টি-২০ বিশ্বকাপৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

টি-২০ বিশ্বকাপৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে শনিবাৰে ঘোষণা কৰিলে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দল। মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়া, মুখ্য নির্বাচক অজিত আগৰকাৰ আৰুটি-২০ দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়, য’ত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত অহা বর্ষত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো খেলুৱৈৰ নাম চূড়ান্ত কৰা হয়। ঘোষিত দলটোৰ পৰা বাদ পৰিছে টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গিলৰ লগতে উইকেটকীপাৰ জীতেশ শর্মা। ইপিনে সুদীর্ঘ এবছৰৰ পাছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছে ঈশান কিষাণে। সদ্যসমাপ্ত মুস্তাক আলী টি-২০ ক্রিকেটত দাঙি ধৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই ঈশানক বিশ্বকাপ দলটোত অন্তর্ভুক্ত কৰা হৈছে। আনহাতে, কিছুদিন বিৰতিৰ মূৰত পুনৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিলে ৰিংকু সিঙে। অহা বৰ্ষৰ ৭ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ বাবে ঘোষিত ভাৰতীয় ১৫ জনীয়া দলটোত ৰিংকুক অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্বাচক মণ্ডলীয়ে। ইপিনে শুভমন গিলক বাদ দিয়াৰ পিছতে অল ৰাউণ্ডাৰ অক্ষৰ পেটেলক বিশ্বকাপৰ বাবে ঘোষিত দলটোত সহঃঅধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত পেচ বলিঙত নেতৃত্ব দিব যশপ্রীত বুমৰাহে। ইপিনে বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱ স্পীন বলিঙৰ দায়িত্বত থাকিব। তদুপৰি হার্দিক পাণ্ডিয়া আৰু শিৱম ডুবেক অল ৰাউণ্ডাৰ হিচাপে নিৰ্বাচন কৰা হৈছে। ইপিনে টি-২০ বিশ্বকাপৰ বাবে ঘোষিত দলটোৱেই অহা মাহত নিউজিলেণ্ডৰ বিপক্ষে গৃহভূমিত খেলিবলগীয়া পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোত ভাগ ল’ব। টি-২০ বিশ্বকাপ আৰু নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ বাবে ঘোষিত ভাৰতীয় দলটো হ’ল-সূর্যকুমাৰ যাদৱ, অভিষেক শর্মা, তিলক বার্মা, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্রীত বুমৰাহ, অৰ্শদীপ সিং, হৰ্ষিত ৰানা, সঞ্জু ছেমছন, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ঈশান কিষাণ আৰু ৰিংকু সিং।