অৱশেষত ড’নাল্ড ট্ৰাম্পে পালে শান্তিৰ নোবেল বঁটা

Pc Facebook

অৱশেষত ড’নাল্ড ট্ৰাম্পে পালে শান্তিৰ নোবেল বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে পালে শান্তিৰ নোবেল বঁটা ।নোবেল শান্তি পুৰস্কাৰৰ বাবে মার্কিন ৰাষ্ট্ৰপতিগৰাকীৰ যি হাবিয়াস আছিল, সেয়া তেওঁৰ নেৰানেপেৰা আগ্ৰহৰ বাবে যেন অৱশেষত লাভকৰিলে। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাছাডোৱে ২০২৫ বৰ্ষত যি শান্তিৰ নোবেল বঁটা লাভ কৰিছিল তাক তেওঁ ট্রাম্পৰ নামত উছর্গা কৰিছিল। বৃহস্পতিবাৰে হোৱাইট হাউছত ৰাষ্ট্ৰপতি ট্রাম্পক সাক্ষাৎ কৰি এই সন্মানীয় বঁটাটি তেওঁৰ হাতত তুলি দি যেন ‘ধন্য’ হয় ভেনিজুৱেলাৰ বিৰোধী নেত্ৰীগৰাকী। কি কাৰণে তেওঁ নিজে পোৱা নোবেল বঁটাটি ট্রাম্পক দি দিলে তাৰ ব্যাখ্যাও দিছে মাছাডোৱে। এই সন্দর্ভত তেওঁ কয় যে ভেনিজুৱেলালৈ ‘স্বাধীনতা’ ওভতাই অনাৰ সন্দৰ্ভত দিয়া প্রতিশ্রুতি ৰক্ষা কৰাৰ বাবেই তেওঁ এই বঁটাটি ট্রাম্পক দিয়াৰ সিদ্ধান্ত লয়। উল্লেখ্য যে কিছুদিন পূর্বে ভেনিজুৱেলাত অতর্কিতে অভিযান চলাই দেশখনৰ ৰাষ্ট্ৰপতি নিক’লাছ মাড়ুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি আমেৰিকালৈ লৈ যায় মার্কিন সেনাই। কঠোৰ মাড়ুৰো বিৰোধী হিচাপে পৰিচিত মাছাডোৱে এই ঘটনাটোকে দেশত স্বাধীনতা প্ৰতিষ্ঠাৰ সৈতে তুলনা কৰা যেন লাগে। বৃহস্পতিবাৰে হোৱাইট হাউছত ৰাষ্ট্ৰ পতি ট্রাম্পৰ সৈতে কেইবাঘণ্টা ধৰি আলোচনাত বহে মাছাডো। বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ট্রাম্পক ধন্যবাদ জনায়। মাছাডোৰ সৈতে বৈঠকৰ পিছত সামাজিক মাধ্যমত এটা পোষ্ট দিছে ট্রাম্পে।  উল্লেখ্য যে ৮ মাহত বিশ্বৰ বিভিন্ন প্রান্তত ৮খনকৈ যুদ্ধ ৰোধ কৰাৰ দাবী কৰিছিল মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। প্ৰতিখন যুদ্ধ ৰোধ কৰাৰ বাবে একোটাকৈ নোবেল বঁটা পোৱা উচিত আছিল বুলি দাবী কৰিছিল তেওঁ। প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাই নোবেল বঁটা পোৱাক লৈ কটাক্ষ কৰি ট্রাম্পে কৈছিল- ‘তেওঁ একোৱেই কৰা নাছিল।’ নোবেল শান্তি বঁটা ঘোষণাৰ পিছত এই বঁটা নোপোৱাক লৈ শেহতীয়াকৈ মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়-‘আমাক এই বঁটা নিদিয়াটো মূর্খামি।’ পিছে মাছাডো বা ট্রাম্পে বিচাৰিলেই বঁটা হস্তান্তৰ কৰাটো যে সম্ভৱ নহয়, তাক ইতিপূর্বেই স্পষ্ট কৰি দিছিল নোবেল কমিটীয়ে। জনা কথা যে শান্তি বঁটা কাৰো সৈতে ভাগ কৰা, প্রত্যাহাৰ কৰা বা স্থানান্তৰিত কৰা সম্ভৱ নহয়। নোবেল কমিটীৰ বিবৃতি অনুসৰি বঁটাপ্ৰাপকৰ নাম এবাৰ ঘোষণা হৈ গ’লে সেই সিদ্ধান্ত সর্বকালৰ বাবে বাহাল থাকে।