বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, ধেমাজীৰ ৰূপালী জয়ন্তী উদযাপন
উদয়ন চেতিয়া,ধেমাজি
বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, ধেমাজী কেৱল এখন শিক্ষানুষ্ঠান নহয়; ই হৈছে অগণন স্মৃতি, শিক্ষকৰ স্নেহ আৰু শিক্ষাৰ্থীৰ স্বপ্নেৰে ভৰপূৰ এক পৱিত্ৰ শিক্ষাক্ষেত্ৰ। বিদ্যালয়খনৰ এই সোণালী যাত্ৰাই আজি গৌৰৱেৰে পঁচিশ বছৰ অতিক্ৰম কৰিছে। ২০০০ চনত ধেমাজীৰ হাতীগড়ত স্থাপিত হোৱা বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, ধেমাজীয়ে স্থাপনকালৰ পৰা বৰ্তমানলৈকে পঢ়া-শুনাৰ লগতে সহ-পাঠ্যক্ৰমীয় কাৰ্যকলাপসমূহকো সমান গুৰুত্ব দি আহিছে।
শিক্ষাগত ক্ষেত্ৰত বিদ্যালয়খনে নিয়মিতভাৱে উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু একে সময়তে বিভিন্ন সহ-পাঠ্যক্ৰমীয় কাৰ্যকলাপসমূহতো উল্লেখযোগ্য সফলতা অৰ্জন কৰি আহিছে। নৈতিক মূল্যবোধ, শৃঙ্খলা আৰু স্বামী বিবেকানন্দৰ আদৰ্শেৰে অনুপ্ৰাণিত এই বিদ্যালয়ে সমাজলৈ দায়িত্বশীল নাগৰিক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
দশ বছৰ ধৰি এই বিদ্যালয়ত পঢ়া-শুনা কৰি অহা এজন প্ৰাক্তন শিক্ষাৰ্থী হিচাপে বিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ সংবাদে মনত এক বিশেষ আনন্দ, গৌৰৱ আৰু আবেগৰ অনুভূতি জাগ্ৰত কৰে। এইবাৰ বিদ্যালয়খনৰ পঁচিশ বছৰ সম্পূৰ্ণ হোৱাক লক্ষ্য ৰাখি বিদ্যালয়ৰ অধ্যক্ষকে ধৰি শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে মিলি ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰী, ২০২৬ লৈকে তিনিদিনীয়া ৰূপালী জয়ন্তী উদযাপন কৰে।
প্ৰতি বছৰে ১২ জানুৱাৰীত স্বামী বিবেকানন্দ জয়ন্তী পালন কৰাৰ পৰম্পৰাৰ লগতে এইবাৰ ৰূপালী জয়ন্তী উপলক্ষে বিদ্যালয়খনত নানা ধৰণৰ শিক্ষামূলক, সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানসমূহৰ মাজত ১১ জানুৱাৰীত অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সম্মিলন সভাই বিশেষ গুৰুত্ব লাভ কৰে। উক্ত অনুষ্ঠানত নাচ, গান, বক্তব্য আদিকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানটো সফল আৰু স্মৰণীয় কৰি তুলিবলৈ সক্ষম হয়।
