ঝাৰখণ্ডত জামুগুৰিহাটৰ কৈলাস নাথক নৃশংসভাৱে হত্যা দুর্বৃত্তৰ

ঝাৰখণ্ডত জামুগুৰিহাটৰ কৈলাস নাথক নৃশংসভাৱে হত্যা দুর্বৃত্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ  বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বামুনবাৰী সৰুফলীয়া গাঁৱৰ এজন যুৱকক বহিঃৰাজ্য ঝাৰখণ্ডত নৃশংসভাৱে হত্যা কৰা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।প্রাপ্ত তথ্যমতে বহিঃৰাজ্যত কৰ্মৰত কৈলাস নাথক ১২ জানুৱাৰীত দুর্বৃত্তই হত্যা কৰি পেলাই থৈছিল। উল্লেখ্য যে বহিঃৰাজ্যৰ কোম্পানীত ছিকিউৰিটী গার্ড হিচাপে কৰ্মৰত হৈ থকা কৈলাস নাথ ১১ জানুৱাৰীত মাঘ বিহু উপলক্ষে নিজ গৃহলৈ বুলি ৰে’লযোগে আহি থকাৰ সময়তে দুর্বৃত্তই হত্যা কৰি ঝাৰখণ্ডৰ ৰাজখাৰচোৱা নামৰ এটা ৰে’ল ষ্টেচনৰ কাষত পেলাই থোৱা অৱস্থাত স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰে। অৱশ্যে এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই যদিও পৰিয়ালৰ লোকে ৰে’লৰ ডবাৰ ভিতৰতে উক্ত দুর্বৃত্তৰ দলটোৰ লগত কোনো বিষয়ত কাজিয়াৰ সূত্রপাত হোৱাৰ ধাৰণা কৰিছে। কাৰণ সেই সময়তেই কৈলাস নাথে জ্যেষ্ঠ ভগ্নী আৰু ভিনিহিয়েকক ফোনযোগে তেওঁক দুর্বৃত্তই আক্ৰমণ কৰিবলৈ উদ্যত্ত হোৱাৰ বিষয়ে জনাইছিল যদিও পৰৱৰ্তী সময়ত কৈলাস নাথৰ লগত যোগাযোগো বিচ্ছিন্ন হৈ পৰিছিল। পৰিয়ালৰ লোকে হত্যাৰ বলি হোৱাৰ সন্দেহ কৰা কৈলাস নাথ নামৰ যুৱকগৰাকী বামুণবাৰী সৰুফলীয়া গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ নাথৰ কনিষ্ঠ পুত্র আছিল। স্থানীয় বিধায়কৰ জৰিয়তে মুখ্যমন্ত্ৰীক পৰিয়াল তথা গাঁওবাসীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি অনুৰোধ কৰাৰ লগতে দোষীক চিনাক্ত কৰি উচিত শাস্তি দিয়াৰো দাবী উত্থাপন কৰিছে। তথ্য অনুসৰি,বৰ্তমানেও যুৱকজনৰ মৃতদেহ ঝাৰখণ্ডতেই আছে। ঝাৰখণ্ডতে থকা যুৱকজনৰ মৃতদেহ জামুগুৰিহাটৰ ঘৰখনলৈ ঘূৰাই আনিবৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে দৰিদ্ৰ, দুৰ্ভগীয়া পৰিয়ালটোৱে।