ডিব্ৰুগড়ৰ বানীপুৰ শাখা সাহিত্য সভা আৰু মহিলা সমিতিৰ উদ্যোগত শিল্পী দিৱস পালন

ডিব্ৰুগড়ৰ বানীপুৰ শাখা সাহিত্য সভা আৰু মহিলা সমিতিৰ উদ্যোগত শিল্পী দিৱস পালন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়ৰ বাণীপুৰ শাখা সাহিত্য সভা আৰু বাণীপুৰ মহিলা সমিতিৰ যুটীয়া উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয়। এই সভাত সভাপতিত্ব কৰে গুণকান্ত শইকীয়াই। সভাপতিসহিত বিশিষ্ট লোকসকলে আসন গ্ৰহণ কৰাৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখা সভাৰ সম্পাদিকা ড০ দিব্যজ্যোতি বৰাই। পৰৱৰ্তী কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন কৰা হয়। ৰূপকোঁৱৰ জ্যোতি প্রসাদ আগৰৱালা, ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তৰুণ কুমাৰ গগৈ, অমৃত কুমাৰ শইকীয়া, দীপক কুমাৰ দত্ত।ইন্দ্ৰ গগৈয়ে ৰূপকোঁৱৰৰ জীৱন আৰু কৰ্ম সম্পর্কে সাৰগৰ্ভ বক্তব্য আগবঢ়ায়।পৰৱৰ্তী কাৰ্যসূচীত বাণীপুৰ মহিলা সমিতিৰ সদস্যকলে সমবেত সংগীত,জ্যোতি সংগীত,কবিতা আবৃত্তি ,নৃত্য ইত্যাদি প্ৰদৰ্শন কৰে।বাণীপুৰ শাখা সাহিত্য সভাৰ সভাপতি অজয় কুমাৰ দত্তই জ্যোতিপ্রসাদ আগৰৱালাৰ জীৱন দৰ্শন সম্পর্কে আলোকপাত কৰি সকলোকে আপ্লুত কৰে।এই সভাতেই *স্বৰ্ণ শাখাৰ* মৰ্যাদা পাবলৈ গৈ থকা বাণীপুৰ শাখা সাহিত্য সভাৰ আজীৱন সদস্যসকলক *স্নেহপত্ৰ* প্ৰদান কৰা হয়। সম্পাদক ড০ দিব্যজ্যোতি বৰাই আগবঢ়োৱা কৃতজ্ঞতা জ্ঞাপনেৰে অনুষ্ঠানৰ সফল পৰিসমাপ্তি ঘটে। অনুষ্ঠানত তৰুন কুমাৰ গগৈ, ইন্দ্ৰ গগৈ, দীপক দত্ত, পদ্মা শইকীয়া খনিকৰ, অমৃত কুমাৰ শইকীয়া,বাণীপুৰ মহিলা সমিতিৰ সভানেত্রী হিৰণ্য দত্ত (ঊষা), বাণীপুৰ মহিলা সমিতিৰ সম্পাদিকা পূৰবী চাংমাই বৰুৱাসহিতে প্ৰায় শতাধিক ব্যক্তি উপস্থিত থাকি শিল্পী দিৱস উদযাপন সাফল্যমন্ডিত কৰি তোলে।