ঈশ্বৰৰ সন্ধানত
কবিতা শর্মা, নতুন দিল্লী
পৃথিৱীৰ আটাইতকৈ বেছি বিবাদীয় বিষয় সমূহ যদি চোৱা যায়, তেন্তে তাৰ ভিতৰত অতি চৰ্চিত বিষয় হৈছে- ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় বিবাদসমূহ । ঈশ্বৰৰ অস্তিত্ব এক চিৰন্তন দাৰ্শনিক প্রশ্ন, যাৰ উত্তৰ মানৱজাতিয়ে সৃষ্টিৰ আৰম্ভণিৰ পৰাই বিচাৰি আহিছে। পৃথিৱীৰ কিছুসংখ্যক লোকে বিশ্বাস কৰে যে, ঈশ্বৰৰ অস্তিত্ব আছে। তেওঁলোকে ঈশ্বৰক বিশ্বৰ সকলো জীৱ-নির্জীৱ পদাৰ্থ সমূহৰ পৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা আৰু সৰ্বশক্তিমান সত্তা হিচাপে বিবেচনা কৰে। আনহাতে কিছুসংখ্যকে ভাবে যে ঈশ্বৰ নামৰ এনে কোনো উচ্চতৰ সত্তা নাই। দৃষ্টি – শ্ৰৱণ- ঘ্রাণ-স্বাদ- স্পর্শজনিত আমাৰ ইন্দ্ৰিয়গ্রাহ্য অনুভৱৰ ভিত্তিত কোনো ৰূপ – ধ্বনি – আকাৰ -আকৃতি -সংস্পর্শ বা সংযোগৰ দ্বাৰা ঈশ্বৰৰ স্থিতি সাব্যস্ত কৰিব নোৱাৰি। “ঈশ্বৰ” যে আছে – ইয়াৰ কোনো ভৌত প্রমাণ নাই। ঈশ্বৰ আছে বা নাই দাবী কৰা বৈজ্ঞানিক নহয়। সেয়েহে ঈশ্বৰ আছে -এনে বা নাই এয়া আমি নিজেই বাচি লব লাগিব।
বিভিন্ন ধৰ্ম তথা ধৰ্মচাৰণ পদ্ধতি বোৰৰ সৃষ্টি হৈছে ঈশ্বৰক কেন্দ্ৰ কৰিয়েই। ভিন-ভিন ধৰ্মৰ লোকে ঈশ্বৰ, আল্লা, গড, নানক, বুদ্ধ আদি বিভিন্ন নামেৰে ঈশ্বৰৰ নামাকৰণ কৰিছে। ঈশ্বৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই ধৰ্মৰ মাজতো আকৌ বিশাল প্রার্থক্য দেখা যায়। এটা ধৰ্মৰ ঈশ্বৰে যদি কোৰৱানি কৰিলে সুখী হয়, আনটো ধর্মই আকৌ জীৱহত্যা মহাপাপ বুলি গন্য কৰে। এটা ধৰ্মৰ মতে যদি মূর্তি পূজা আৰু বলি বৈধ, আনটো ধৰ্মৰ বাবে সি মহা অপৰাধ। এটা ধৰ্মৰ বাবে যদি গোমাংস অখাদ্য বা পাপ, আন এটাৰ বাবে নহয়। তাৰোপৰি ঈশ্বৰৰ সৰ্বজন গ্রাহ্য সংজ্ঞা বিচাৰি ধৰ্ম গ্রন্থ সমূহলৈ চালেও পোৱা যায় স্ববিৰোধিতাৰে ভৰা নানানটা সংজ্ঞা। তথাপিও প্রায় ভাগ মানুহেই ঈশ্বৰৰ অস্তিত্বক আওকাণ কৰিব নোৱাৰে বা নোখোজে, কাৰণ সৰুৰে পৰাই আমাৰ ঘৰ আৰু শিক্ষা অনুষ্ঠান সমূহৰ পৰা আমাৰ মনত এনে কিছুমান ধাৰণা সোমাই গৈছে যে, তাৰ পৰা মুক্ত হোৱা আমাৰ কাৰণে প্ৰায় অসম্ভৱ। গতিকে বিশ্বাস আৰু যুক্তিৰ দোমোজাত বহুতৰে মনত ঈশ্বৰ সম্বন্ধে বহুতো প্ৰশ্নৰ অৱতাৰণা হয়। ঈশ্বৰক বিশ্বাস কৰা সকলৰ বাবেও কিন্তু বিশ্বাস কৰাটোৱেই যথেষ্ট নহয়। বৰং মানুহে কেনে ধৰণৰ মানসিকতা, উদ্দেশ্য, প্রবৃত্তি, উপলব্ধি, জ্ঞানেৰে ঈশ্বৰৰ ভাবমূৰ্তি মনলৈ আনে, শ্রদ্ধা ভক্তি কৰে, প্রার্থনা – উপাসনা কৰে, বিশ্বাস-নিৰ্ভৰ কৰে আদিহে গুৰুত্বপূৰ্ণ কথা। ঈশ্বৰে আমাৰ পৰা কি বিচাৰে বা নিবিচাৰে সেই উপলব্ধি নিৰ্ভৰ কৰিব- আমাৰ বৌদ্ধিক, নৈতিক, মানসিক, আনুভূতিক, সামাজিক, সাংস্কৃতিক, পাৰিবাৰিক, পাৰিপাৰ্শ্বিক অৱস্থা বা পর্যায়টোৰ ওপৰত । সজ উদ্দেশ্য আৰু আচৰণৰ জৰিয়তেহে ঈশ্বৰৰ মহত্ত্ব উপলব্ধি কৰিব পাৰি। প্ৰতিটো কামৰ ৰেহৰূপ অনুসৰি যথাবিহিত পৰিণাম যে অনিবার্য সেই কথা হৃদয়ংগম কৰিব নোৱাৰিলে ঈশ্বৰক বুজি পোৱাটোও সম্ভৱ নহয়। ঈশ্বৰ বিশ্বাসৰ কথাটো প্ৰকৃততে দুই প্ৰকাৰে চাব পাৰি –
১- ঈশ্বৰৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাস
২- ঈশ্বৰ বিশ্বাসক সমাজত এটা দস্তুৰ হিচাপে বৰ্তাই ৰখাটো ব্যক্তিগত আৰু সামাজিক শান্তি-শৃঙ্খলাৰ বাবে শুভদায়ক বুলি পোষিত বিশ্বাস ।
দুয়োটা প্ৰকাৰেই মানুহৰ ব্যক্তিগত আৰু সামাজিক চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি জীৱনৰ সাৰ্থকতা প্ৰদান কৰাত সহায় কৰে।
ঈশ্বৰ বিশ্বাস, ধৰ্ম আদিৰ কথা আহিলেই প্রায়েই উচ্চ শিক্ষাগত অর্হতা থকা বা উচ্চ ডিগ্রীধাৰী মানুহৰ বিশ্বাসক দৃঢ়তাৰে প্ৰতিষ্ঠা কৰা দেখা যায়। কিন্তু শিক্ষাগত অর্হতাৰ লগত মানুহ এজনৰ চিন্তাধাৰাৰ মানসিকতা সদায়েই সমানুপাতিক নহবও পাৰে। এজন উচ্চশিক্ষিত মানুহতকৈ এজন অশিক্ষিত বা তুলনামূলক ভাবে কম শিক্ষিত মানুহ এজনেও কেতিয়াবা ভাল চিন্তা, ভাল আদৰ্শ দেখুৱাব পাৰে। আনহাতে কিছু সংখ্যক লোকৰ ধাৰণা অনুযায়ী ঈশ্বৰ বা ধৰ্ম নমনা লোক মানেই উশৃঙ্খল, অহংকাৰী, নৈতিকতা বিহীন অমানৱো নহয়। নৈতিকতা, ধর্ম আৰু ঈশ্বৰ বিশ্বাসক সানমিহলি কৰিলে এনে প্ৰশ্নৰ অৱতাৰণা হোৱাটো স্বাভাবিক কথা। ঈশ্বৰ বা ধৰ্মৰ ভয় দেখুৱাই নৈতিকতাৰ শিক্ষা দিয়াতো, অবৈজ্ঞানিক ধাৰণা। নৈতিকতা ঈশ্বৰ বিশ্বাস বা ঈশ্বৰ কেন্দ্ৰিক কোনো ধৰ্মচাৰণ নহয়। নৈতিকতাৰ অৰ্থ পুৱা-গধুলী ঈশ্বৰৰ গুণানুকীৰ্তন কৰাও নহয় । নৈতিকতা মন্দিৰ- মছজিদ- গীর্জা -গুৰুদ্বাৰা দৰ্শন কৰাও নহয়। নৈতিকতা কোনো বিশেষ ধৰ্মৰ আচাৰ – অনুষ্ঠানত আস্থা ৰখা গদগদ ভক্তিও নহয়। কাৰো অপকাৰ নকৰাকৈ নিজৰ লগতে সমাজৰ সুবিধা হোৱাকৈ কিছু সাধাৰণ নীতি নিয়ম, উচ্চ-নীচ, ধনী-দুখীয়া আৰু সকলো জাতি – ধৰ্মৰ মানুহকে সমান মানৱীয় দৃষ্টিৰে চাব পৰাটোৱেই হৈছে নৈতিকতা। নিজৰ স্বাৰ্থৰ বাবে জীৱ-জন্তু, গছ-গছনি বা সমাজখনৰ কাৰো অপকাৰ নকৰো বুলি হৃদয়ত হোৱা উপলব্ধিৰ নামেই নৈতিকতা। এনে ন্যূনতম নৈতিকতা আনকি পশু-পক্ষীৰ মাজতো বিদ্যমান। মানুহৰ প্ৰবৃত্তিৰ প্রভাব পৰা কাৰণে ইতিবাচক দিশত উৎকৰ্ষণৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও যথোচিত উৎকৰ্ষণৰ ধাৰাটো ব্যহত হৈ কেতিয়াবা সমাজৰ বাবে হিতকৰ হৈ উঠা একোটা তত্ত্ব বা আদর্শও আন এটা সময়ত সমস্যা বহুল হৈ পৰে। পূৰ্বজ মনিষীসকলে “ ঈশ্বৰ ” কেন্দ্ৰিক ধাৰণাটো মানুহৰ অকল্যাণ উদ্দেশ্যে উদ্ভৱ নকৰিলেও মানুহৰ ভিন্ -ভিন্ প্ৰবৃত্তিৰ প্ৰভাব পৰি ঈশ্বৰৰ নামত কল্যাণ -অকল্যাণ দুয়োটাই সম্ভৱ হৈ উঠে।
এতিয়া প্রশ্ন হ’ল সকলোৰে কল্যাণৰ বাবে ঈশ্বৰৰ সন্ধান আমি কেনেকৈ কৰিম? মানুহ আৰু প্ৰকৃতিক উপেক্ষা কৰি মন্দিৰ, গীর্জা, মছজিদ বা গুৰুদ্বাৰাত ঈশ্বৰ বিচাৰিলে ঈশ্বৰে জানো আমাক সহায় কৰিব? বুকুৰ মাজত নিষ্ঠুৰতাক আগস্থান দি কেতিয়াও ঈশ্বৰক আহ্বান কৰিব নোৱাৰি। কোনোটো ধৰ্মৰ কোনো ৰীতি – নীতিয়ে আমাক নিষ্ঠুৰ হবলৈ নিশিকায়। গীতা,বাইবেল, কোৰান বা গুৰুগ্ৰণ্ঠ চাহিব, কোনো এখন ধর্মগ্রন্থই আমাক প্ৰেৰণা নিদিয়ে নিষ্ঠুৰ হবলৈ। সকলো ধর্মই প্রকৃতি, মানুহ আৰু মানৱতাক সবাতোকৈ ওপৰত ৰাখিছে। ধৰ্মৰ নামত ছাৰিওফালে ইমান পূজা -অর্চনা, দান-দক্ষিণা, যাগ-যজ্ঞ, বলি -কোৰৱানি … মন্দিৰ, মছজিদ, গীর্জা, গুৰুদ্বাৰা সকলোতে মানুহৰ ইমান ভিৰ … কিন্তু মানৱতা ক’ত? চিগনেলত ৰৈ ফটা কাপোৰ পিন্ধি খালী ভৰিৰে ভিক্ষা খুজি ফুৰা শিশু এটাই নাজানে মন্দিৰ কি, মছজিদ কি, ধর্মই বা কি। সিহঁতৰ বাবে ধৰ্মৰ অর্থ কেবল মাত্র এমুঠি অন্ন। আমাৰ সমাজত শিলৰ মূৰ্তিৰ সন্মুখত দিয়া হয় পৰমান্ন ভোগ। কিন্তু ভোকাতুৰ – নগ্ন মানুহ শুই থাকে পদপথত। গছ-গছনি, পাহাৰ কাটি, নৈ – বিল – খাল আৱৰ্জনাৰে পুতি, অসহায় জীৱ-জন্তু আৰু আৰ্তজনৰ প্ৰতি অলপো সহানুভূতি আৰু মানৱতাবোধৰ নিদর্শন নেদেখুৱাই আজি আমি কোনদিশে গতি কৰিছোঁ? ঈশ্বৰক কাৰো সহায়ৰ প্রয়োজন নাই। কিন্তু অসহায় জীৱজন্তু বা বিপদগ্রস্ত মানুহক সহায়ৰ প্ৰয়োজন আছে। গাখীৰ ঈশ্বৰে নাখায়, ৰাস্তাত পৰি থকা অজস্ৰ নিঃসহায় শিশুৰহে প্ৰয়োজন। ঈশ্বৰক – কৌটি -কৌটি টকাৰো প্ৰয়োজন নাই। সকলোৰে বাঃ-বাঃ লবলৈ অপ্রয়োজনীয় দান – দক্ষিণা কৰাটো সঠিক হব নোৱাৰে। বৰ্তমান মানৱতা ক্রমান্বয়ে দুর্লভৰ পৰা দুৰ্লভতৰ হব ধৰিছে। আমাৰ দেশ সর্ববৃহৎ গণতান্ত্রিক দেশ কিন্তু দুর্ভাগ্য বশতঃ আমাৰ দেশত হিন্দু, মুছলমান, খ্রীষ্টিয়ান বা শিখৰহে জন্ম হয়, জন্ম নহয় কেবল মানুহৰ। এয়া আজি আৰু কেৱল কোনো এখন ৰাজ্য বা দেশৰ কথা হৈ থকা নাই, বর্তমান এয়া গোটেই পৃথিৱীখনৰে মানসিকতাৰ কথা হৈ পৰিছে ! আমেৰিকা, চিৰিয়া, ৰাছিয়া, ইউক্রেইন, চীন, জাপান, কোৰিয়াৰ পৰা আৰম্ভ কৰি আমাৰ ভাৰত বৰ্ষলৈ -সকলোতে মানুহৰ নিষ্ঠুৰতাৰ একেই ৰূপ। ধৰ্মৰ কথা কলেই বিতৰ্কৰ সৃষ্টি হয়। কিন্তু এয়া কোনো নির্দিষ্ট দেশ, ধর্ম বা জাতিৰ কথা নহয়। প্রচলিত ব্যৱস্থা আৰু বিশ্বাসে ঘৃণাক প্ৰেমলৈ ৰূপান্তৰ কৰাত বাৰুকৈয়ে ব্যর্থ হৈছে। প্ৰকৃতি আৰু মানুহৰ মাজত ঈশ্বৰক নিবিচাৰি ঈশ্বৰক মন্দিৰ, মছজিদ বা গীৰ্জাঘৰত বিচৰাৰ পৰম্পৰাই মানৱ জাতিলৈ ভয়ঙ্কৰ ক্ষতি নমাই আনিছে।
এখন ঘৰৰ নিৰ্মাণৰ সকলো কাৰ্য্য সম্পূৰ্ণ হৈ উঠাৰ পাছতো ঘৰখনক ভালে ৰাখিবলৈ যেনেকৈ তাৰ তদাৰক কৰাৰ প্ৰয়োজন ঠিক তেনেকৈয়ে পৰিপক্ক হবলৈ আৰু আমাৰ আধ্যাত্মিকতা বজাই ৰাখিবলৈ আটাইতকৈ যদি কিবা প্রয়োজনীয় বিষয় আছে সেয়া হৈছে – প্রেম। ঈশ্বৰৰ প্ৰতি, মানুহৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি, আমাৰ প্ৰেম গভীৰ কৰাৰ প্ৰয়োজন। যদি আমাৰ মাজত প্রেম নাই, আমাৰ সকলো জ্ঞান, সকলো কার্য্য মূল্যহীন হৈ পৰিব। কেৱল মাত্ৰ প্ৰেমৰ যোগেদিহে আমি আধ্যাত্মিক ভাবে পৰিপক্ক হবলৈ আৰু ঈশ্বৰৰ সৈতে সম্পৰ্ক দৃঢ় কৰিবলৈ সক্ষম হম।
প্ৰকৃতি আৰু মানুহৰ মাজতেই যে ঈশ্বৰ এই কথা আমি সকলোৱে জানোঁ, কিন্তু সেই কথা মানি লব নিবিচাৰোঁ। ঈশ্বৰক মন্দিৰ, মছজিদ, গীর্জা বা গুৰুদ্বাৰাত বিচাৰিবলৈ এৰি আমাৰ সকলোৰে হৃদয়তে যে ঈশ্বৰ বাস কৰে সেই কথা আমি যিদিনাই ভাবিবলৈ আৰম্ভ কৰিম, যিদিনাই আমাৰ সদিচ্ছাক কার্য্যলৈ ৰূপান্তৰ কৰিবৰ প্ৰয়াস কৰিম, সিদিনাৰ পৰাই হয়তো অহা জনমত পাম বুলি সপোন দেখি থকা সৰগ খন আমি এই ধৰাৰ বুকুত এই জনমতে পাম ।
