প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ মৌচন্দা পথাৰত উপস্থিত মন্ত্রী পীযূষ হাজৰিকা-কেশৱ মহন্ত

প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ মৌচন্দা পথাৰত উপস্থিত মন্ত্রী পীযূষ হাজৰিকা-কেশৱ মহন্ত

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ চিলাবন্ধা গাঁৱৰ মৌচন্দা পথাৰত অহা ১৮ জানুৱাৰীত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিবলগীয়া বিশাল জনসভাখনৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে।দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি বিজেপি মিত্ৰজোঁট চৰকাৰখনে বিশাল জনসভাখন সফল কৰিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। জানিব পৰা মতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বহুকেইটা উন্নয়নমূলক কামৰ উন্মোচন কৰাৰ লগতে কাজিৰঙাত প্রায় ৭ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষে প্রায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন বিশাল জনসভাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি কলিয়াবৰৰ মৌচন্দা পথাৰত এতিয়া যুদ্ধকালীন প্রস্তুতি। ৰাজ্যৰ মন্ত্ৰী-বিষয়াৰ পৰা মিত্রজোটৰ অগপ-বিজেপি দলৰ নেতা-কর্মীৰ দিবা-নৈশ ব্যস্ততা কলিয়াবৰত। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া জনসভাখনৰ প্ৰস্তুতিৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মৌচন্দা পথাৰ পৰিদৰ্শন কৰে। লগতে অসম চৰকাৰ মন্ত্ৰী পীযূষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, চামগুৰি সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী অসম গণ পৰিষদৰ নগাঁও জিলাৰ সভাপতি মণি মাধৱ মহন্ত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবিন্দ্ৰ ৰাজু, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং ভাৰতীয় জনতা পার্টী আৰু অসম গণ পৰিষদৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ লগতে প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত হৈ জনসভাখনৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ লোৱা পৰিলক্ষিত হৈছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব লগা উক্ত জনসভাখনত প্রায় ১ লাখ ৫০ হাজাৰ লোকৰ জনাসমাগম হ’ব বুলি উদ্যোক্তাসকলে আশা কৰিছে। উক্ত সভাখনৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে বুলি জানিব পৰা গৈছে। ১৮ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ’ব লগা জনসভাখনত ৰাইজৰ উপস্থিতি কামনা কৰিছে।