বিধানসভা নিৰ্বাচনৰ বাবে ৰাজীৱ ভৱনত তৎপৰতা
১০০টা সমষ্টিৰ বাবে ৫০০জনে সংগ্ৰহ কৰিলে আবেদন পত্ৰ, ৫জনে দাখিল কৰিলে আবেদন
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৰাজীৱ ভৱনত ইতিমধ্যে আৰম্ভ হৈছে। মুকলি কৰি দিয়া আবেদনপত্ৰ www.apcc.assam.org ৱেবছাইটযোগে প্ৰায় ৫ শতাধিক প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে সংগ্ৰহ কৰিছে আৰু ৫জন আবেদনকাৰীয়ে ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিছে। প্ৰাৰ্থীসকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীলৈ সাহায্য হিচাপে ডিমাণ্ড ড্ৰাফটযোগে ৫০,০০০কৈ টকাও জমা দিছে। এই প্ৰাৰ্থীসকলৰ ভিতৰত টিংখং সমষ্টিৰ বাবে আবেদন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ে। ডিগবৈ সমষ্টিৰ বাবে আবেদন কৰিছে গুণকান্ত গগৈয়ে। জোনাই বিধানসভা সমষ্টিৰ বাবে ৰঞ্জিতা পেগু, ধুবুৰী বিধানসভা সমষ্টিৰ বাবে আবু তাহেৰ আলী বেপাৰী আৰু গোৱালপাৰা পূৱ সমষ্টিৰ বাবে আমানুল ইছলামে আবেদন পত্ৰ জমা দিছে। আবেদন পত্ৰ জমা দিয়াৰ প্ৰথম দিন হিচাপে ৫খন আবেদন ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ হেমহৰি পেগুৱে প্ৰাপ্তি স্বীকাৰ কৰিছে। অহা ২০ জানুৱাৰীলৈকে আবেদন পত্ৰ জমা দিব পাৰিব বুলি জানিবলৈ দিয়ে৷
