অসম গ্ৰন্থমেলা , গুৱাহাটীত সুধাকণ্ঠলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি

অসম গ্ৰন্থমেলা , গুৱাহাটীত সুধাকণ্ঠলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি
সুধাকণ্ঠৰ গীতৰ ছন্দৰে জীপাল গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহ
আলোচনা সত্ৰঃ ড° ভূপেন হাজৰিকাৰ গীতত সমকালীনতা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসমৰ ৭খন চহৰত সফলতাৰে অসম গ্ৰন্থমেলা আয়োজনৰ পাছত কালিৰে পৰা ৰাজধানী মহানগৰ গুৱাহাটীত এলানি বৰ্ণিল কাৰ্যসূচীৰে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ খানাপাৰস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ তদুপলক্ষে গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা “ড° ভূপেন হাজৰিকাৰ গীতত সমকালীনতা” শীৰ্ষক আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট লেখক, অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ৷ তেওঁ কয় যে সাহিত্য-সংগীত চিৰায়ত, এয়া অমৰ ৷ সমকালীনতাৰ খিৰিকীৰে ড° ভূপেন হাজৰিকাৰ গীতৰ চিৰায়ত বিষয়টো বিচাৰ কৰি চাব পাৰি ৷ সমকালীন বিষয়-বস্তু বা সামাজিক ঘটনাক্ৰম তেওঁৰ গীতত গভীৰভাৱে প্ৰোথিত হৈ আছে ৷ সমকালীন প্ৰেক্ষাপটত ড° ভূপেন হাজৰিকাই অসমীয়া জাতিক সতৰ্কবাণী শুনাই গৈছে ৷ সেই সতৰ্কবাণী এতিয়া ফলিয়াইছে ৷ আচলতে ড° ভূপেন হাজৰিকা এগৰাকী ভৱিষ্যদ্ৰষ্টা শিল্পী আছিল ৷ তেওঁ পুনৰ কয়——“ কলা-সংস্কৃতি, পুৰাতত্ত্ব, পৌৰাণিক আখ্যান, বৈদেশিক নীতি সকলো আছে ড° হাজৰিকাৰ গানত ৷ উদাহৰণ স্বৰূপে “পদ্মা নৈ অ’ পদ্মা নৈ/ পদ্মা নৈৰ ওপৰেৰে আমাৰ বিমান নুৰে/ হঠাতে ভুমুকি মাৰে গৌৰী শংকৰে” গীতটোৰ কথা ক’ব পাৰি ৷ গীতেৰে ভ্ৰমণ কাহিনীও লিখিব পৰা ভূপেনদা সদায়ে একক আৰু অনন্য ৷” ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে সুধাকণ্ঠৰ সহযোগী বাদ্য-সংগীত শিল্পী কমল কটকীয়ে ৷ সুধাকণ্ঠৰ সান্নিধ্যৰ স্মৰণ কৰি বিষয় প্ৰসংগত তেওঁ কয় ——“ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টিয়ে সময় ধৰি ৰাখিছে ৷ সামাজিক প্ৰসংগ, ৰাজনৈতিক প্ৰসংগ আৰু ব্যক্তিগত প্ৰসংগৰে তেওঁ ৰচনা কৰা সকলো গীতেই উদ্দেশ্যধৰ্মী ৷ তেওঁ এনেয়ে লিখিব লাগে বাবেই লিখা নাছিল ৷ সামাজিক, ৰাজনৈতিক আৰু ব্যক্তিগত তাড়নাৰে তেওঁ সৃষ্টি কৰিছিল ৷ সেইবাবে ভূপেনদাৰ সৃষ্টিত সমকালীন সমাজৰ বাস্তৱতা প্ৰতিফলিত হৈ আছে ৷ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলন, চীনৰ আক্ৰমণ প্ৰতিটো সামাজিক ঘটনা-পৰিঘটনা তেওঁৰ গীতত ইতিহসৰ পৃষ্ঠা হৈ জিলিকি আছে ৷ অসমৰ অতীত-ঐতিহ্য, ৰপান্তৰ পৰ্ব, নতুন দিনৰ আৱাহন সকলো আছে ভূপেনদাৰ সৃষ্টিত ৷” কটকীয়ে বক্তব্যৰ মাজে মাজে সুধাকণ্ঠৰ গীতৰ কলি গুণগুনাই অনুষ্ঠানটোক সজীৱ কৰি তোলে ৷ আন এগৰাকী আলোচক অতিথি দিল্লী দূৰদৰ্শনৰ সংস্কৃত বিভাগৰ অতিথি শিল্পী ৰঞ্জন কুমাৰ বেজবৰুৱাই কয় যে ড° ভূপেন হাজৰিকা এগৰাকী দাৰ্শনিকো ৷ নিজৰ সময় আৰু দৰ্শন গীতৰ মাজেৰে দেখুৱাইছে তেওঁ ৷ “মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে/এক গভীৰ আস্থাৰ গান” ৰচনা কৰি তেওঁ জীৱন দৰ্শনৰ কথাকে কৈছে ৷“মহাবাহু ব্ৰহ্মপুত্ৰ”, “মই এটি যাযাবৰ”, “সৰুদৈ চিলা নে বৰদৈচিলা”, “তপ্ত শিখাৰে” আদি প্ৰতিটো গীততে সমকালীনতা উজ্জীৱিত হৈ আছে ৷ তেওঁ সময়ৰ ছবি আঁকিছে গানেৰে ৷ তেওঁ জনজীৱনকো সুন্দৰভাৱে বুজিছিল ৷ একেবাৰে ওচৰৰ পৰা জনজীৱনক চাইছিল ৷ সেইবাবে অসমীয়া মানুহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ প্ৰতিফলিত হৈ আছে তেওঁৰ গীতত ৷ লোকসমাজৰ কথাৰে, লোকভাষাৰে অসমৰ পৰা সীমা অতিক্ৰমী সুধাকণ্ঠই বিশ্বযাত্ৰা কৰিছিল ৷ তেওঁৰ গান মানে আমাৰ সকলোৰে প্ৰাণ ৷ তেওঁৰ গান মানেই সমকালীন সমাজ-জীৱন ৷ মানুহৰ মুখৰ ভাষা আৰু হৃদয়ৰ স্বৰে তেওঁৰ গানক অমৰত্ব প্ৰদান কৰিছে ৷ বেজবৰুৱাই সুধাকণ্ঠৰ কেবাটাও কালজয়ী গীত অসমীয়া আৰু সংস্কৃত ভাষাত পৰিৱেশন কৰি অনুষ্ঠানটিক মনোমুগ্ধকৰ কৰি তোলে ৷ ইয়াত আলোচক হিচাপে অংশ লৈ বিশিষ্ট লেখক-সমালোচক ড° বিৰিঞ্চি কুমাৰ দাসে কয় যে গীতি-কবিতা এক উচ্চস্তৰীয় সাহিত্য ৷ ড° ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হোৱাত বহুতে প্ৰশ্ন কৰিছিল যে তেওঁ সাহিত্যিক হয় জানো ? দৰাচলতে সুধাকণ্ঠৰ গীতি-কবিতাই তেওঁক চিৰনমস্য সাহিত্যিক হিচাপে জিলিকাই ৰাখিব সদায় ৷ তেওঁ সমকালীন পৰিস্থিতিক লৈ ৰচনা কৰা গীত সমূহো চিৰন্তন সাহিত্যৰ উৎকৃষ্ট উদাহৰণ ৷ কেৱল যে অসমৰ সমকালীন সমাজখনক লৈহে তেওঁ গীত ৰচনা কৰিছিল এনে নহয় ৷ অসম, উত্তৰ-পূৰ্বাঞ্চল, ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ সমকালীন সমাজখন তেওঁৰ গীতত চিত্ৰিত হৈছে ৷ সেইবাবেই আমাৰ ভূপেনদা বিশ্বনাগৰিক আৰু বিশ্ববন্দিত শিল্পী ৷ সুধাকণ্ঠৰ সমকালীন সৃষ্টিৰ আধাৰ তথা দৰ্শনৰ আলোচনা আৰু কালোত্তীৰ্ণ গানৰ মাধুৰ্যৰে গাম্ভীৰ্যপূৰ্ণ হৈ পৰা আলোচনা সত্ৰখনৰ আঁত ধৰে কবি-লেখক নৱজ্যোতি পাঠকে ৷ সুধাকণ্ঠৰ গীতৰ ছন্দৰে জীপাল হৈ পৰে আলোচনা সত্ৰ অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহ ৷ সঞ্চালক, আলোচক প্ৰমুখ্যে শ্ৰোতা দৰ্শক সকলোৱে থিয় হৈ “মানুহে মানুহৰ বাবে” গানটি সমস্বৰে পৰিৱেশন আলোচনা সত্ৰখন সামৰে ৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাৰে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ দ্বিতীয় দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শংকৰদেৱ শিশুকুঞ্জ, জুৰোড, কামাখ্যা ৰাম ছোৱালী মহাবিদ্যালয়, ফটাশিল আৰু পানীখাইতিৰ প্ৰতীক্ষা গ্ৰুপ অৱ ইনষ্টিটিউচনে ৷