পৱিত্ৰ শ্ববে মেৰাজৰ ওপৰত সম্যক আলোকপাত
আয়শা ছিদ্দিকা (আছৰি),
বাংলিপাৰা, বৰপেটা
ইছলাম ধৰ্মৰ ইতিহাসত শ্ববে মেৰাজ বা লাইলাতুল মেৰাজ এক অনন্য আৰু বিস্ময়কৰ অধ্যায়, যিটো সমগ্ৰ মানৱজাতিৰ বাবে আল্লাহৰ এক বিশেষ নিদৰ্শন। আৰবী ‘শ্বব’ মানে ৰাতি আৰু ‘মেৰাজ’ মানে হ’ল উৰ্ধগমন বা ওপৰলৈ উঠা। ইছলামী বৰ্ষপঞ্জীৰ পৱিত্ৰ ৰজব মাহৰ ২৬ তাৰিখৰ দিবাগত ৰাতিত এই অলৌকিক ঘটনাটো সংঘটিত হৈছিল, য’ত বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ) এ এক ৰাতিৰ ভিতৰতে মক্কাৰ পৰা জেৰুজালেম হৈ সাতখন আকাশ অতিক্ৰম কৰি আল্লাহৰ সান্নিধ্য লাভ কৰিছিল। এই যাত্ৰা আছিল আধ্যাত্মিকতাৰ শীৰ্ষ পৰ্যায়ৰ আৰু মহান আল্লাহৰ সৈতে তেওঁৰ প্ৰিয় ৰাছুলৰ(ছাঃ) এক মধুৰ মিলনৰ মূহূৰ্ত।
মেৰাজৰ এই ঘটনাটো এনে এক সময়ত সংঘটিত হৈছিল যেতিয়া নবী কৰিম (ছাঃ) ব্যক্তিগত আৰু সামাজিকভাৱে সংকটৰ মাজেৰে পাৰ হৈছিল। তেখেতৰ আটাইতকৈ বিশ্বাসী পত্নী খাদিজা (ৰাঃ) আৰু তেখেতৰ ককাদেউতা আবু তালিবৰ মৃত্যুত শোকাতুৰ হৈ পৰিছিল। একে সময়তে মক্কাৰ কাফিৰসকলৰ অত্যাচাৰোসীমা অতিক্ৰম কৰিছিল।এনে এক দুঃসময়ত আল্লাহে তেওঁৰ প্ৰিয় বন্ধুক সান্ত্বনা দিবলৈ আৰু সৃষ্টিজগতৰ গোপন ৰহস্যসমূহ প্ৰত্যক্ষ কৰাবলৈ নিজৰ ওচৰলৈ নিমন্ত্ৰণ জনায়। সেই ৰাতি চাৰিজন বিখ্যাত ফেৰেস্তাৰ এজন জিব্ৰাইল (আঃ) সৈতে ‘বুৰাক’ নামৰ এক বিদ্যুৎগতিৰ বাহনত উঠি নবী (ছাঃ) এ প্ৰথমতে মছজিদুল আক্ছালৈ যায়, যিটো ভ্ৰমণক কোৰআনত ‘ইছৰা’ বুলি অভিহিত কৰা হৈছে। তাতে আদম (আঃ) ৰ পৰা ঈছা (আঃ) লৈকে পূৰ্বৰ সকলো নবীৰ নেতৃত্ব (ইমামতি)দি নামাজ আদায় কৰে, যিয়ে প্ৰমাণ কৰে যে তেখেত সকলো নবীৰ নেতা বা ইমামুল মুৰ্ছালিন।
মছজিদুল আক্ছাৰ পৰা মেৰাজৰ প্ৰকৃত যাত্ৰা অৰ্থাৎ উৰ্ধগমন আৰম্ভ হয়। নবী (ছাঃ) এ একেখন বাহনতে উঠি প্ৰতিখন আকাশ অতিক্ৰম কৰে আৰু তাত বিভিন্ন নবীসকলৰ সৈতে সাক্ষাৎ কৰে। প্ৰতিটো স্তৰতে তেওঁক উষ্ম আদৰণি জনোৱা হয়। যাত্ৰাৰ এক পৰ্যায়ত তেওঁক জান্নাতৰ সুখ আৰু জাহান্নামৰ ভয়াবহ শাস্তিৰ দৃশ্যসমূহ দেখুওৱা হয়, যাতে নিজৰ উম্মতক পৰকাল সম্পৰ্কে জ্ঞাত কৰিব পাৰে। অৱশেষত তেওঁ ‘ছিদৰাতুল মুনতাহা’ বা জগতৰ সীমা অতিক্ৰম কৰি আল্লাহৰ বিশেষ নুৰৰ পৰ্দাৰ আৰত উপস্থিত হয়। সেই ঠাইত জিব্ৰাইল (আঃ) ৰো প্ৰৱেশৰ অনুমতি নাছিল। তাতে নিভৃতত আল্লাহৰ সৈতে কথা পাতে আৰু আল্লাহৰ সান্নিধ্য লাভৰ সেই মূহূৰ্তত আল্লাহে তেওঁক মানৱজাতিৰ বাবে জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ হিচাপে নামাজ প্ৰদান কৰে।
প্ৰথম অৱস্থাত ৫০ ওয়াক্ত নামাজৰ আদেশ দিয়া হৈছিল যদিও নবী (ছাঃ) এ নিজৰ উম্মতৰ দুৰ্বলতাৰ কথা চিন্তা কৰি বাৰে বাৰে আল্লাহৰ ওচৰত আৰ্জি জনাইছিল। যাৰ ফলত আল্লাহে কৰুণাবশত সেয়া পাঁচ ওয়াক্তলৈ হ্ৰাস কৰে। কিন্তু দয়াময় আল্লাহে ঘোষণা কৰিলে যে যিজন ব্যক্তিয়ে এই পাঁচ ওয়াক্ত নামাজ সঠিকভাৱে পালন কৰিব, তেওঁৰ আমলনামাত ৫০ ওয়াক্তৰে ছোৱাব (পুণ্য) লিখা হ’ব। এই ঘটনাৰ পৰা নামাজৰ গুৰুত্ব যে অপৰিসীম তাকেই সূচায়। মেৰাজৰ পৰা উভতি অহাৰ পিছত যেতিয়া এই কথা মক্কাবাসীক জনায়, তেতিয়া বহুতেই কথাটো বিশ্বাস কৰা নাছিল।কিন্তু তেওঁৰ সত্যবাদিতাৰ বাবে হজৰত আবু বক্কৰ (ৰাঃ) এ বিনাদ্বিধাই এই কথা বিশ্বাস কৰিছিল । আবুবক্কৰ (ৰাঃ) ক ‘ছিদ্দিক’ অৰ্থাৎ বিশ্বাসী উপাধি দিয়া হৈছিল।
সামগ্ৰিকভাৱে শ্ববে মেৰাজ হ’ল ধৈৰ্য, বিশ্বাস আৰু আনুগত্যৰ এক মহৎ শিক্ষা। ই আমাক সোঁৱৰাই দিয়ে যে পৃথিৱীৰ যিকোনো কঠিন সময়ত আল্লাহৰ সহায় সদায় বিশ্বাসীসকলৰ লগত থাকে। এই নিশাটোৱে মুছলমান সমাজক নামাজৰ প্ৰতি আগ্ৰহী কৰি তোলে, কাৰণ নামাজ হ’ল বান্দা আৰু আল্লাহৰ মাজৰ সংযোগৰ এক মাধ্যম। সেয়েহে বিশ্বৰ মুছলমানসকলে এই নিশাত আল্লাহৰ জিকিৰ, তছবিহ আৰু নফল ইবাদতৰ মাজেৰে নিজৰ আত্মাক সংশোধন কৰাৰ প্ৰয়াস কৰে। মেৰাজৰ পৰা লাভ কৰা আধ্যাত্মিক শক্তি আৰু নৈতিক শিক্ষাই এজন মানুহক প্ৰকৃত মানৱীয়তাৰ পথত পৰিচালিত কৰাত সহায় কৰে।
শ্ববে মেৰাজ হ’ল বিশ্বাস আৰু আধ্যাত্মিকতাৰ মিলনভূমি। এই পৱিত্ৰ ৰাতি আমাক সোঁৱৰাই দিয়ে যে সৃষ্টিজগতৰ এজন মালিক আছে আৰু তেওঁৰ ওচৰলৈ যোৱাৰ সৰ্বোত্তম পথ হ’ল ইবাদত। বৰ্তমানৰ ব্যস্ত পৃথিৱীত মেৰাজৰ শিক্ষাই আমাক নামাজৰ প্ৰতি আৰু বেছি যত্নশীল হ’বলৈ আৰু নৈতিক চৰিত্ৰ গঠনত অনুপ্ৰাণিত কৰে।
