বিশ্ব সাহিত্যৰ তাত্ত্বিক ধাৰা আৰু অসমীয়া সাহিত্যৰ সামাজিক বাস্তৱতা – ময়ূৰী বৰগোহাঁই

Pc Universidad Isabel I

বিশ্ব সাহিত্যৰ তাত্ত্বিক ধাৰা আৰু অসমীয়া সাহিত্যৰ সামাজিক বাস্তৱতা

ময়ূৰী বৰগোহাঁই
শিৱসাগৰ

নাৰীবাদ (Feminism) কেৱল এক সামাজিক আন্দোলন নহয়; ই এক গভীৰ তাত্ত্বিক, দাৰ্শনিক আৰু সাংস্কৃতিক চেতনা, যিয়ে সমাজৰ ক্ষমতাৰ বণ্টন, লিংগীয় বৈষম্য, দেহ-চেতনা, মানৱ অধিকাৰ আৰু পৰিচয়-নির্মাণৰ প্ৰক্ৰিয়াক প্ৰশ্নৰ সন্মুখীন কৰে । নাৰীবাদে “নাৰী”ক কেৱল এক জৈৱিক পৰিচয় হিচাপে নহয়, বৰঞ্চ এক সামাজিক, ঐতিহাসিক আৰু সাংস্কৃতিক নিৰ্মাণ হিচাপে ব্যাখ্যা কৰে । এই দৃষ্টিভংগীৰে সাহিত্য নাৰীবাদী চিন্তাৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ ক্ষেত্ৰ, কিয়নো সাহিত্য সমাজৰ কেৱল প্ৰতিফলনেই নহয়—ই সমাজৰ চিন্তাধাৰা, মূল্যবোধ আৰু নৈতিক কাঠামো গঢ় দিয়াতো সক্ৰিয় ভূমিকা পালন কৰে ।

নাৰীবাদী সাহিত্য চিন্তাধাৰাই বিশ্ব সাহিত্য আৰু অসমীয়া সাহিত্য—দুয়ো ক্ষেত্ৰতেই এক মৌলিক পৰিবর্তনৰ সূচনা কৰিছে । যদিও এই দুয়ো সাহিত্য পৰম্পৰাৰ ঐতিহাসিক পটভূমি, সামাজিক গাঁথনি আৰু সাংস্কৃতিক বাস্তৱতা ভিন্ন, তথাপিও নাৰীৰ দমন, নীৰৱতা, আত্মচেতনা আৰু প্ৰতিবাদ—এই মৌলিক অভিজ্ঞতাসমূহে দুয়োটাক একেডাল সূতাৰে বান্ধি ৰাখে । তুলনামূলক দৃষ্টিৰে চালে দেখা যায় যে বিশ্ব সাহিত্যত নাৰীবাদে যি তাত্ত্বিক গভীৰতা আৰু আন্দোলনমূলক ৰূপ লৈ বিকশিত হৈছে, অসমীয়া সাহিত্যত সেই ধাৰা অধিক সামাজিক-সাংস্কৃতিক বাস্তৱতাৰ সৈতে সংলগ্ন হৈ ধাপে ধাপে আত্মপ্ৰকাশ কৰিছে ।

বিশ্ব সাহিত্যত নাৰীবাদী চিন্তাধাৰাৰ বিকাশ মূলতঃ উনবিংশ আৰু বিংশ শতিকাৰ সামাজিক-ৰাজনৈতিক পৰিবর্তনৰ সৈতে জড়িত । মেৰি উলষ্টনক্রাফ্টৰ “A Vindication of the Rights of Woman” (1792) গ্ৰন্থই নাৰীৰ বৌদ্ধিক সমতাৰ প্ৰশ্ন উত্থাপন কৰি নাৰীবাদী সাহিত্য চিন্তাৰ বীজ ৰোপণ কৰে । পৰৱৰ্তীকালত ভাৰ্জিনিয়া উল্‌ফে “A Room of One’s Own” (1929) ত স্পষ্টকৈ কৈছিল যে নাৰীৰ সৃষ্টিশীলতাৰ বাবে আৰ্থিক স্বাধীনতা আৰু ব্যক্তিগত স্থান একান্ত প্ৰয়োজনীয় । এই বক্তব্যই সাহিত্যত নাৰীৰ অৱস্থানক কেৱল অনুভৱৰ ক্ষেত্ৰ নহয়, এক ৰাজনৈতিক প্ৰশ্ন হিচাপে প্ৰতিষ্ঠা কৰে । সাইমন দ্য বোভোৱাৰৰ “The Second Sex” (1949) গ্ৰন্থই নাৰী পৰিচয়ক সামাজিক গঠন হিচাপে বিশ্লেষণ কৰি বিশ্ব সাহিত্যত নাৰীবাদী সমালোচনাৰ এক দৃঢ় তাত্ত্বিক ভিত্তি গঢ়ি তোলে । সাইমন দ্য বোভোৱাৰে তেওঁৰ প্ৰখ্যাত গ্ৰন্থ The Second Sex (1949) ত উল্লেখ কৰা প্ৰখ্যাত উক্তি —“One is not born, but rather becomes, a woman.” —এই উক্তিটোৱে স্পষ্টভাৱে প্ৰমাণ কৰে যে “নাৰী” হোৱাটো জৈৱিক বাস্তৱ নহয়, বৰঞ্চ সামাজিক নিৰ্মাণ । ধৰ্মীয় বিধি, নৈতিক অনুশাসন, শিক্ষা ব্যৱস্থা, পৰম্পৰা আৰু ভাষিক আচৰণৰ মাজেৰে নাৰীৰ পৰিচয় গঢ় লৈ উঠে । এই তাত্ত্বিক কাঠামোৰ আধাৰত সাহিত্যত নাৰী চৰিত্ৰসমূহক সমাজৰ উৎপাদন হিচাপে বিশ্লেষণ কৰা হয় । ইলেইন শোৱাল্টাৰৰ “Gynocriticism” তত্ত্বই এই বিশ্লেষণক নতুন দিশ দিয়ে—য’ত নাৰী সাহিত্যক পুৰুষ-মাপকাঠিৰে নহয়, নাৰীৰ নিজস্ব দেহ-চেতনা, অভিজ্ঞতা আৰু মানসিক বাস্তৱতাৰ আধাৰত অধ্যয়ন কৰাৰ কথা কোৱা হৈছে । এই তাত্ত্বিক ধাৰণা অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো সমানভাৱে প্ৰযোজ্য ।

বিশ্ব সাহিত্যত নাৰীবাদী লেখনে নাৰীৰ দেহ-চেতনা, যৌনতা, মাতৃত্ব, বিবাহ আৰু ব্যক্তিস্বাধীনতাৰ প্ৰশ্নসমূহ খোলাকৈ উন্মোচন কৰিছে । টনি মৰিছনৰ Beloved, সাইমন দ্য বোভোৱাৰ বা সিলভিয়া প্লাথৰ কবিতাসমূহত নাৰী কেৱল নিপীড়িত সত্তা নহয়; তেওঁলোক স্মৃতি, ইতিহাস আৰু আত্মচেতনাৰ বাহক । ইয়াত নাৰী নিজে নিজৰ কাহিনী কোৱা এক সক্ৰিয় বিষয় (subject) ৰূপে প্ৰতিষ্ঠিত । নাৰীবাদী সাহিত্য সমালোচনাই এই পাঠসমূহত ভাষাৰ ক্ষমতা, নীৰৱতাৰ ৰাজনীতি আৰু পুৰুষ-প্ৰধান বৰ্ণনাৰ ভাঙনি বিশ্লেষণ কৰে ।

অসমীয়া সাহিত্যত নাৰীৰ উপস্থিতি প্ৰাচীনকালৰে পৰা দেখা পোৱা যায় যদিও, সেই উপস্থিতি অধিকাংশই পুৰুষতান্ত্ৰিক দৃষ্টিভংগীৰে নিৰ্মিত । নাৰী বহুদিন ধৰি সাহিত্যত “কথিত” হৈছিল, কিন্তু “কথা কোৱা” নাছিল । নাৰীৰ এই নীৰৱতাৰ সামাজিক, ধৰ্মীয় আৰু সাংস্কৃতিক কাৰণসমূহ উন্মোচন কৰাটো নাৰীবাদী সাহিত্য সমালোচনাৰ এক মুখ্য উদ্দেশ্য । নাৰীবাদী সমালোচনাই এই নীৰৱতাক কেৱল ঐতিহাসিক দুৰ্ঘটনা বুলি নাভাবে; ই এক সচেতন ক্ষমতা-প্ৰয়োগৰ ফল বুলি ব্যাখ্যা কৰে । প্ৰাচীন আৰু মধ্যযুগীয় সাহিত্যত নাৰীৰ উপস্থিতি থাকিলেও সেই উপস্থিতি অধিকাংশ ক্ষেত্ৰত ধৰ্মীয় নৈতিকতা আৰু পুৰুষ-কেন্দ্ৰিক সমাজ ব্যৱস্থাৰ ভিতৰত সীমাবদ্ধ আছিল । নাৰী ত্যাগ, সহনশীলতা আৰু পৱিত্ৰতাৰ প্ৰতীক হিচাপে চিত্ৰিত হৈছিল । আধুনিক অসমীয়া সাহিত্যতহে নাৰী চৰিত্ৰই নিজৰ অন্তৰ্জগত, দ্বন্দ্ব আৰু প্ৰতিবাদক ভাষা পায় ।

প্ৰাচীন আৰু বৈষ্ণৱ অসমীয়া সাহিত্যত নাৰী আছিল মূলত ধৰ্মীয় আৰু নৈতিক আদৰ্শৰ প্ৰতীক । শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ সাহিত্যত নাৰী ভক্তি, সহনশীলতা, ত্যাগ আৰু পৱিত্ৰতাৰ আধাৰ হিচাপে চিত্ৰিত । ইয়াত নাৰী এক আদৰ্শ চৰিত্ৰ—স্বতন্ত্ৰ ব্যক্তিত্ব নহয় । নাৰীৰ নিজস্ব ইচ্ছা, কামনা বা বিদ্ৰোহ ইয়াত অনুপস্থিত; বৰঞ্চ নাৰী চৰিত্ৰসমূহে পুৰুষতান্ত্ৰিক সামাজিক কাঠামোক নৈতিক বৈধতা প্ৰদান কৰে । এইটো সেই সময়ৰ সামাজিক বাস্তৱতাৰ সাহিত্যিক প্ৰতিফলন বুলি ক’ব পাৰি, য’ত সাহিত্য সামাজিক পৰিৱর্তনৰ আগত নহয়, সমাজৰ সৈতে সহগামী ।

ঔপনিবেশিক যুগত অসমীয়া সাহিত্যত নাৰীৰ প্ৰতিচ্ছবি কিছু মানবীয় হয় । লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঞি বৰুৱাৰ ৰচনাত নাৰী সংবেদনশীল, দুখী আৰু সহনশীল সত্তা । তথাপিও এই দুখৰ সামাজিক কাৰণসমূহ তীব্ৰভাৱে প্ৰশ্ন কৰা নহয় । নাৰী চৰিত্ৰ ভুক্তভোগী হিচাপে উপস্থিত হলেও, তেওঁলোক সচেতন প্ৰতিবাদী সত্তালৈ উত্তৰণ নকৰে । নাৰীবাদী সমালোচনাত এই দৃষ্টিভংগীক “paternalistic sympathy” বুলি আখ্যা দিয়া হয়—য’ত সহানুভূতি আছে, কিন্তু ক্ষমতা-সংৰচনাৰ বিৰুদ্ধে বিদ্ৰোহ নাই ।

ঊনবিংশ শতিকাৰ শেষভাগত অসমীয়া সাহিত্যত নাৰীবাদী চেতনাৰ সূচনা দেখা যায় । পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’ (১৮৮৪) আৰু ‘বিধৱা’ শীৰ্ষক ৰচনাসমূহে বিধৱা নাৰীৰ সামাজিক অৱস্থানক প্ৰশ্ন কৰে । স্বৰ্ণলতা বৰুৱাৰ ‘আৰ্হি তিৰোতা’ত নাৰী-নৈতিকতাৰ পুৰুষতান্ত্ৰিক সংজ্ঞাক পৰোক্ষভাৱে চেলেঞ্জ কৰা হৈছে । এই সময়ছোৱাত ধৰ্মেশ্বৰী দেৱী বৰুৱানী আৰু যমুনেশ্বৰী খাটনিয়াৰৰ কাব্যত নাৰী মনৰ অনুভূতি আৰু স্বাধীনতাৰ সুৰ শুনা যায়, যদিও সেই সুৰ এতিয়াও সীমিত পৰিসৰত আবদ্ধ ।

বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত অসমীয়া সাহিত্যত নাৰীবাদী চেতনা অধিক স্পষ্ট হয় । ইন্দিৰা গোস্বামী (মামণি ৰয়চম গোস্বামী)ৰ উপন্যাসসমূহত নাৰীৰ দেহ-যন্ত্ৰণা, সামাজিক নিষেধাজ্ঞা আৰু মানসিক বিদ্ৰোহ গভীৰভাৱে প্ৰতিফলিত হয় । তেওঁৰ লেখনীত নাৰী কেৱল সহানুভূতিৰ পাত্ৰ নহয়; তেওঁ সমাজ ব্যৱস্থাৰ কঠোৰ সমালোচক । ইয়াত নাৰীবাদ বিশ্ব সাহিত্যৰ দৰে তাত্ত্বিক ভাষাত নহয়, জীৱনৰ কষ্ট, দুখ আৰু প্ৰতিবাদৰ বাস্তৱ অভিজ্ঞতাৰ মাজেৰে প্ৰকাশ পায় । এই যুগত অসমীয়া সাহিত্যত নাৰীবাদ এক সুদৃঢ় বৌদ্ধিক ৰূপ লাভ কৰে । ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী) এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বাঁকবিন্দু । তেওঁৰ উপন্যাসসমূহত নাৰী শৰীৰ, ধৰ্মীয় অনুশাসন, মাতৃত্ব আৰু যৌনতা সামাজিক শোষণৰ কেন্দ্ৰবিন্দু । দতাল হাতীৰ উঁয়ে খোৱা হাওদা, নীলকণ্ঠী ব্ৰজ, সাপৰ ছালৰ জোতা, ভিক্ষাৰ পাত্ৰ ভাঙি, ছিন্নমস্তাৰ মানুহটো আদিত নাৰী কেৱল দুখী নহয়; তেওঁ এক সচেতন প্ৰশ্নকাৰী সত্তা । ইয়াত নাৰীবাদ উচ্চস্বৰে নহয়, কিন্তু গভীৰ আৰু বৌদ্ধিকভাৱে শক্তিশালী । নিৰুপমা বৰগোহাঁইৰ উপন্যাসসমূহতো নাৰীৰ মানসিক দ্বন্দ্ব, আত্মপ্ৰতিষ্ঠা আৰু সামাজিক সংগ্ৰাম স্পষ্টভাৱে প্ৰতিফলিত ।

সমসাময়িক অসমীয়া সাহিত্যত অনুৰাধা শৰ্মা পূজাৰী, অৰুপা পটংগীয়া কলিতা, জুৰি বৰা বৰগোহাঞি, মনালিছা শইকীয়া আদিৰ ৰচনাত আধুনিক নাৰী আত্মসংঘাত, আত্ম-পৰিচয় আৰু স্বাধীনতাৰ সন্ধানত উপস্থিত । এই সাহিত্যত নাৰী বাহ্যিক সমাজৰ লগতে নিজৰ আভ্যন্তৰীণ সীমাবদ্ধতাৰ সৈতেও যুঁজ কৰে । ইয়াত মুক্তি কেৱল সামাজিক কাঠামোতেই সীমাবদ্ধ নহয়; ই মানসিক আৰু অস্তিত্বগত মুক্তিৰ প্ৰশ্ন ।

কাব্য সাহিত্যত নলিনীবালা দেৱীৰ দৰে কবিৰ ৰচনাত নাৰীৰ অন্তৰ্জগত সূক্ষ্মভাৱে প্ৰকাশ পায় । সমসাময়িক কবিতাত নাৰী শৰীৰ আৰু ইচ্ছা ৰাজনৈতিক বিষয় হিচাপে পৰিগণিত হৈছে—দেহ এতিয়া কেৱল ব্যক্তিগত নহয়; ই ক্ষমতাৰ ক্ষেত্ৰ ।

নাট্য সাহিত্যত নাৰীবাদ তুলনামূলকভাৱে সীমিত যদিও আধুনিক নাটকত নাৰী পাত্ৰ অধিক সক্ৰিয়, সিদ্ধান্তগ্ৰহণকাৰী আৰু সংঘাতপ্ৰবণ ৰূপত দেখা যায় ।

বিশ্ব সাহিত্য আৰু অসমীয়া সাহিত্যৰ মাজত এক গুৰুত্বপূৰ্ণ পাৰ্থক্য হ’ল—বিশ্ব সাহিত্যত নাৰীবাদ প্ৰায়ে এক সংগঠিত বৌদ্ধিক আন্দোলনৰ ৰূপত বিকশিত হৈছে, আনহাতে অসমীয়া সাহিত্যত ই অধিক সামাজিক অভিজ্ঞতা আৰু সাংস্কৃতিক বাস্তৱতাৰ সৈতে জড়িত । বিশ্ব সাহিত্যত “নাৰী-দেহ” এক ৰাজনৈতিক পাঠ্য, কিন্তু অসমীয়া সাহিত্যত নাৰী-দেহ প্ৰায়ে সামাজিক লজ্জা, নীৰৱতা আৰু সহনৰ ক্ষেত্ৰ হিচাপে উপস্থাপিত হয় । তথাপিও আধুনিক অসমীয়া সাহিত্যত এই দৃষ্টিভংগী ধীৰে ধীৰে পৰিবর্তিত হৈছে ।

বিষয়-সীমা অতিক্ৰম কৰা বহুবিষয়ক দৃষ্টিভংগীৰে চালে দেখা যায় যে বিশ্ব সাহিত্যত নাৰীবাদে জাতি, বৰ্ণ, শ্ৰেণী আৰু উপনিবেশিক অভিজ্ঞতাৰ সৈতে নাৰীৰ অৱস্থান বিশ্লেষণ কৰিছে । অসমীয়া সাহিত্যতো এই ধাৰা বিশেষভাৱে প্ৰাসংগিক, কিয়নো ইয়াত নাৰীৰ অভিজ্ঞতা কেৱল লিংগৰ দ্বাৰাই নহয়, ভাষাগত, জাতিগত আৰু ৰাজনৈতিক বাস্তৱতাৰ দ্বাৰাও প্ৰভাৱিত । এই ক্ষেত্ৰত অসমীয়া নাৰীবাদী সাহিত্য বিশ্ব নাৰীবাদৰ সৈতে এক সংলাপত প্ৰৱেশ কৰিছে বুলি ক’ব পাৰি ।

সাৰাংশত ক’ব পাৰি যে বিশ্ব সাহিত্য আৰু অসমীয়া সাহিত্য—দুয়োটাই নাৰীবাদী দৃষ্টিভংগীৰ জৰিয়তে সাহিত্যক অধিক বহুমাত্ৰিক আৰু মানবিক কৰি তুলিছে। বিশ্ব সাহিত্যই নাৰীবাদী তত্ত্বৰ গভীৰতা প্ৰদান কৰিছে, আৰু অসমীয়া সাহিত্যই সেই তত্ত্বৰ সামাজিক বাস্তৱতা দেখুৱাইছে । এই দুয়োটাৰ সংযোগে নাৰীবাদী সাহিত্য সমালোচনা এক শক্তিশালী বৌদ্ধিক অস্ত্ৰ হিচাপে গঢ় লৈ উঠিছে, যিয়ে নাৰী কণ্ঠক ইতিহাসৰ নীৰৱ প্ৰান্তৰ পৰা কেন্দ্ৰলৈ আনি স্থাপন কৰিছে ।