টিংখাং সমষ্টিত মহিলাৰ উদ্যমিতা অভিযানৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- টিংখাং সমষ্টিৰ মৰাণৰ অভয়পুৰ গ্ৰাম্য ক্রীড়া প্রকল্প চৌহদত আয়োজিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমষ্টিটোত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ বাবে নির্বাচিত উদ্যমী মহিলাসকলৰ মাজত চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই সভাৰ পৰাই মুখ্যমন্ত্ৰী ড° শর্মাই ১২.৩২ কোটি টকা ব্যয়সাপেক্ষে অভয়পুৰ গ্রাম্য ক্রীড়া প্রকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ লগতে অসম মালা-৩.০ৰ অধীনত মৰাণ-নিতাই পথৰ মৰাণ টাউন ক্লাব-গজপুৰীয়া লুকুমাৰী অংশৰ পথছোৱা ৩৬.৯২ কোটি টকা ব্যয়েৰে উন্নীতকৰণ আৰু বহলীকৰণ আৰু টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শিলান্যাস কৰে। ১৯.৫০ কোটি টকা ব্যয়েৰে এই কার্যালয় নিৰ্মাণ কৰা হ’ব। তদুপৰি তেওঁ মৈত্রী আঁচনিৰ অধীনত মৰাণ থানা ভৱনৰ নিৰ্মাণৰো শিলান্যাস কৰে। ২.১৫ কোটি টকা ব্যয়েৰে এই ভৱন নিৰ্মাণ কৰা হ’ব। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত বীজধন হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ ধনৰাশি হৈছে উদ্যমী মহিলাসকলৰ বাবে এক আৰম্ভণিহে। কিয়নো এই ধনৰ সঠিক ব্যৱহাৰৰ জৰিয়তে তেওঁলোকে নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলি জীৱনৰ বাটত বহুদূৰ আগবাঢ়ি যাব পাৰিব। ৰাজ্যত থকা ৪ লাখ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাক চৰকাৰে দীর্ঘদিন ধৰি সহায়-সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই গোটসমূহক ইতিমধ্যে ঘূর্ণীয়মান পুঁজি হিচাপে ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে।

চৰকাৰৰ পৰা লাভ কৰা এই পুঁজি আৰু পৰৱৰ্তী সময়ত বেংকৰ পৰা লাভ কৰা ঋণেৰে ৰাজ্যৰ বহু আত্মসহায়ক গোটে নিজৰ কাম-কাজ সুচাৰুৰূপে সম্পাদন কৰি সামগ্রিকভাৱে অসমৰ আত্মসহায়ক গোটৰ আন্দোলনটোক আগবঢ়াই নিবলৈ সক্ষম হৈছে। ৰাজ্যৰ এই আত্মসহায়ক গোটসমূহে বেংকসমূহৰ পৰা ১৪ হাজাৰ কোটি টকাৰ ঋণ লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে গোটসমূহক সহায়-সহযোগিতা আগবঢ়োৱাৰ সমান্তৰালকৈ গোটৰ সদস্যাসকলকো গাইগুটীয়াভাৱে সহায় কৰাৰ পদক্ষেপ গ্রহণ কৰিছিল। এই পদক্ষেপৰ আধাৰতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যাসকলক ১০ হাজাৰ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। তেওঁ মন্তব্য কৰে যে ইয়াৰ বাবে প্রায় ৪ হাজাৰ কোটি টকাৰ প্রয়োজন হ’ব। বিগত লোকসভা নির্বাচনৰ সময়ত এই অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰাৰ পিছত বিৰোধী পক্ষই এয়া ভোটকেন্দ্রিক প্ৰচাৰহে বুলি সমালোচনা কৰিছিল। আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাই যদি স্বনিৰ্ভৰশীল ৰূপে নিজকে প্রতিষ্ঠা কৰিব পাৰে তেনেহ’লে ৰাজ্যৰ অৰ্থনীতিলৈ এক অভূতপূর্ব পৰিৱৰ্তন আহি পৰিব। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে যে ৰাজ্যত গাহৰি মাংসৰ এখন বৃহৎ বজাৰ আছে যদিও অসমত স্থানীয়ভাৱে মুঠ চাহিদাৰ ২০ শতাংশও গাহৰি মাংস উৎপাদন নহয়। যাৰ বাবে বৃহৎসংখ্যক গাহৰি বহিঃৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয়। তেনেদৰে ৰাজ্যত দৈনিক প্রায় ৫০ লাখ কণীৰ চাহিদাৰ বিপৰীতে অসমত ১০ লাখ কণীও উৎপাদন নহয়। অনুৰূপ ধৰণে ব্ৰইলাৰ কুকুৰা আদিকে ধৰি বহু খাদ্য-সামগ্ৰী বহিঃৰাজ্যৰ পৰা বুজন পৰিমাণে আমদানি হৈ আছে। অসমত দৈনিক মাত্র ৩ লাখ লিটাৰ গাখীৰ সমবায়ভিত্তিত উৎপাদন হোৱাৰ বিপৰীতে গুজৰাটত মহিলাসকলে দৈনিক ১ কোটি ৬০ লাখ লিটাৰ আৰু কৰ্ণাটকত ৮০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰি আহিছে। ইয়াৰ বাবদ বহু হাজাৰ কোটি টকা ৰাজ্যৰ বাহিৰলৈ ওলাই যায়। এইদৰে বহিঃগমন হোৱা ধন ৰাজ্যৰ ভিতৰতে থাকিলে থলুৱা অর্থনীতিলৈ যথেষ্ট পৰিৱৰ্তন আহিলেহেঁতেন।অসমৰ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাৰ প্ৰতিগৰাকীয়ে যদি হাঁহ-কুকুৰা পালনৰ জৰিয়তে দৈনিক মাত্র ১টাকৈ কণী উৎপাদন কৰি বজাৰত বিক্ৰী কৰিব পাৰে তেন্তে ৪০ লাখ কণী এদিনতে বজাৰত উপলব্ধ হ’ব।

আত্মসহায়ক গোটৰ এই মহিলাসকলে যদি গাহৰি, হাঁহ, ব্ৰইলাৰ কুকুৰা, গো-পালন আদি কাৰ্যৰ সৈতে জড়িত হৈ পৰে, তেনেহ’লে ৰাজ্যৰ অৰ্থনীতি প্রতিটো দিনতে সবল হোৱাৰ দিশত অগ্ৰসৰ হ’ব। ধান আৰু সৰিয়হ ন্যূনতম সমৰ্থিত মূল্যত চৰকাৰে ক্ৰয় কৰাৰ ব্যৱস্থা কৰাৰ ফলস্বৰূপে ৰাজ্যৰ কৃষকে যথেষ্ট সকাহ লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া ৰাজ্যৰ আলু উৎপাদনকাৰীসকলেও এখন বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্রসংগক্রমে তেওঁ চৰকাৰে ডিব্ৰুগড় জিলাত দৈনিক ২-২.৫০ লাখ লিটাৰ সামর্থ্যৰ দুগ্ধ সংসাধন প্রকল্প স্থাপনৰ দিশত অগ্ৰসৰ হৈছে বুলি সদৰী কৰি কয়- ‘এতিয়া ৰাজ্যত কৃষকৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন বজাৰৰ সৃষ্টি হৈছে, য’ত চৰকাৰে বিভিন্ন ধৰণে কৃষক সমাজলৈ সহায়-সহযোগিতা আগবঢ়াইছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ ৪০ লাখ সদস্যালৈ ব্যক্তিগতভাৱে সহায়-সহযোগিতা আগবঢ়াই তেওঁলোকক আমি একোগৰাকী উদ্যোগী মহিলা হিচাপে প্রতিষ্ঠা কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ মূল লক্ষ্যই হৈছে লাখপতি বাইদেউ সৃষ্টি কৰা।’ টিংখাং সমষ্টিত ইতিমধ্যে কেইবাগৰাকীও মহিলাই নিজকে লাখপতি বাইদেউ হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি ভাষণত তেওঁ মন্তব্য কৰে। ইয়াৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে খোৱাং উন্নয়ন খণ্ডৰ বেজৰচুক বঙালী গাঁৱৰ দুৱৰি আত্মসহায়ক গোটৰ সদস্যা স্মিতা ফুকন গগৈয়ে আখল নামেৰে আচাৰৰ ব্ৰেণ্ড প্রস্তুত কৰি ব্যৱসায়ৰ জৰিয়তে এতিয়া মাহে প্রায় ২২ হাজাৰ টকাকৈ বছৰি ২.৬৪ লাখ টকা উপাৰ্জন কৰে। তেনেদৰে টিংখাং উন্নয়ন খণ্ডৰ ২নং কেন্দুগুৰি গাঁৱৰ কৃষ্ণচূড়া আত্মসহায়ক গোটৰ সদস্যা ৰুমী দত্ত কলিতাই নিজৰ ১০ বিঘা ভূমিত ঋতুকালীন শাক-পাচলিৰ খেতি কৰি সেইসমূহ বিক্ৰীৰ জৰিয়তে মাহে প্রায় ২০ হাজাৰ টকাকৈ বছৰি ২.৪০ লাখ টকা আয় কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ আন আন মহিলাসকলেও নিজকে এইদৰে লাখপতি বাইদেউৰ শাৰীলৈ উত্তৰণ ঘটাব পাৰিব। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে বৰ্তমানলৈকে প্রায় ১২ লাখ মহিলাই উদ্যমিতা পুঁজিৰ ধন লাভ কৰিছে। এই ধনৰাশি সদ্ব্যৱহাৰ কৰিবলৈ তেওঁ মহিলাসকলক আহ্বান জনাই কয় যে এই ধনৰাশিৰ উপযুক্ত ব্যৱহাৰ হ’লে উদ্যমী মহিলাসকলে পৰৱৰ্তী পর্যায়ত ২৫ আৰু ৫০ হাজাৰ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে উদ্যমিতাৰ দিশে মহিলা সমাজক আগবঢ়াই নিয়াৰ সমান্তৰালকৈ চৰকাৰে আন বহুতো কল্যাণকামী পদক্ষেপ আৰু আঁচনি গ্রহণ কৰিছে।

টিংখাং সমষ্টিত অৰুণোদয় আঁচনিৰ জৰিয়তে ২৯,৬৯৫গৰাকী মহিলাক সামৰি লোৱা হৈছে, তেনেদৰে ২,০৩৪ গৰাকী ছাত্রীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে আৰু ৫১,৬২৪খন ৰেচন কাৰ্ডৰ জৰিয়তে সমষ্টিটোৰ প্ৰায় ১.৫০ লাখ লোকক বিনামূলীয়া চাউলৰ লগতে ১১৭ টকাতে এক কিলোগ্রামকৈ দাইল, চেনি আৰু নিমখ প্ৰদান কৰা হৈছে। আজি আমি অসমৰ জনজীৱনলৈ পৰিৱৰ্তন আনিছোঁ। দুখীয়া, মধ্যবিত্তৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সমান্তৰালকৈ আমি অসমত উন্নয়ন আৰু পৰিৱৰ্তনৰ এক নতুন দিগন্ত ৰচনা কৰিছোঁ। বিগত পাঁচ বছৰত আমি অসম্ভৱপ্ৰায় বহু কাম এটা এটাকৈ সম্ভ কৰি তুলিছোঁ। টিংখাঙত উদ্বোধন আৰু শিলান্যাস হোৱা প্রকল্পসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে সমষ্টিটোত ইতিমধ্যে তিনিখন আদর্শ বিদ্যালয় স্থাপন কৰাৰ লগতে অসম মালাৰ অধীনত মৰাণ টাউনৰ পৰা দিচাং কিনাৰ বঙালীলৈ মৰাণ-নাহৰকটীয়া পথ আৰু অসম মালা-২.০ৰ অধীনত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিগম পাঁচআলি হৈ বামুণবাৰীলৈ পথ নিৰ্মাণ কৰি থকা হৈছে। তেনেদৰে চি আৰ আই এফৰ অধীনত মাহমৰা আলি পথ আৰু অঘুনীবাৰীৰ পৰা তেলপানী সংযোগী পথত আৰচিচি দলং নিৰ্মাণ কৰি থকা হৈছে। মৰাণত এটা বৃহৎ বজাৰগৃহ ২৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব বুলি অনুষ্ঠানত ঘোষণা কৰি তেওঁ লগতে কয় যে মৰাণ চহৰৰ মাষ্টাৰপ্লেন প্ৰস্তুত, নলা-নর্দমা আদি নিৰ্মাণৰ বাবেও চৰকাৰে পৰ্যায়ক্রমে ব্যৱস্থা গ্রহণ কৰিব। আজি উদ্বোধন হোৱা অভয়পুৰ গ্ৰাম্য ক্রীড়া প্রকল্পত চিনথেটিক ট্রেক স্থাপন, ফ্লাড লাইটৰ ব্যৱস্থা আদিও কৰা হ’ব বুলি তেওঁ সদৰী কৰে। উক্ত অনুষ্ঠানত মন্ত্রী বিমল বড়া, যোগেন মহন, পীযূষ হাজৰিকা, প্রশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, ৰূপজ্যোতি কুর্মী, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দৈউৰী, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্রী পুষ্পাঞ্জলি সোণোৱাল প্রমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি, জিলা আয়ুক্ত বিক্রম কৈৰী অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ সমন্বিতে বিভাগীয় বিষয়াসকল আৰু আত্মসহায়ক গোটৰ উদ্যমী মহিলাসকল উপস্থিত থাকে।
