ৰাজ্য চৰকাৰৰ ২০২৬বৰ্ষৰ শিল্পী বঁটা ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা ঘোষণা।সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত এক সংবাদমেল সম্বোধন কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই শিল্পী বঁটাৰ লগতে নটসূৰ্য ফণী শৰ্মা বঁটা, বিজু ফুকন বঁটাকে ধৰি কেইবাটাও বঁটা ঘোষণা কৰে। বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকলৈ আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ ‘শিল্পী বঁটা’। অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া বঁটা প্রদান অনুষ্ঠানত দুয়োগৰাকীকে শিল্পী বঁটা প্ৰদান কৰা হ’ব। এই বৰ্ষৰ ‘শিল্পী বঁটা’ত বঁটাৰ সৈতে নগদ ২ লাখ টকা প্ৰদান কৰা হ’ব। বিশিষ্ট সাহিত্যিক মনেশ্বৰ বৰাক সন্মানীয় কৃষ্ণকান্ত সন্দিকৈ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বিশিষ্ট শিক্ষাবিদ ড° অমলেন্দু চক্রবতীক ২০২৫ বৰ্ষৰ গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা, বিশিষ্ট নাট্যশিল্পী কৰুণা ডেকাক ২০২৫ বৰ্ষৰ নটসূর্য ফণী শৰ্মা বঁটা, বিশিষ্ট চলচ্চিত্র নির্মাতা অৰূপ মান্নাক ২০২৫ বৰ্ষৰ ভবেন্দ্ৰনাথ শইকীয়া বঁটা আৰু অবনী ৰঞ্জন পাঠকক ২০২৫ বৰ্ষৰ বিজু ফুকন বঁটাৰে সন্মানিত কৰা হ’ব। চৰকাৰে বঁটাৰ লগতে শিল্পীসকলৰ কল্যাণৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত ১৭৬ গৰাকী শিল্পীক বছৰি ৮ হাজাৰ টকাকৈ বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰা হ’ব। এই সন্মানৰ বাবে নিৰ্বাচিত শিল্পীৰ ভিতৰত ৩ গৰাকী বিশেষভাৱে সক্ষম শিল্পী থাকিব। একেদৰে ৮৬ গৰাকী জ্যেষ্ঠ শিল্পীলৈ শিল্পী পেঞ্চন আগবঢ়োৱা হ’ব, ইয়াৰ ভিতৰত ৩গৰাকী বিশেষভাৱে সক্ষম শিল্পীও আছে। লগতে ২৬ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালক ফেমিলি পেঞ্চন দিয়া হ’ব। ইফালে ৫ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।
