শুৱালকুছি বালক মজলীয়া বিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

শুৱালকুছি বালক মজলীয়া বিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা-  বস্ত্ৰনগৰী শুৱালকুছি বিশ্ব দৰবাৰত পৰিচিত গাঁও। ধৰ্ম কৰ্মৰ মিলনভূমি গাঁওখনত শিক্ষাৰ ক্ষেত্ৰতো  পিচপৰি থকা নাই। ছাত্ৰ-ছাত্ৰী সকলক গণিতৰ প্ৰতি ধাউতি বঢ়াই তুলিবলৈ শুৱালকুছি বালক মজলীয়া বিদ্যালয়ে ৰাষ্ট্ৰীয় গণিত দিৱস ২২ডিচেম্বৰ ২০২৫তাৰিখে উদযাপন কৰে।এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ গণিত আৰু বিজ্ঞান সংঘৰ উদ্যোগত  বিদ্যালয়খনৰ লগতে  পাৰ্শ্বৱৰ্তী কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত  গণিতৰ কুইজ আৰু স্পীড এণ্ড একুৰেচি গেম প্ৰতিযোগিতা অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানতে গণেশ দাস হাইস্কুলৰ গণিতৰ জ্যেষ্ঠ শিক্ষক ৰাতুল চন্দ্ৰ কলিতাই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ লগতে প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ/ছাত্ৰী সকলক বঁটা প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে।তেওঁ ভাষণ প্ৰসংগত গণিতৰ প্ৰতি ধাউতি বঢ়োৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক বিভিন্ন উপদেশ আগবঢ়োৱাৰ লগতে বিখ্যাত গণিতজ্ঞ শ্ৰীনিবাশ ৰামানুজন আয়েংগাৰ কৰ্মময় জীৱনৰ কিছু তথ্য দাঙি ধৰে।ইয়াৰ উপৰি  বিভিন্ন বিদ্যালয়ৰ শিক্ষক/শিক্ষয়িত্ৰীওসকলে তেওঁলোকৰ মনৰ অনুভৱ প্ৰকাশ কৰে।সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গুণ মেধিয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিকাশ মুছাহাৰীয়ে ।সভাখনৰ আঁত ধৰে সেই বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক চতিন কলিতাই।