জীৱন মানে মৃত্যু পৰ্য্যন্ত যুজি থকা
নমিতা দাস
শুৱালকুছি
জীৱন এক সাগৰ সম শব্দ যাৰ ইপাৰ সিপাৰ ঢুকি পোৱা দূৰৈৰ কথা দেখাৰ সৌভাগ্য নহয় আমি আমাৰ জীৱনটোৰো ইপাৰ সিপাৰে নেদেখোঁ কৰ্মই জীৱনৰ পথ নিৰুপন কৰে । আৰম্ভনিতে আমাৰ অভিভাৱক সকলৰ দ্ধাৰা পৰিচালিত হৈ জনা বুজা হোৱাৰ পিছৰ পৰা মৃত্যু পৰ্য্যন্ত নিজ ইচ্ছা অনুসৰি চলি গৈ থকাৰ প্ৰয়াস কৰোতে সময়ে সময়ে অনেক ঘাট- প্ৰতিঘাটৰ সন্মুখিন হ’ব লগা হয় ।এই সংঘাট সমুহে আমাক শিক্ষা দিয়ে জীৱনটো কেনেকৈ আগবঢ়াই নিব পাৰি । জীৱনৰ বাটত লগ পোৱা সংঘাট বোৰে যেন আমাক পৰীক্ষাত অবত্তীৰ্ণ কৰোৱাই। পৰিকল্পিত ভাবে কৰা কিছুমান কামে আমাক জীৱনটো আগুৱাই নিবলৈ কৰা যুঁজ খন সহজ কৰে আৰু কেতিয়াবা দুষ্ট সংগই সংকতময় কৰি তোলে ।
মুঠতে জীৱনটো হৈছে এখন ৰংগ মঞ্চ আমি হলোঁ তাৰ ভাৱৰীয়া । যিকোনো ভাও ল’বলৈ যেনেকৈ অনুশীলনৰ প্ৰয়োজন কিন্তু জীৱন নাটত অনুশীলন কৰা নাযায় যদিও আমাৰ সংঘাট বোৰে অনুশীলনৰ ৰূপত দেখা দিয়ে । গতিকে জীয়াই থাকিবলৈ মৌলিক ভাবে প্ৰয়োজনীয় অন্ন , বস্ত্ৰ, বাসস্থানৰ প্ৰয়োজনীয়তাই আমাক জীৱনত যুঁজ দিবলৈ শিকায় বা প্ৰয়োজন আনে ।
বৰ্তমান সময়ত জীয়াই থাকিবলৈ সমাজৰ ৰীতি নীতিৰে চলি থকাটো প্ৰয়োজন কিন্তু এই নীতি নিয়মৰ যুঁজ খনত পুৰুষ সমাজত কৈ নাৰী গৰাকিয়ে অধিক তিব্বতাৰে যুজিব লগা হৈছে । তাৰ ভিতৰত কিছুমান আওপুৰণি নিয়মৰ বিৰুদ্ধে চলিবলৈ যুঁজ দিবই লাগিব ।এগৰাকী নৱ বিবাহিতা পত্নীৰ মৃত্যু হ’লে পুৰুষ জনে ছমাহ নৌহওঁতেই বিভিন্ন কাৰণত বিয়া কৰাব পাৰে কিন্ত যদি সেই একে গৰাকী পত্নী স্বামী হাৰা হয় তেতিয়া তেওঁ ছমাহ কিয় হয়তো বছৰ বছৰ ধৰি বিয়া হ’ব টো নোৱাৰেই সমাজৰ বা ঘৰ খনৰ বিভিন্ন মাঙ্গলিক অনুষ্ঠানত তেওঁ আগ-ভাগ লৱ নোৱাৰে তেওঁৰ জীৱনটো প্ৰতিটো মুহুৰ্ততে কিছুমান অনাহুত সংঘাটেৰে যুঁজি গৈ থাকিব লাগিব ।বৰ্তমান সমাজত পুৰুষ নাৰীৰ মাজৰ নিয়মবোৰৰ মাজত শিথিলতা আহিলেও শেষ হৈ যোৱা নাই । মানুহৰ কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য দেখিবলৈ পোৱা যায় ।গতিকে এই পাৰ্থক্য বোৰে জীৱনটো আগুৱাই নিয়াত হেঙাৰ হৈ পৰে ।এই হেঙাৰ নেওচি আগুৱাই যাবলৈ যুঁজ দিবই লাগিব ।
অৱশেষত জীৱনৰ আন এটা নামেই যুঁজ বুলি কব পাৰি । জন্মৰ পিছৰে পৰা মৃত্যু পৰ্য্যন্ত জীয়াই থাকিবলৈ, সমাজৰ লগত চলিবলৈ , কৰ্ম কৰিবলৈ স্তৰে স্তৰে বিভিন্ন যুঁজত অৱতীৰ্ণ হৈ মৃত্যু প্ৰৰ্য্যন্ত যুজি থাকিবই লাগিব।
