বৰঝাৰৰ নতুন টার্মিনেলৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

বৰঝাৰৰ নতুন টার্মিনেলৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী। এই ভ্রমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেলটো শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপ সাৰ কাৰখানাৰ এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ভূমিপূজন কার্যসূচীত অংশগ্ৰহণ কৰিব।  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী সদৰী কৰে। মঙলবাৰে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেলৰ মুকলি সন্দর্ভত বুজ লৈ প্রধানমন্ত্ৰীগৰাকীৰ অসম ভ্রমণ সম্পৰ্কীয় কাৰ্যসূচীৰ তথ্য প্রকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সদৰী কৰা অনুসৰি ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি ২.৪৫ বজাত লোকপ্রিয় গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমানবন্দৰৰ নতুন টার্মিনেল মুকলি কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা কাৰ্যসূচীৰ অংশ হিচাপে বিমানবন্দৰ চৌহদৰ ভিতৰতে ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ এক সুবিশাল প্রতিমূর্তি উদ্বোধন কৰিব। এই সুবিশাল প্রতিমূৰ্তিটোৰ উচ্চতা হ’ব ৮০ ফুট। এই মূর্তিটো নির্মাণ কৰিছে বিখ্যাৎ স্থপতিবিদ ৰাম ছুটাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰাৰ পাছতে টার্মিনেল ভৱনৰ অন্তৰ্ভাগত ১৫ মিনিট ধৰি পৰিভ্ৰমণ কৰিব। তাৰ পিছতে তেওঁ নতুন টার্মিনেল উদ্বোধন কৰা উপলক্ষে এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ দিব।

এই কাৰ্যসূচীৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনে পোনে বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হ’ব। তাতে তেওঁ আধাঘণ্টা সময় অতিবাহিত কৰিব। এই কাৰ্যসূচীৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ ৰাজ্যিক অতিথিশালাত জিৰণি ল’ব আৰু তাতে তেওঁ নিশাটো কটাব। ২১ ডিচেম্বৰৰ পুৱা ৮ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত চৰাইদেউ জাহাজত অসমৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষা সম্পর্কীয় প্রধানমন্ত্রীৰ জনপ্রিয় কাৰ্যসূচী ‘পৰীক্ষা পে’ চর্চা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত অসমৰ নিৰ্বাচিত ২৫-৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত নিৰ্মাণ কৰা জাহাজ টার্মিনেলত এই কার্যসূচী সম্পন্ন হ’ব, য’ত কার্যসূচী চলি থাকোঁতে জাহাজ ব্রহ্মপুত্রত চলাচল কৰি থাকিব। পৰীক্ষা পে’ চর্চা কাৰ্যসূচী সমাপনৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰাগাঁৱৰ নৱনির্মিত শ্বহীদ স্মাৰক উদ্যানলৈ যাব। তাতে তেওঁ অসম আন্দোলনৰ শ্বহীদসকলৰ নামত নিৰ্মাণ কৰা স্মাৰকত শ্বহীদসকলৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰ পিছতে তেওঁ বৰঝাৰ বিমানবন্দৰলৈ যাব আৰু তাৰ পৰা পোনে পোনে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰিব। ডিব্ৰুগড়ৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী নামৰূপলৈ যাব আৰু তাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপ সাৰ কাৰখানাৰ প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ আৰু বছৰি প্ৰায় ১২.৭ লাখ মেট্রিকটন উৎপাদনক্ষম এম ‘নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা প্রকল্পৰ ভূমিপুজন কৰিব। তাৰ পৰা তেওঁ ডিব্ৰুগড়লৈ ঘুৰি গৈ পোনে পোনে নতুন দিল্লীলৈ যাত্ৰা কৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী সদৰী কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই  বিমানবন্দৰৰ টার্মিনেলৰ বুজ লোৱাৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সকলোধৰণৰ সুবিধা-অসুবিধাৰ বুজ লয়।