অসম গ্ৰন্থমেলা , গুৱাহাটীত যুৱ লেখক সন্মিলন

অসম গ্ৰন্থমেলা , গুৱাহাটীত যুৱ লেখক সন্মিলন
নিজস্ব চিন্তা নিজস্ব কলা নাথাকিলে পৰিচয় ক’তঃ মনোজ কুমাৰ গোস্বামী
কবি অজিৎ বৰুৱালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি
অসমীয়া কবিতাক নতুন নিৰ্মিতি দিছিল অজিত বৰুৱাইঃ ড° আনন্দ বৰমুদৈ

ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক্ৰেতা-পঢ়ুৱৈৰ সমাগম ৷ শীতৰ ঋতুত কিতাপৰ সুবাস-সান্নিধ্যই উমাল কৰি তোলা গ্ৰন্থমেলাৰ বাকৰিত প্ৰতিদিনে পৰিলক্ষিত হৈছে লেখক-পাঠকৰ ভিন্নসুৰী আড্ডা-অনুষ্ঠান ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসমৰ ৭খন চহৰত সফলতাৰে অসম গ্ৰন্থমেলা আয়োজনৰ পাছত যোৱা ২৪ ডিচেম্বৰৰ পৰা ৰাজধানী মহানগৰ গুৱাহাটীত এলানি বৰ্ণিল কাৰ্যসূচীৰে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত আজি বিয়লি ১২ বজাত অনুষ্ঠিত কৰা হয় যুৱ লেখক সন্মিলন ৷ “উন্মীলন” শীৰ্ষক এই আকৰ্ষণীয় অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট কথা-শিল্পী, সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে বিশ্ব প্ৰসিদ্ধ কবি জন কীট্‌ছে ২৫ বছৰ বয়সত আৰু শ্বেলীয়ে ২৯ বছৰ বয়সত মৃত্যুৱৰণ কৰিছিল ৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনতো এনে উদাহৰণ আছে ৷ সেয়ে ক’ব পাৰি বয়সে সাহিত্যক উত্তীৰ্ণ নকৰে ৷ কৰে প্ৰতিভা আৰু সাধনাই ৷ পুৰষ্কাৰ বা স্বীকৃতিয়ে উৎসাহ দিব পাৰে সঁচা; কিন্তু নিজৰ উত্তৰণ নিজে ঘটাবই লাগিব ৷ এয়া সম্ভৱ সততা পূৰ্ণ সাধনা, অধ্যয়ন আৰু পৰ্যবেক্ষণৰ জৰিয়তে ৷ বহুতে ভাষা-সাহিত্যৰ ভৱিষ্যতক লৈ সন্দেহ প্ৰকাশ কৰাৰ সময়তো নতুন প্ৰজন্মৰ এচামে লিখি আছে ৷ এয়াই আমাৰ বাবে আস্থাৰ কাৰণ ৷ আজিকালি গুগলেই শিক্ষক গুগলেই জ্ঞান ভাণ্ডাৰ বুলি উল্লেখ কৰি তেওঁ কয়—“প্ৰযুক্তিৰ ওচৰত হাৰি গ’লে নহ’ব ৷ নতুনত্ব থাকিব লাগিব সৃষ্টিতো আৰু সমালোচনাতো ৷ নহ’লে সাহিত্যৰ উত্তৰণ নঘটিব ৷ প্ৰতিষ্ঠিত বা জ্যেষ্ঠসকলেও নতুন সকলক আকৰ্ষণ কৰিব লাগিব নতুন চিন্তাৰে ৷ ভাৰতবৰ্ষ আৰ্যভট্ট, কালিদাস, ৰবীন্দ্ৰনাথৰ দেশ ৷ কিন্তু এতিয়া ভাৰতবৰ্ষত সৃজনশীলীতা নোহোৱা বুলি অভিযোগ উত্থাপিত হয় ৷ ইয়াৰ কাৰণ কি সেয়া ভাবি উলিয়াবৰ হ’ল ৷ নিজস্ব চিন্তা নিজস্ব কলা নাথাকিলে পৰিচয় ক’ত ? ভাৰতত সৃষ্টিশীল সাহিত্যৰ বজাৰ বেয়া হোৱা বুলি চৰ্চা চলিছে ৷ সাহিত্য মূলত এক পণ্য ৷ গতিকে বজাৰো লাগিব। ইয়াৰ বাব আমি নিজকে উত্তৰিত কৰিব লাগিব ৷ অন্যথা প্ৰযুক্তিৰ ওযৰত হাৰি যাব লাগিব ৷” তেওঁ পুনৰ কয় যে অসমীয়া ভাষাৰ তুলনাত বহু কম মানুহৰ মাজত প্ৰচলিত ভাষাৰ সাহিত্যও নোবেল বঁটাৰে ধন্য হৈছে ৷ গতিকে অসমীয়া সাহিত্যকো সেই পৰ্যায়লৈ নিবৰ বাবে যুৱ লেখকসকল দায়ৱদ্ধ হ’ব লাগিব ৷ এই অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে জৰ্জিয়া ইউনিভাৰ্চিটিৰ অধ্যাপক, জনপ্ৰিয় অনুবাদক, ঔপন্যাসিক আৰুণি কাশ্যপ ৷ তেওঁ বক্তব্যত এইবুলি কয়——“ ভালপোৱা কামবোৰ নিৰ্বিঘ্নে কৰিব পৰাৰ স্বাধীনতা লাগে ৷ অৰ্থাৎ চিন্তা চৰ্চাৰ স্বাধীনতা থকাটো জৰুৰী ৷ তেতিয়াহে নতুন সকলে নিজক সাফল্যমণ্ডিত কৰিব পাৰিব ৷ সৃষ্টিৰ আধাৰ হ’ল চিন্তা ; বিশেষকৈ নতুন ধ্যান ধাৰণা ৷ এই ধ্যান ধাৰণাক আদৰিও ল’ব পাৰিব লাগিব ৷” তেওঁ লগতে কয় যে নতুন লেখক সকলক আগবঢ়াই নিয়াত সম্পাদক সকলৰ দায়িত্ব আছে ৷ নিৰ্মোহ আৰু দায়িত্বশীল সমালোচনাৰো প্ৰয়োজন আছে ৷ তেতিয়াহে আঁসোৱাহ বা অসম্পূৰ্ণতাৰ বিষয়ে লেখক অৱগত হ’ব পাৰে ৷ পৰৱৰ্তী সৃষ্টি উন্নত মানৰ কৰাৰ বাবে এয়া জৰুৰী ৷ তদুপৰি লেখাৰ জৰিয়তে সম্পাদক আৰু প্ৰকাশকৰ মনো লেখকে পুলকিত কৰিব পাৰিব লাগিব বুলি সদৰী কৰি তেওঁ কয় যে এই দায়িত্ব কিন্তু লেখক সকলৰ ৷ বিশেষকৈ যুৱ-লেখক সকলে এই কথা সদায়ে মনত ৰাখিব লাগিব ৷ “উন্মীলন” অনুষ্ঠানত অংশগ্ৰহণ কৰি এইবাৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা লাভ কৰা ঔপন্যাসিক ড° দীপক কুমাৰ বৰকাকতীয়ে যুৱ লেখকসকলক উদ্দেশি শুভেচ্ছামূলক বক্তব্য আগবঢ়াই কয় যে গ্ৰন্থ ৰচনা কৰাটো এটি কলা৷ এয়া সাধনাৰ জৰিয়তে আয়ত্ত কৰিব পাৰি ৷ কবি-লেখক নৱজ্যোতি পাঠক আৰু ঔপন্যাসিক-গল্পকাৰ গীতালি বৰাই পৰিচালনা কৰা অসম গ্ৰন্থমেলাৰ আকৰ্ষণীয় অনুষ্ঠান “উন্মীলন”ত অংশগ্ৰহণ কৰে পৰিণীতা দেৱী, অবিনাশ বৰা, বিকাশ শৰ্মা, ৰাজেন দাস, মধুশ্ৰী সাউদ, ড° গৌৰাংগ বৰা, শিৱানী বৰা, বিশালদ্বীপ কাকতি, ড° ৰেবত মহন্ত, সঞ্জীৱ কলিতা, লুইত কিৰণ দাস, অনুভূতি গায়ন, প্ৰিয়ম ডি জোৎস্না, স্তুতি বন্দনা বৰকাকতী, কৃপাৰেখা গগৈ, ভাস্কৰজ্যোতি বৰা, ড° পৰেশ খনিকৰ, ড° মৃণাল দাস, ড° দীপজ্যোতি শৰ্মা, অৰ্হনা শইকীয়া, খনীন্দ্ৰ ভূষণ মহন্ত, কৌশিকী গোস্বামী, প্ৰজ্ঞা পূজাৰী, শিল্পীকা ৰাজগুৰু, পুলেন ৰাজ ডেকা, মুনমী ভট্টাচাৰ্য, বৰষা বৰাই ৷

# কবি অজিত বৰুৱালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য#

কবি অজিত বৰুৱালৈ আজি জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় অসম গ্ৰন্থমেলাৰ বাকৰিত ৷ তদুপলক্ষে গ্ৰন্থমেলা প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰা হয় “আধুনিকতাবাদ আৰু কবি অজিত বৰুৱা” শীৰ্ষক এখন মনোজ্ঞ আলোচনা সত্ৰ ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড° আনন্দ বৰমুদৈয়ে ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে কবিতা স্বতঃস্ফূৰ্ত আৱেগৰ প্ৰকাশ নহয়, বৰঞ্চ এয়া আৱেগৰ পৰা পৰিত্ৰাণ——আধুনিকতাবাদে এইদৰে কবিতাৰ এটা নতুন সংজ্ঞা প্ৰতিষ্ঠা কৰিছিল ৷ অজিত বৰুৱাই অসমীয়া ভাষাত সম্পৰীক্ষাৰে আধুনিকতাবাদী কবিতাৰ সংজ্ঞাক সাৰ্থক কৰিছিল ৷ চিন্তাক তেওঁ সাহিত্যলৈ যে উত্তৰিত কৰিছিল সেই কথা সমালোচক সকলে জানে ৷ বিশেষকৈ অসমীয়া কবিতাক তেওঁ এটা নতুন নিৰ্মিতি দিছিল ৷ সেই সময়ছোৱা অৱশ্যেই আধুনিকতাবাদৰ সময় ৷ অনিশ্চয়তাৰে আৱৰি থকা আধুনিক জীৱনবোধ আৰু সমাজ চেতনাৰ ৰূপ কি সেয়া অজিত বৰুৱাই কবিতাত চিত্ৰিত কৰিছে ৷ একাগ্ৰ বৌদ্ধিক অনুশীলন, অধ্যয়ন আৰু সুক্ষ্ম পৰ্যবেক্ষণেৰে পুৰঠ আধুনিক কবিতা ৰচনা কৰি অসমীয়া আধুনিক কবিতাক শক্তিশালী কৰিছিল তেওঁ ৷ ইয়াত আলোচক হিচাপে অংশ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক, লেখক-সমালোচক ড° বিভাস চৌধুৰীয়ে ৷ তেওঁ কয় যে অজিত বৰুৱা নাথাকিলে আমি হয়তো আধুনিকতাবাদ বুজিব নোৱাৰিলোহেঁতেন ৷ আধুনিক অসমীয়া কবিতা বুলিলে নীলমণি ফুকন, নৱকান্ত বৰুৱাৰ নাম ল’বই লাগিব ৷ কিন্তু অজিত বৰুৱাই পৃথকে আধুনিক অসমীয়া কবিতা প্ৰতিষ্ঠা কৰিলে ৷ তেওঁ ফৰাছী, ইংৰাজী আধুনিক মনস্তত্ত্বক অসমীয়া ভাষাৰ পোচাক পিন্ধাই অসমীয়া পাঠকক আধুনিকতাবাদেৰে সমৃদ্ধ কৰিব পাৰিছিল ৷ আন এগৰাকী আলোচক, কবি-লেখক, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক
ড° প্ৰাণজিৎ বৰাই বিষয় প্ৰসংগত কয় যে কবি- সমালোচক আৰু সূত্ৰকাৰ এই তিনিওটাৰ সমাহাৰ আছিল অজিত বৰুৱা ৷ অসমীয়া সাহিত্যৰ বাবে এয়া বিৰল প্ৰাপ্তি আছিল ৷ কবিতাৰ মাজেৰে ভাষিক সম্পৰীক্ষা কৰিছিল অজিত বৰুৱাই ৷ ইংৰাজী সাহিত্যলৈ আধুনিকতাবাদ আহিছিল ফৰাছী মূলৰ পৰা ৷ অজিত বৰুৱাই ফৰাছীৰ পৰা প্ৰত্যক্ষভাৱে এয়া আহৰণ কৰিব পাৰিছিল ৷ “জেংৰাই ১৯৬৩” ইয়াৰ উৎকৃষ্ট উদাহৰণ ৷ আধুনিকতাবাদে সদায় অনিশ্চয়তাৰ কথা কৈ আহিছে ৷ অজিত বৰুৱাই কিন্তু হৃদয় সংবেদি নোহোৱাকৈ আধুনিক কবিতা ৰচনা কৰা নাই ৷ সেয়ে তেওঁক কাব্য শিল্পী বুলি অভিহিত কৰিব পাৰি ৷ একেদৰে আলোচক, কবি-অনুবাদক, ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° অৰিন্দম শৰ্মাই এই বিষয়ে কয় যে অজিত বৰুৱা কবি হোৱাৰ সমান্তৰালকৈ এগৰাকী যশস্বী অনুবাদক ৷ ফৰাছী ভাষা শিকি প্ৰত্যক্ষভাৱে তেওঁ অনুবাদ কৰিছিল ৷ তেওঁৰ এই অনুবাদ কৰ্মক পাৰ্শ্ব কৰ্ম বুলি ক’ব নোৱাৰি ৷ তেওঁ এলিয়টক অসমীয়া পাঠকৰ সন্মুখলৈ তুলি আনিছে ৷ “ৱেষ্টলেণ্ড” অজিত বৰুৱাৰ অনুবাদৰ এটি শ্ৰেষ্ঠ উদাহৰণ ৷ অনুবাদে তেওঁৰ আধুনিকতাবাদী কাব্য নিৰ্মাণক সুদৃঢ় কৰিছে ৷ কিন্তু অজিত বৰুৱাৰ আধুনিকতাবাদ কেৱল নগৰকেন্দ্ৰিক নহয় ৷ গ্ৰাম্য জীৱনকো তেওঁ আধুনিকতাবাদী দৃষ্টিভংগীৰে কবিতালৈ তুলি আনিছে ৷ লোকভাষাৰ ব্যৱহাৰেৰে অসমীয়া আধুনিক কবিতাক তেওঁ যুগজয়ী কৰিছে ৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাৰে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ চতুৰ্থ দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৱেষ্ট পইণ্ট হাইস্কুল, গনেশপাৰা, গীতানগৰ মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ে ৷