দিব্যাংগ নাট্য বিদ্যালয়ৰ বিশ্ব দিব্যাংগ দিৱস

দিব্যাংগ নাট্য বিদ্যালয়ৰ বিশ্ব দিব্যাংগ দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- ‘দিব্যাংগ নাট্য বিদ্যালয়’ আৰু ‘সচিত্ৰ পুথি সাংস্কৃতিক গোষ্ঠী’ৰ উদ্যোগত ৭ ডিচেম্বৰত বিদ্যালয়ৰ বাকৰিত বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত নিৰ্বাক গোষ্ঠীয়ে দিব্যাংগ নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মূকাভিনয়ৰ এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰে৷ অনুষ্ঠানৰ পৰিচালনা মিনাংক ডেকা আৰু অনুষ্ঠান পৰিৱেশন কৰে তেওঁৰ সংগীবৃন্দই। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শিনী, নিৰ্বাক গোষ্ঠীৰ জন্মদাতা মিনাংক ডেকা, গায়িকা পূৰ্বালি শৰ্মা, স্কুলৰ শিক্ষক প্ৰণৱ ৰাজখোৱা, কুলদীপ তালুকদাৰ আৰু স্কুলৰ শিক্ষয়িত্ৰী ভাস্বতী বৰা আৰু স্কুল পৰিচালনা সমিতিৰ কণিকা বুঢ়াগোহাঁইকে আদি কৰি বহুতো।

অনুষ্ঠানত স্কুলৰ ছাত্ৰ-ছাত্ৰী জয় হাজৰিকা, অৰিন্দম গগৈ আৰু আলদুৱে আই আৰ আমিনে গীত, মাধুৰ্য্য তালুকদাৰে গীতাৰ, ইশিতা টুমুংঙে বিহু নৃত্য, আকাশ বুঢ়াগোহাঁই যোগাসন, মনালিছা দাসে কবিতা আবৃত্তি আৰু তামান্না মহন্ত আৰু আচিফুৰ ৰহমানে অভিনয় কৰি ছাত্ৰ ছাত্ৰী সকলোক আপ্লুত কৰে। এই দিনজোৰা কাৰ্যসূচীত আঁত ধৰে দিব্যাংগ নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদে। লগতে সাউদে জানিবলৈ দিয়ে যে ডিচেম্বৰ বা জানুৱাৰী মাহত দিব্যাংগ শিশু, ব্যক্তি সকলৰ বাবে ‘দিব্যাংগ নাট্য কৰ্মশালা’ অনুষ্ঠিত কৰা হ’ব। তাত সকলো দিব্যাংগ শিশু, ব্যক্তিয়ে যাতে অংশগ্ৰহণ কৰে তাৰে কামনা কৰে।