৬৬.৭৫ শতাংশ হিন্দু ভোটাৰৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথম পছন্দ ড° হিমন্ত বিশ্ব শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত অসম বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী সকলোৰে মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ভোট ভাইবে প্রকাশ কৰা এক সমীক্ষাত অসমৰ ৰাজনীতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্রকাশ পাইছে। ভোট ভাইবৰ সমীক্ষা অনুসৰি, মুখ্যমন্ত্রী হিচাপে অসমৰ ৰাইজৰ প্ৰথম পছন্দ ড° হিমন্ত বিশ্ব শর্মা। ৬৬.৭৫ শতাংশ হিন্দু লোকেই মুখ্যমন্ত্রী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শৰ্মাক। লক্ষণীয়ভাৱে ভোট ভাইবৰ সমীক্ষাত মাত্র ২৫ শতাংশ লোকৰহে মুখ্যমন্ত্ৰীৰ পদত পছন্দৰ প্ৰাৰ্থী গৌৰৱ গগৈ। মন কৰিবলগীয়া যে সমীক্ষাটোত আন কেতবোৰ আকৰ্ষণীয় তথ্য প্রকাশ পাইছে। সেই অনুসৰি ৰাজ্যৰ ৬৩ শতাংশ অনুসূচিত জাতিৰ লোকে মুখ্যমন্ত্রী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শৰ্মাক। আনহাতে ৩০ শতাংশ অনুসূচিত জাতিৰ লোকে গৌৰৱ গগৈক মুখ্যমন্ত্রী হিচাপে বিচাৰে। একেদৰে অনুসূচিত জনজাতিৰ ৫৯ শতাংশ লোকে ড° শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে আৰু ৩৩ শতাংশ লোকে গৌৰৱ গগৈক মুখ্যমন্ত্রী হিচাপে বিচাৰে। ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক খিলঞ্জীয়া তথা হিন্দু লোকে ড° হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ বিপৰীতে কিন্তু ৭৯ শতাংশ মুছলমান লোকে গৌৰৱ গগৈক মুখ্যমন্ত্রী হিচাপে বিচাৰে। ইয়াৰে ১০ শতাংশ লোকেহে ড° শর্মাক মুখ্যমন্ত্রী হিচাপে বিচাৰে। সমীক্ষাটোত প্রকাশ হোৱা আন তথ্য অনুসৰি সৰ্বাধিক ৮৪ শতাংশ পুৰুষে গৌৰৱ গগৈক আৰু ৪২ শতাংশ পুৰুষে ড° হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। ইয়াৰ বিপৰীত তথ্য অনুসৰি সৰ্বাধিক ৫৫ শতাংশ মহিলাই ড° হিমন্ত বিশ্ব শৰ্মাক আৰু ৩৫ শতাংশ মহিলাই গৌৰৱ গগৈক মুখ্যমন্ত্রী হিচাপে বিচাৰে। অৱশ্যে ১৮ৰ পৰা ২৪ বছৰ বয়সৰ ভোটাৰৰ মাজত যথেষ্ট জনপ্রিয় গৌৰৱ গগৈ। ২৫ বছৰ বয়সৰ পৰা ৫৫ বছৰৰ ওপৰৰ সকলো বয়সৰ লোকৰ মাজত জনপ্রিয়তা বৃদ্ধি ড° হিমন্ত বিশ্ব শৰ্মাৰ। অ’বিচি লোকৰ মাজত ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্রিয়তা ৭১ শতাংশ হোৱাৰ বিপৰীতে গৌৰৱ গগৈৰ জনপ্রিয়তা মাত্র ১৮ শতাংশহে। ভোট ভাইবে নিজৰ ষ্টেট ভাইব ছিৰিজত প্ৰকাশ কৰা সমীক্ষাত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বৰ্তমানৰ ৰাজনৈতিক নেতাসকলৰ জনপ্রিয়তা তথা গ্রহণযোগ্যতা সন্দর্ভত প্রকাশ কৰা তথ্যত উল্লেখ কৰিছে যে চৰকাৰী কৰ্মদক্ষতাৰ ৰেটিং সমীক্ষা অনুসৰি ৫৮ শতাংশ লোকে বিগত ৫ বছৰত বৰ্তমানৰ চৰকাৰখনৰ কাম-কাজ উৎকৃষ্ট বা ভাল বুলি ৰেটিং দিছে। মাত্র ৩৮.১ শতাংশ লোকেহে চৰকাৰী কাম-কাজক গতানুগতিক বুলি ৰেটিং দিছে। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী হিচাপে কাক বিচাৰে, সেই প্রশ্নৰ সমীক্ষাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ৪৮.২ শতাংশ সমর্থনেৰে আগবাঢ়ি থকাৰ বিপৰীতে ৪২ শতাংশ লোকৰ সমৰ্থন লাভ কৰিছে গৌৰৱ গগৈয়ে।
