তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা ভ্ৰমণ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ
ডিগবৈৰ হলংহাবি চাহ বাগিচাত স্বাস্থ্যৱান শ্রমিক যোজন’ শীর্ষক এখন অভিলাষী আঁচনি উদ্বোধন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা ভ্ৰমন কৰে। মন্ত্ৰী গৰাকীয়ে পুৱা তিনিচুকীয়া জিলাৰ ডিগবৈৰ হলংহাবি চাহ বাগিচাত স্বাস্থ্যৱান শ্রমিক যোজন’ শীর্ষক এখন অভিলাষী আঁচনি উদ্বোধন কৰে। চাহ বাগিচা অঞ্চলত বসবাস কৰা জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ লগতে সুলভ আৰু মানসম্পন্ন স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ‘স্বাস্থ্যৱান শ্রমিক যোজনা’ শীর্ষক এখন অভিলাষী আঁচনি খন উদ্বোধন কৰি কয় যে, এই আঁচনিখনৰ জৰিয়তে চাহ শ্রমিক সমাজৰ কল্যানৰ বাবে ইয়াক এক শক্তিশালী ব্যৱস্থা বুলি অভিহিত কৰে।বেমাৰ প্ৰতিকাৰৰ একমাত্র পথ হৈছে সুখ আৰু শৃংখলিত জীবন যাপন। ৰোগৰ চিকিৎসাতকৈ নিৰোগী হৈ থকাটো বেছি গুৰুত্বপূর্ণ।স্বাস্থ্যবান বক্তি সমাজৰ সম্পদ। সেইবাবে আমি শাৰীৰিক ভাবে সক্ৰিয় হৈ থাকিব লাগিব। স্বাস্থ্যবান হৈ থাকিলেহে অসমৰ মানুহ অৰ্থনৈতিক ভাবে শক্তিশালী হৈ থাকিব লাগিব। সেয়েহে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাবে এঘন্টা সময় আছুতীয়াকৈ ৰাখি যোগাভ্যাস, খোজ কঢ়া বা আন শাৰীৰিক অনুশীলনৰ অভ্যাস গঢ়ি তুলিবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনাই। ইয়াৰপিছত, ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত ফিল’বাৰীৰ চিকৰাজান ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে।এই দুইটা অনুষ্ঠানত ডিগবৈ বিধান সভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন, মৰাণ স্বায়ত্বশাসিত পৰিশদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।ইয়াৰ পিছতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংহলে প জয়পুৰত উপস্থিত হৈ জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ নৱ-নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে । ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক শ্ৰী তৰংগ গগৈৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত এই নৱনিৰ্মিত ভৱনৰ উদ্বোধন কৰে মন্ত্ৰী শ্ৰী অশোক সিংহলে। ১,১৬,১৯,২৯০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনত ২ টা এল ডি আৰ ৰুম, পর্যবেক্ষণ কক্ষ, শিশু যতন কেন্দ্র, অস্ত্রোপচাৰ কক্ষ, শিশুক দুগ্ধপান কক্ষ, পৰীক্ষাগাৰ, আল্ট্রাছাউণ্ড কক্ষ, ৩ টা অ’ পি ডি ৰুম, জৰুৰীকালীন ৱার্ড, নাৰ্ছৰ বাবে কক্ষ, এক্স-ৰে কক্ষ, ষ্ট’ৰ ৰুমকে ধৰি সকলো ধৰণৰ সুবিধা উপলব্ধ থাকিব।আনহাতে, জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধনৰ পিছতে মন্ত্ৰী গৰাকীয়ে , সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈৰ উপস্থিতিত নাহৰকটীয়া সমজিলা চিকিৎসালয় ( নাহৰকটীয়া মহকুমা অসামৰিক চিকিৎসালয়) ত ৪ খন বিচনাৰ ডায়েলাইছিচ কেন্দ্রৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ বাবে উৎসর্গা কৰে ।আজিৰ এই দুয়োটা অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ,অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব ডঃ প্ৰণতি গগৈ, নাহৰকটীয়া সমজিলা আয়ুক্ত বিৰাজ বৰুৱা, অসম গেছ কোম্পানী লিমিটেডৰ উপধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাৰ লগতে জিলা খনৰ স্বাস্থ্য বিভাগৰ আন শীৰ্ষ বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মুখ্য কাৰ্যালয় আৰু ডিব্ৰুগড় গোটৰ বিষয়া- কৰ্মচাৰীৰ লগতে জয়পুৰ আৰু নাহৰকটীয়াৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত স্হানীয় গণ্য মান্য ব্যক্তি,উভয় চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, চিকিৎসা কৰ্মী আৰু ৰাইজ উপস্থিত থাকে।
