আমি এখন ডাঙৰ যুঁজৰ সৈনিক, আত্মসমর্পণ কৰিলে জন্মভূমিৰ বিকল্প নাথাকিবঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- জাতি ৰক্ষাৰ সংকল্পৰে ‘২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি। দুদিনীয়াকৈ অনুষ্ঠিত কার্যনির্বাহক বৈঠকত নিৰ্বাচনৰ ৰণডংকা বজাই দলীয় কার্যকর্তাক অচিনাকি লোকৰ পৰা স্বদেশ, স্বজাতিক সুৰক্ষা দিয়াৰ সংকল্পৰে সাজু হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয় তথা অন্তিম দিনা প্রায় ৯০০ প্রতিনিধিৰ উপস্থিতিত উদাত্ত ভাষণত নিজকে যুঁজাৰু সৈনিক হিচাপে উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা- এয়া সভ্যতাৰ যুঁজ। আমি এখন দীঘলীয়া যুঁজৰ সৈনিক। জাতিটোক জীয়াই ৰখাৰ বাবে আমি সকলোৱে সামগ্রিকভাবে যুঁজিব লাগিব। অলপতে যদি আমি আত্মসমর্পণ কৰোঁ, মোৰ জনমভূমিৰ কোনো বিকল্প নাথাকিব। কৰিবলগীয়া বহু কাম আছে, আমাৰ সন্মুখত এখন বিশাল কার্যসূচী আছে। আমাৰ অসমখনক আমি নৱপ্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব লাগিব। শংকৰ-আজানক লৈ একাংশই চলোৱা প্ৰচাৰক লৈও সৰৱ হৈ মুখ্যমন্ত্রীয়ে কয়- অসমত শংকৰ-মাধৱ আছে। শংকৰ-আজান অসমত নাই। শংকৰদেৱ আৰু আজান ফকিৰৰ কোনো বৈঠক হোৱা নাছিল । শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল। মুখ্যমন্ত্রী হিচাপে মই কৈছোঁ- শংকৰ-মাধৱ আছে, শংকৰ-আজান নাই। শংকৰ আৰু আজানক লগ কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। তেওঁ পুনৰ কয়, আমি লাচিতক মোগলক পৰাজিত কৰা এজন বিশ্ববিজয়ী বীৰ হিচাপে চাব বিচাৰোঁ । বাঘ হাজৰিকা নিজৰ ঠাইত থাকক । আমাক বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে । ক’ৰ পৰা আহিল এইটো তথ্য । কোনখন বুৰঞ্জীৰ পৰা আহিল এইটো তথ্য । সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব বিচৰাসকলে এনে ধাৰণা সৃষ্টি কৰিছে । মুখ্যমন্ত্রী ডঃ শৰ্মাই কয়, বাংলাদেশৰ পৰা অহাসকল আমাৰ বন্ধু আৰু দুৰ্গা পূজাত একেলগে সেৱা কৰা বঙালী মানুহজন আমাৰ শত্ৰু । এই থিয়ৰীটো কেনেকুৱা ? আমি শংকৰ-আজানৰ দেশৰ মানুহ বুলি কৈ আমাক দুৰ্বল কৰা হৈছে । এয়া এক ষড়যন্ত্রৰ বাহিৰে একো নহয় । শংকৰৰ লগত আজানৰ কোনো সমন্বয় নাই । কোনোবাই ভাবে নেকি যে বাঘ হাজৰিকাৰ দৰে কাল্পনিক চৰিত্রটো নাথাকিলে লাচিত বৰফুকনে মোগলক পৰাজিত কৰিব নোৱাৰিলেহেতেন । আমাৰ মূৰত কৌশলগতভাৱে সুমুৱাই দিয়া হৈছে । বাওঁপন্থীসকলে আমাৰ জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰাত অহৰহ ষড়যন্ত্র কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। মুখ্যমন্ত্রীয়ে নিজৰ উদাত্ত ভাষণত পুনৰ কয়- সভ্যতাৰ যুঁজত আমি বহুদিনলৈ যুঁজিব লাগিব। মুখ্যমন্ত্রী কোন হ’ব, বিধায়ক কোন হ’ব, সাংসদ কোন হ’ব এই প্ৰশ্নৰ উত্তৰে জাতিটোক জীয়াই নাথাকে। আজি জাতিটোক বিজেপিৰ দৰে আপোচবিহীন দলৰ প্ৰয়োজন আছে, যিয়ে কোনো কাৰণতে আত্মসমর্পণ নকৰে, শেষ দিনটোলৈ যুঁজিব বিচাৰে। তেনে অজস্ৰ লোকৰ প্ৰেৰণাৰ আমি প্রতীক হ’ব লাগিব। প্রতিজন লোকক আমি বুজাব লাগিব যে বিজেপিয়ে দলৰ স্বাৰ্থৰ ওপৰত গৈ জাতিটোক জীয়াই ৰখাৰ সংগ্ৰামত লিপ্ত হৈছে। ৫ বছৰত হৈ যোৱা কামক লৈ কোনেও আমাক প্রশ্ন নকৰে। কোনেও ভবা নাছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থানত উচ্ছেদ হ’ব আৰু সেই মাটিতেই আবির্ভাৱ ক্ষেত্র নির্মাণ হ’ব। কোনেও কল্পনা কৰিব পৰা নাছিল লাচিতৰ সুবিশাল মূর্তি অসমীয়াই প্রত্যক্ষ কৰিব পাব, কোনেও কল্পনা কৰিব পৰা নাছিল যে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পাব, কোনেও কল্পনা কৰিব পৰা নাছিল যে চৰাইদেৱে বিশ্বৰ ঐতিহ্যৰ ক্ষেত্ৰ হ’ব। ৰাইজে আমাক যি দায়িত্ব দিছে তাৰ পৰা বহু আগুৱাই গৈ চৰকাৰখনে কাম কৰিছে। কিন্তু এই কাম দলৰ বাবে নহয়। আমি সকলোৱে বুজিব লাগিব যে এখন ডাঙৰ যুঁজৰ বাবে সাজু হৈছোঁ। যদি আমি আত্মসমর্পণ কৰোঁ জন্মভূমিৰ কোনো বিকল্প নাথাকিব। আমি জীয়াই থাকোঁতে দেখা পাম আজি গুৱাহাটী, মঙলদৈ, নগাঁৱৰ এখন এখনকৈ গাঁও অধিকাৰ কৰি ল’ব। সেয়েহে কৰিবলগীয়া বহু কাম আছে। আমাৰ অসমখনক নৱপ্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব লাগিব। ২০২৬, ২০৩১, ২০৩৬, ২০৪১ যিমান দিনলৈ জীয়াই থাকো, আমাৰ বাবে প্ৰতিটো নির্বাচন হ’ব সভ্যতাৰ যুঁজ, আমাৰ বাবে প্ৰতিটো নির্বাচন জাতিটোক জীয়াই ৰখাৰ মহাসংকল্পৰ যুঁজ। ২০১৬ চনত মই কৈছিলোঁ শৰাইঘাটৰ যুঁজ। যিমান দিনলৈ অসমীয়াই যুঁজি থাকিব সিমান দিনলৈ জাতি জীয়াই থাকিব। ইয়াৰ শেষ ক’ত আছে আমি নাজানো। কাৰণ আমাৰ পূৰ্বসূৰী ৰাজনীতি কৰা লোকসকলে অসমখন কাৰোবাক গতাই দি গৈছে। দীঘলীয়া সংগ্ৰাম আৰু সভ্যতাৰ যুঁজত আমি যুঁজিয়ে থাকিব লাগিব। বাংলাদেশীমূলৰ মিঞা লোকে ক্ৰমাৎ গ্ৰহণ কৰা আগ্রাসন স্থিতিৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ২০১১ চনৰ লোকপিয়লত হিন্দু আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ পাৰ্থক্য এটা চিন্তাৰ বিষয়। তিনি শতাংশ অসমীয়া মুছলমানক বাদ দিলে ২০১১ চনত বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমানৰ সংখ্যা ৩১ শতাংশ। ২০২৭ত যেতিয়া পুনৰ লোকপিয়ল হ’ব অসমত বাংলাদেশীমূলৰ মিঞা মুছলমানৰ বৰ্ধিত সংখ্যা ৪০ শতাংশৰ আশে-পাশে হ’ব। কোনোবাই ক’ব পাৰে, তেওঁলোকো থাকিব, আমিও থাকিম। আমাৰ ধৰ্মই সকলোকে আদৰি লয়। আজি বাংলাদেশত শেহতীয়া ঘটনাই আমাক স্পষ্টভাৱে বুজাই দিছে ৰাষ্ট্ৰতকৈ তেওঁলোকৰ ধৰ্ম ডাঙৰ। যদি এজন হিন্দুক সোধা হয় তেওঁৰ বাবে আটাইতকৈ ডাঙৰ কি? তেন্তে উত্তৰ আহিব জননী জন্মভূমি। হিন্দুৰ ৰাষ্ট্ৰৰ প্ৰতি সমর্পণ-এয়াই আমাৰ লোক। যিদিনাই মিঞা মুছলমানৰ সংখ্যা ৫০ শতাংশ হ’ব সেইদিনাই তেওঁলোকে কংগ্রেছক বাদ দি গঠন কৰিব নতুন ৰাজনৈতিক দল। কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁৰ ভাষণত আজি কয়-আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক’ব পাৰে, সংখ্যালঘুক ৪৮খন আসন সংৰক্ষণ লাগে, কাইলৈ সেই কংগ্ৰেছ দলে ক’ব যে অসমত মুখ্যমন্ত্রীও তেওঁলোকৰ সম্প্ৰদায়ৰ পৰা হ’ব লাগে। ইয়াত কোনো বাধা নাথাকিব। চাওঁতে চাওঁতে ছাদুল্লাৰ পৰা কাঢ়ি অনা অসমখন পুনৰ ছাদুল্লাৰ হাতলৈ গুচি যাব। লোকপ্রিয় গোপীনাথ বৰদলৈয়ে ছাদুল্লাৰ পৰা আসনখন কাঢ়ি আনিছিল আৰু আজি অসমীয়াই আকৌ এবাৰ ছাদুল্লাক আসনখন পাৰি দিম। কিন্তু আমাৰ জীৱনকালত এয়া হ’বলৈ দিয়া নহ’ব। সেইকাৰণে আমি যুঁজিব লাগিব, দৰিদ্ৰ জনগণৰ বাবে কাম কৰিম, মধ্যবিত্ত সমাজৰ বাবে কাম কৰিম, বিকাশৰ গংগাৰে অসম মাতৃৰ চৰণ ধূৱাম। ইয়াৰ পিছতো মোৰ স্বদেশ-স্বজাতিক জীয়াই ৰখাৰ বাবে যুঁজিব লাগিব। বাঁওপন্থীৰ চিন্তাধাৰাই অসমখনক দুৰ্বল কৰা বুলি অভিযোগ তুলি ভাষণত মুখ্যমন্ত্রীয়ে কয়- বাঁওপন্থীসকলে আমাৰ জাতিটোক দুৰ্বল কৰাৰ অহৰহ ষড়যন্ত্রত লিপ্ত হৈছে। তেওঁলোকে নেপালৰ বিপ্লৱৰ কথা কয়। কিন্তু নেপালৰ বিপ্লৱৰ পাছত কি হ’ল সেয়া প্রকাশ কৰক। তেনে বিপ্লব, বিপ্লৱ নহয়। যি বিপ্লৱৰ সমাপ্তি জনসাধাৰণৰ কল্যাণৰ বাবে নহয়, তেনে বিপ্লৱৰ প্ৰয়োজন নাই। বাংলাদেশত যি বিপ্লৱ চলিছে সেই বিপ্লবে বাংলাদেশক মহাশক্তিত পৰিণত কৰিছে নেকি? বিপ্লৱৰ পিছৰ বাংলাদেশৰ কথা বাঁওপন্থীসকলে কিন্তু নকয়।উল্লেখ্য যে কার্যনির্বাহক সভাত আজি অন্তিম দিনা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাজ্যিক তত্ত্বাবধায়ক বৈজয়ন্ত জয় পাণ্ডায়ো ভাষণ দিয়ে।
