৭ মাহৰ পিছত পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ চাৰ্জশ্বীট দাখিল নিয়াৰ

৭ মাহৰ পিছত পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ চাৰ্জশ্বীট দাখিল নিয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়াৱহ সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ সাত মাহ পিছত চার্জশ্বীট দাখিল কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই। সংস্থাটোৱে জম্মুৰ বিশেষ নিয়া আদালতত দাখিল কৰে ১,৫৯৭ পৃষ্ঠাজোৰা এখন চার্জশ্বীট। এই চার্জশ্বীটখনত সন্ত্রাসবাদী সংগঠনকে ধৰি ৭ অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে। চার্জশ্বীটখনত পাকিস্তানৰ চাজিদ জাট নামৰ এজন সন্ত্রাসবাদীৰ নাম বিশেষভাৱে উল্লেখ কৰা হৈছে। পাকিস্তানৰ পঞ্জাব প্রদেশৰ কছুৰ জিলাৰ বাসিন্দা তথা লস্কৰ-ই-তৈবাৰ এই সদস্যজন পেহেলগাম আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী বুলি চার্জশ্বীটখনত উল্লেখ কৰা হৈছে। নিয়াই ইতিমধ্যে চাজিদ জাটৰ সন্ধান দিওতাজনক ১০ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছিল। ঘটনাটোৰ তদন্ত কৰি থকা সময়ছোৱাত সংস্থাটোৱে এহাজাৰতকৈও অধিক লোকৰ সাক্ষ্য গ্রহণ কৰে। নিয়াই ১৮০ দিনৰ বিধিগত ডেড লাইনৰ ভিতৰতে এই চার্জশীট দাখিল কৰি পাকিস্তানভিত্তিক সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবা, দ্য ৰেছিছটেঞ্চ ফ্রণ্ট (টিআৰএফ) আৰু এজন হেণ্ডলাৰক অভিযুক্ত কৰে। এই সন্ত্রাসবাদী আক্রমণটোত পাকিস্তানৰ ষড়যন্ত্রমূলক ভূমিকাৰ কথা তথ্য-পাতিসহ উল্লেখ কৰা হৈছে। সন্ত্রাসবিৰোধী সংস্থাটোৱে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে- জম্মুৰ বিশেষ নিয়া আদালতত দাখিল কৰা ১,৫৯৭ পৃষ্ঠাৰ চাৰ্জশ্বীটখনত পাকিস্তানী হেণ্ডলাৰ সন্ত্রাসবাদী চাজিদ জাটৰ নামো উল্লেখ কৰা হৈছে। চার্জশ্বীটখনত লগতে আন তিনিজন সন্ত্রাসবাদীৰ নামো উল্লেখ কৰা হৈছে, যিসকলক যোৱা ২৯ জুলাইত শ্রীনগৰৰ ডেচিগামত অপাৰেচন মহাদেৱৰ সময়ত ভাৰতীয় সেনাই গুলীয়াই নিহত কৰে। তেওঁলোকক ফৈজাল জাট ওৰফে ছুলেমান শ্বাহ, হাবিব তাহিৰ ওৰফে জিবৰান আৰু হামজা আফঘানি বুলি চিনাক্ত কৰা হৈছে। সন্ত্রাসবাদীক আশ্রয় দিয়াৰ অপৰাধত যোৱা ২২ জুনত নিয়াই গ্ৰেপ্তাৰ কৰা আন দুজন অভিযুক্তক পাৰভেজ আহমেদ আৰু বছিৰ আহমেদ জোথাৰ বুলি চিনাক্ত কৰা হৈছে।