হোৱাৰ প্ৰয়োজন আহি পৰিছে ।
