যোৰহাটৰ টীয়কত নৃশংসকাণ্ড

যোৰহাটৰ টীয়কত নৃশংসকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাটৰ টীয়কৰ বলমা মৰাণ গাঁৱত চাঞ্চল্যকৰ ঘটনা । ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলা আৰু কন্যাৰ মৃতদেহ । গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হোৱা স্বামীক হাস্পতালত ভৰ্তি । সমগ্ৰ যোৰহাট জিলাখনতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃত মাতৃগৰাকীৰ নাম চুনচুনী কোঁৱৰ আৰু কন্যা গৰাকীৰ নাম সোণাক্ষী কোঁৱৰ। সোণাক্ষী প্ৰথম শ্ৰেণীৰ ছাত্ৰী। আহত পিতৃৰ নাম কল্যাণ কোৱঁৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষী। জানিব পৰা মতে ঘটনাটো নিশা প্রায় ২ মান বজাত সংঘটিত হোৱা বুলি স্থানীয় লোকসকলে সন্দেহ প্রকাশ কৰিছে। স্থানীয় এজন লোকে জানিবলৈ দিয়া মতে, নিশা প্রায় দুই বজাত কল্যাণৰ বাসগৃহত মহিলাৰ মৰণকাতৰ আর্তনাদ শুনি কেইবাজনো লোক ওলাই আহি কল্যাণৰ ঘৰৰ জপনাৰ ওচৰৰ পৰা কিবা হৈছে নেকি বুলি সোধাত একো নাই হোৱা বুলি কল্যাণ কোঁৱৰে উত্তৰ দিয়াত ঘৰলৈ উভতি যায় স্থানীয় লোককেইজন। কল্যাণৰ প্ৰায় ৬ বছৰীয়া কন্যাৰ সৈতে সদায়ে একেলগে বিদ্যালয়লৈ যোৱা লগৰীয়াৰ মাকে বিদ্যালয়লৈ যাবলৈ আজি পুৱা মাত দিয়াৰ সময়তে প্রত্যক্ষ কৰে দুৱাৰ বন্ধ থকা। বহু সময়লৈ ঘৰৰ দুৱাৰ বন্ধ থকাত ওচৰ-চুবুৰীয়া গোট খায় আৰু ভিতৰলৈ জুমি চোৱাত প্রত্যক্ষ কৰে ভয়ংকৰ দৃশ্য। ছবছৰীয়া কণমানি শিৰশ্ছেদ অৱস্থাত বিছনাত পৰি থকাৰ লগতে মজিয়াত তেজেৰে তুমৰলি হৈ পৰি আছিল পত্নী চুনচুনী কোঁৱৰ। লগে লগে গাঁওপ্ৰধানৰ জৰিয়তে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুৱাৰৰ চুকত বহি থকা আঘাতপ্রাপ্ত কল্যাণ কোঁৱৰক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত স্বামী কল্যাণেই নৃশংসভাবে পত্নী-কন্যাক হত্যা কৰা বুলি সন্দেহ কৰিছে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্রকৃত ৰহস্য। এই ঘটনাই সমগ্র অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি পেছাত এগৰাকী কৃষক কল্যাণ কোঁৱৰ কিছুদিনৰ পৰা অসুস্থ হৈ আছিল। ঘটনাস্থলীত টীয়ক আৰক্ষীৰ লগতে যোৰহাটৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পুংখানুপুংখ পৰীক্ষা কৰাৰ লগতে এটা ফৰেনছিক দলেও পৰীক্ষা কৰি হত্যাকাণ্ডত ব্যৱহৃত এখন চোকা অস্ত্ৰ ঘৰৰ সন্মুখতে থকা এটা নাদৰ পৰা উদ্ধাৰ কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, যিহেতু ঘৰৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল সেই বাবে কল্যাণ কোঁৱৰে পত্নী আৰু কন্যাক হত্যা কৰা বুলি সন্দেহ কৰাৰ থল আছে, কিন্তু সেয়া পৰৱৰ্তী সময়তহে স্পষ্টকৈ উল্লেখ কৰিব পৰা হ’ব। আনহাতে আঘাতপ্রাপ্ত কল্যাণক প্রথমে টীয়ক এফ আৰ ইউ আৰু উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে যদিও বর্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত মাতৃ আৰু কন্যাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।