ৰূপকোঁৱৰ – জুমী চিৰিং

Pc Notun Puhor

 ৰূপকোঁৱৰ

 জুমী চিৰিং,কঠালগুৰি,লক্ষীমপুৰ

 চিৰ চেনেহী সুন্দৰৰ পূজাৰী
আলোক সন্ধানী ৰূপকোঁৱৰ খ্যাতি
অসমীয়া সংস্কৃতিৰ জলন্ত প্ৰতিমূৰ্তি
তুমি তিনিও কালৰ জাগ্ৰত শিল্পী।
তীক্ষ্ণ কল্পনাৰে মেধা বুদ্ধি সাজি
ৰূপান্তৰেদি আহি মহামহত্ব গৰকি
জাতিৰ আৰু বৰ্ণ-বৈচিত্ৰ্য নেওচি
বান্ধি দিলা মহামিলনৰ এনাজৰী।
সোণেৰে -ৰূপেৰে খুঁটি পুতি
তুমিয়ে গঢ়িলা বৰনামঘৰৰ ভেটি
তামোল বাৰী চাহ বাগিচাত কৃৰ্তি
বৰ্তমানেও উজ্বলি আছে অমৰ সৃষ্টি।
তুমি সুৰকাৰ, গীতিকাৰ, নৃত্যবিদ
প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা,
সুৰেৰে নৱতম শলিতা গছি জ্বলাই
মহাচত্ৰুৰে অগ্নি বীজ সিঁচা
তুমিয়েই অভ্ৰভেদী বিপ্লৱী বীৰ।