কামপুৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭ বন্যহস্তীৰ মৃত্যু

কামপুৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭ বন্যহস্তীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ কামপুৰত সংঘটিত এক ভয়ংকৰ পথ দুঘটনাই ৰাজ্যজুৰি এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চানজুৰাইৰ ৰে’লপথত দিল্লী অভিমুখী নামনিমুৱা ২০৫০৭ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছৰ তীব্ৰ খুন্দাত শনিবাৰে পুৱতিনিশা প্রায় আঢ়ৈ বজাত ৭টা বন্যহস্তীৰ কৰুণ মৃত্যু ঘটে। দুর্ঘটনাটোত ৰাজধানী এক্সপ্ৰেছৰ পাঁচটা দবাও লাইনচ্যুত হয় যদিও কোনো যাত্রী হতাহত হোৱা নাই। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত সাতটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু হোৱা ঘটনাই তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, পুৱতিনিশা এটা বৃহৎ বন্যহস্তীৰ জাকে ৰে’লপথটো অতিক্ৰম কৰাৰ সময়তে এই হৃদয়বিদাৰক দুর্ঘটনাটো সংঘটিত হয়। মৃত হাতীকেইটাৰ ভিতৰত দুটা দঁতাল হাতী আৰু পাঁচটা মাইকী হাতী আছিল। এই মাইকী হাতীকেইটাৰ এটা হাতী গৰ্ভৱতী আছিল বুলি জানিব পৰা গৈছে। আনহাতে ৰে’লৰ খুন্দাত এটা হাতীৰ পোৱালিও আহত হয়। আহত হোৱা হাতীৰ পোৱালীটোক প্রাথমিক চিকিৎসা কৰাৰ পিছত কাজিৰঙালৈ প্ৰেৰণ কৰা হৈছে আৰু বর্তমান সুস্থিৰ অৱস্থাত আছে।  ঘটনাটো ইমানেই ভয়াৱহ আছিল যে প্রায় পাঁচশ মিটাৰ দূৰলৈকে চোঁচৰাই লৈ যায় হাতীৰ মৃত শৰীৰকেইটা। পাঁচশ মিটাৰ দূৰত গৈ লাইনচ্যুত হয় ৰাজধানীৰ এক্সপ্ৰেছৰ দবা আৰু ইঞ্জিন।বন্যহস্তীৰ কৰুণ মৃত্যু ঘটা ঘটনাৰ পাছত বন বিভাগৰ লগতে ৰে’ল বিভাগৰ বিৰুদ্ধেসৰৱ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন। স্থানীয় ৰাইজৰ ভাষ্য হ’ল-আগতেও পটিয়াপামত ৰে’লপথত এনেকৈ বন্যপ্ৰাণীৰ মৃত্যু হৈছিল। তথাপি বন বিভাগ আৰু ৰে’ল বিভাগ সজাগ নহ’ল। যাৰ বাবে আজি পুনৰ সাতটা বন্যহস্তীৰ কৰুণ মৃত্যু হয়। বন বিভাগে ৰে’ল বিভাগক এইটো এলেকাৰে এতিয়া নিতৌ নিশা হাতী পাৰ হোৱাৰ বিষয়ে জনাব লাগিছিল। বন বিভাগৰ লোকে ভালকৈ নিজৰ কৰ্তব্য পালন নকৰিলে। যিহেতু ৰে’লপথেৰে এই ঠাইডোখৰত বন্যহস্তীৰ জাক পাৰ হয়, সেয়েহে ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণ কৰা উচিত আছিল। ৰে’লৰ গতিবেগ তীব্র নোহোৱা হ’লে এনেকুৱা কৰুণ ঘটনা হয়তো সংঘটিত নহ’লহেঁতেন।

দুর্ঘটনা সন্দৰ্ভত আৰ টি আই কর্মী দিলীপ নাথে বন্যহস্তীৰ জাকটোৰ মৃত্যুৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেকে দোষাৰোপ কৰে। তেওঁ কয় যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক মঞ্জুল গুপ্তাই ২০২৩ বর্ষতে কৈছিল- এতিয়া আৰু ৰে’লৰ খুন্দাত কোনো বন্যহস্তীৰ মৃত্যু নহয়। কাৰণ বন্যহস্তীৰ মৃত্যু ৰোধ কৰাৰ বাবে ৰে’ললাইনত চেঞ্চৰ লগোৱা হ’ব। যদি প্ৰকৃততে ৰে’লপথত চেঞ্চৰ লগাইছিলেই এই শোকাৱহ দুর্ঘটনাটো কেনেকৈ সংঘটিত হ’ল। ৰে’লপথত চেঞ্চৰ লগোৱাৰ নামত দুর্নীতি কৰাৰ অভিযোগ তুলি তেওঁ এই দুৰ্ঘটনাৰ বাবে ৰে’ল বিভাগৰ মহাপ্ৰবন্ধকজনক গ্ৰেপ্তাৰ কৰাৰো দাবী জনায়। ইপিনে, ঘটনাৰ খবৰ পাই লগে লগে ৰে’ল বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰী ঘটনাস্থলীত, উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বন বিভাগৰ লগতে ৰে’ল বিভাগে পথটো মুকলি কৰাৰ বাবে তৎপৰতাৰে কাম চলাই বিয়লি ভাগলৈ ৰে’ল চলাচল সুচল কৰে। ইপিনে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই দুর্ঘটনা সংঘটিত হোৱা স্থান হস্তী কৰিড’ৰ বুলি স্বীকাৰ কৰে। তেওঁ কয় যে ভৱিষ্যতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ ব্যৱস্থা ৰে’ল বিভাগে কৰিব। এই কৰুণ আৰু শোকাৱহ ঘটনাৰ তদন্ত হ’ৰ। কাৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ’ল সেয়া তদন্তত পোহৰলৈ আহিব বুলি উল্লেখ কৰি তেওঁ এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা ল’ব বুলি মন্তব্য কৰে। শেহতীয়া খবৰ অনুসৰি বন বিভাগে ৰে’লখনৰ চালক ধর্মেন্দ্ৰ কুমাৰ আৰু মনোজ কুমাৰ শৰ্মাক ঘটনা সন্দর্ভত সোধা-পোছা কৰি যাবলৈ দিছে। পুনৰ তেওঁলোকক মতাৰ সম্ভাৱনা আছে। ৰে’লৰ লক ‘মট ইঞ্জিনটো বন বিভাগে জব্দ কৰিছে। আনহাতে ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বন্যহস্তীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত বন বিভাগক তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে তেওঁ কয় যে পুৱতিনিশা সংঘটিত এক দুখজনক ৰে’ল দুৰ্ঘটনাত সাতটা হাতীৰ মৃত্যু হোৱাত আমি গভীৰভাৱে শোকাহত হৈছোঁ। এই ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰিবলৈ আৰু বিশেষকৈ ঘন কুঁৱলীৰ বাবে দূৰলৈ মনিব নোৱাৰা সময়ত আমাৰ বন্যপ্ৰাণী চলাচল কৰা পথসমূহ অধিক সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ মই বন বিভাগক নির্দেশনা প্রদান কৰিছোঁ।