প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কেতিয়া ন্যায় পাব? – প্ৰাণজিৎ মজুমদাৰ

Pc NDTV

প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কেতিয়া ন্যায় পাব?

প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও

জুবিন গাৰ্গ , জুবিন গাৰ্গ আছিল এজন বিশাল মনৰ বিশেষ ব্যক্তি যিজন ব্যক্তিৰ নাছিল কোনো জাতি নাছিল কোনো ধৰ্ম। তেওঁ জীৱনত পাইছা ঘটা নাছিল ঘটিছিল মাথোঁ মানুহ। জুবিন গাৰ্গ যিজন ব্যক্তিৰ গান শুনি আমি সৰুৰ পৰা ডাঙৰ হৈছো মন বেয়া লাগিলে জুবিন গাৰ্গৰ গান শুনি মন জুৰ পেলাইছিলো সেইজন ব্যক্তি যে হঠাৎ আমাৰ মাজৰ পৰা নহোৱা হৈ যাব আমি কেতিয়াও কল্পনা কৰা নাছিলো। ১৯ ছেপ্টেম্বৰ, ২০২৫ চন আছিল অসমবাসীৰ বাবে এক অভিশপ্ত দিন। এই দিনটোতে আমি আমাৰ হিয়াৰ আমঠু সুৰৰ সম্ৰাট সংগীতৰ ৰজা জুবিন গাৰ্গক হেৰুৱাইছো। কিছুমান নৰপিশাসৰ চলনাৰ বলি হৈ অকালতে তেওঁ আমাৰ মাজৰ পৰা নহোৱা হৈ গ’ল। আজি প্ৰায় চাৰিমাহ পাৰ হল এতিয়াও ন্যায় পোৱা নাই প্ৰাণৰ শিল্পীগৰাকায়ে। কেতিয়া পাব ন্যায় প্ৰাণৰ শিল্পীগৰাকায়ে নে তেওঁৰ মৃত্যু এক ৰহস্য হৈ এ থাকিব। প্ৰাণৰ শিল্পীগৰাকাৰ গা বেয়া আছিল জানিও কিয় লৈ গৈছিল ছিংগাপুৰলৈ প্ৰকৃততে কি হৈছিল ১৯ ছেপ্টেম্বৰত তেওঁৰ লগত আমাক ইয়াৰ উত্তৰ লাগে। ইমান সহজ সৰল মানুহজনৰ লগত কিয় কৰিলে এনেকুৱা ভয়ংকৰ কাণ্ড কিয় তেওঁ মৃত্যু মুখত পৰিবলগীয়া হ’ল আমাৰ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে।