বিশ্বশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ – যমুনা দুলু বৈশ্য

বিশ্বশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ

 যমুনা দুলু বৈশ্য,শুৱালকুছি

বিশ্বশিল্পী
আলোকযাত্ৰাৰে
এন্ধাৰ নাশি ,
দি গ’লা বীৰত্বৰে ধৰণীত
পোহৰৰ জ্যোতি ।
হে ,মহানশিল্পী
সুন্দৰৰ পূজাৰী
অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ
ভেটি গঢ়ি—-
কবিতা ,নাটক ,প্ৰবন্ধ ,শিশুসাহিত্য
দি গ’লা –বহু অৱদান ।
হে যুগজয়ী ,
শিল্পী প্ৰণামিছো শতবাৰ
ৰূপান্তৰে গঢ়িলা
নতুন দৃষ্টিৰে
সুৰৰ ঝংকাৰ তুলি
সৃষ্টিৰ অপূৰ্ব সংগীত
বিশ্বজুৰিৰে নাৰাখিলা
জাতি ,ধৰ্ম উচ্চ নীচ
কোনো ভেদা-ভেদ ,
প্ৰতিজন জনতাৰ মাজত আদৰ্শ
হৈ ৰ’লা –তিনিওকালৰ
নসৃষ্টিৰ –অতীত ,বৰ্তমান ,ভৱিষ্যতৰ
প্ৰচাৰিত অৰুণ বাণী,
তোৰে মোৰে মুখৰিত দিশে
জগাই তুলিলা বিপ্লৱী প্ৰাণ ।