২০৪৭-৪৮ বিত্তীয় বর্ষত ২৬ লাখ কোটি ডলাৰৰ অর্থনীতিৰ দেশ হ’ব ভাৰত

Pc ET CFO

২০৪৭-৪৮ বিত্তীয় বর্ষত ২৬ লাখ কোটি ডলাৰৰ অর্থনীতিৰ দেশ হ’ব ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বৰ বহু ৰাষ্ট্ৰৰ তুলনাত ভাৰতৰ অর্থনীতি দ্রুত বিকাশৰ দিশে আগবাঢ়িছে । নৱবৰ্ষৰ আৰম্ভণিতেই ব্রিটিছ সংস্থা আর্নষ্ট এণ্ড ইয়ঙৰ প্ৰতিবেদনত বিকাশ বৃদ্ধিৰ সূচকৰ পূর্বাভাস। শেহতীয়াকৈ সংস্থাটোৱে প্ৰকাশ কৰা এক প্রতিবেদনত স্পষ্টভাবে কোৱা হৈছে- স্বাধীনতাৰ ১০০ বছৰত অৰ্থাৎ ২০৪৭-৪৮ বিত্তীয় বর্ষত ২৬ লাখ কোটি ডলাৰৰ অর্থনীতিৰ দেশ হ’ব ভাৰত। এনে ঐতিহাসিক সাফল্য অর্জন কৰিবলৈ ধীৰে ধীৰে আগবাঢ়িছে নতুন দিল্লী। প্রতিবেদনখনত দাবী কৰা মতে, বছৰি গড়ে ৬ শতাংশ বৃদ্ধিৰ হাৰ অব্যাহত থাকিলেও ভাৰতে ২৬ লাখ কোটি – ডলাৰৰ অৰ্থনীতিত উপনীত হ’ব পাৰিব। আৰ্থিক বৃদ্ধিৰ সূচক উর্ধ্বমুখী হোৱাৰ সমান্তৰালভাৱে বাঢ়িব জনমূৰি আয়ো। যিটো একেকোবে ১৫ হাজাৰ ডলাৰ বা তাতকৈও বেছি হ’ব পাৰে। সেই সম্ভাব্য বর্ধিত জনমূৰি আয় হ’ব বৰ্তমানৰ হাৰতকৈ প্রায় ৬গুণ। আর্নছ এণ্ড ইয়ঙে আন এক গুৰুত্বপূৰ্ণ বিষয় প্রতিবেদনখনত উল্লেখ কৰিছে। সেই অনুসৰি ২০৩০ চনৰ ভিতৰতে চীন আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ পাছত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিত পৰিণত হ’ব ভাৰত। বৰ্তমানৰ অৱস্থা অক্ষুণ্ণ ৰাখিব পাৰিলে অচিৰেই জার্মানীক চেৰাই ভাৰতে এই স্থান লাভ কৰিব। চলিত বিত্তীয় বর্ষ অৰ্থাৎ ২০২৫-২৬ৰ অন্তত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) হ’বগৈ প্রায় ৪.১-৪.৩ লাখ কোটি ডলাৰ। যিটো বিগত ১০ বছৰৰ তুলনাত প্রায় দুগুণ। ২০১৫ চনত ভাৰতৰ জিডিপি আছিল ২.১ লাখ কোটি ডলাৰ। লক্ষণীয়ভাৱে ভাৰতীয় অর্থনীতিত এনে ইতিবাচক অৱস্থাৰ কথা আন্তর্জাতিক মুদ্রা ” ভাণ্ডাৰ (আইএমএফ) য়েও স্বীকাৰ কৰিছে। বিভিন্ন প্রতিবন্ধকতা সত্ত্বেও ভাৰতৰ বিকাশৰ বৃদ্ধিৰ সূচক ৬.৫ শতাংশতকৈ অৱনমিত নহয় বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আইএমএফৰ তৰফৰ পৰা। বিগত বর্ষতেই জাপানক চেৰ পেলাই বিশ্ব অর্থনীতিৰ ক্ৰম তালিকাত চতুর্থ স্থানলৈ উন্নতি ঘটে ভাৰতৰ। আইএমএফৰ অনুমান- ২০২৮ চনৰ ভিতৰত বিকাশৰ বৃদ্ধিৰ এই দৌৰত পিছ পৰিব সম্প্রতি ৩ নম্বৰত থকা জার্মানীও। উল্লেখ্য যে বিগত বৰ্ষৰ এপ্রিল মাহত ‘পাৰস্পৰিক শুল্কনীতি’ কাৰ্যকৰী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। আমেৰিকাৰ এই সিদ্ধান্তৰ পিছত কাৰ্যতঃ ৱাম্বিংটনৰ শুল্কবাণৰ সন্মুখীন হ’বলগীয়া হয় নতুন দিল্লী। কিন্তু আশংকা কৰাৰ দৰে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ এই সিদ্ধান্তই ভাৰতীয় অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পৰা নাই। চৰকাৰী তথ্যতে ইয়াৰ প্ৰমাণ স্পষ্ট হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রৈমাসিক অর্থাৎ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত জিডিপি বৃদ্ধিৰ হাৰ আছিল ৮.২ শতাংশ। যিটো যিকোনো বিত্তীয় বিশেষজ্ঞ বা প্রতিষ্ঠানে অনুমান কৰাতকৈও বহু বেছি।