অসম গ্ৰন্থমেলা, শিলচৰত সুধাকণ্ঠলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি
আলোচনা সত্ৰ শান্তিৰ সুৰধ্বনিঃ সমন্বিত সমাজ আৰু ড° ভূপেন হাজৰিকাৰ সাংগীতিক দৰ্শন
ড° ভূপেন হাজৰিকা প্ৰকৃতপক্ষেই এগৰাকী কিংবদন্তী শিল্পীঃ ড° সন্দীপা দাস
ভূপেন হাজৰিকাৰ সৃষ্টি মানেই মানৱতাৰ জয়জয়কাৰঃ ড° অনুপ কুমাৰ দে’
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিলচৰত আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ তদুপলক্ষে ইয়াৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত অসম গ্ৰন্থমেলাত “শান্তিৰ সুৰধ্বনিঃ সমন্বিত সমাজ আৰু ড° ভূপেন হাজৰিকাৰ সাংগীতিক দৰ্শন” শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয় ৷ আলোচনা সত্ৰখন চিন্তা উদ্দীপকভাৱে সঞ্চালনা কৰে গুৰুচৰণ বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ মুৰব্বী অধ্যাপক ড° সন্দীপা দাসে ৷ তেওঁ কয় যে ড° ভূপেন হাজৰিকা প্ৰকৃতপক্ষেই এগৰাকী কিংবদন্তী শিল্পী আছিল ৷ সংগীত, সাহিত্য, সাংবাদিকতা, শিক্ষকতা, চলচ্চিত্ৰ নিৰ্মাণ তথা পৰিচালনা সকলো ক্ষেত্ৰকে গৰিমামণ্ডিত কৰি গৈছে ৷ তেওঁৰ বিৰল সফলতাৰ কাৰণ হৈছে মানৱতাবোধ আৰু শান্তি-সমন্বয়ৰ দৰ্শন ৷ সংগীতৰ মাজেৰে তেওঁ অসম আৰু পশ্চিমবংগৰ মাজত সমন্বয়ৰ সেতু গঢ়িছিল ৷ বাংলাদেশতো সমানে প্ৰখাত ড° ভূপেন হাজৰিকা ৷ জাতি-জনজাতিৰে বাৰেৰহণীয়া অসমৰ সাংস্কৃতিক ঐতিহ্যক তেওঁ ভাৰতবৰ্ষৰ বুকুত, বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল পবিত্ৰ হৃদয়েৰে ৷ সাধাৰণ মানুহৰ সপোন-হেঁপাহ আৰু লোক-জীৱনৰ কৃষ্টি-পৰম্পৰাৰ সুৰধ্বনিয়ে তেওঁৰ সৃষ্টিৰ সাৰ কথা আৰু মুখ্য সুৰ ৷ সেয়েহে তেওঁৰ সৃষ্টিয়ে সেয়ে সীমাৰ পৰিধি ভাঙি প্ৰতিটো প্ৰন্তৰ সকলো মানুহৰ অন্তৰ জয় কৰিছে ৷ সেইবাবে সাদয়ে তেওঁৰ মহত্ব বন্দিত হৈ ৰ’ব ৷ ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ সুকুমাৰ কলা বিভাগৰ অধ্যাপক ড° ৰাজকুমাৰ মজিন্দাৰে ৷ তেওঁ বিষয় সন্দৰ্ভত কয় যে ড° ভূপেন হাজৰিকাৰ সৃষ্টিয়ে আমাক ভেদাভেদ পাহৰি মানুহ হিচাপে জীয়াই থাকিবলৈ অনুপ্ৰেৰণা যোগায় ৷ সুধাকণ্ঠৰ সৃষ্টিৰ এয়া বৈশিষ্ট্য ৷ সেয়ে অসমৰ জনতাৰ বাবে তেওঁ যিদৰে প্ৰাণৰ শিল্পী হিচাপে বন্দিত হৈছে, পশ্চিমবংগতো একে ধৰণে বন্দিত হৈছে ৷ জাতি-জনজাতি, ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে তেওঁৰ সৃষ্টিৰাজীয়ে সকলোকে মানুহ হিচাপে আকোঁৱালি লৈছে ৷ তেওঁৰ প্ৰতিটো গীততে আছে শান্তি আৰু সমন্বয়ৰ বাৰ্তা ৷
তেওঁ অসমী আইৰো সু-সন্তান আৰু সমান্তৰালভাৱে ভাল ভাৰতীয় নাগৰিক ৷ আলোচনা সত্ৰখনত অসম বিশ্ববিদ্যালয়ৰ বাণিজ্যিক প্ৰশাসন বিভাগৰ অধ্যাপক ড° অৰূপ বৰ্মনে এই বিষয়ে আলোচনা কৰি কয় যে অসমৰ লোক-সমাজ সংগীতসূৰ্য ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰ মূল বৈশিষ্ট্য ৷ লোক-সমাজ বুলিলে পাহাৰ-ভৈয়াম, ভিন্ন জাতি, ভিন ভিন জনগোষ্ঠী সকলো থাকে ৷ ড° ভূপেন হাজৰিকাই এই সকলো মানুহৰে হৃদয়ৰ স্বৰ অনুধাৱন কৰিব পাৰিছিল ৷ সেইবাবে মানুহৰ মুকুতিৰ সুৰ, মানুহৰ অধিকাৰৰ সুৰ আৰু বিশ্ব মানৱতাৰ সুৰ প্ৰতিধ্বনিত হৈ আছে তেওঁৰ সৃষ্টিত ৷ সংগীত, চলচ্চিত্ৰ সকলোতে ইয়াৰ প্ৰতিফলন ঘটিছে৷ ইয়াত আলোচক হিচাপে উপস্থিত থাকে অসম বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° অনুপ কুমাৰ দে’ ৷ তেওঁ কয় যে ড° ভূপেন হাজৰিকা এনে এগৰাকী শিল্পী যাৰ সৃষ্টিৰ দাপোণত প্ৰতিবিম্বিত হয় মানুহৰ বৃহত্তৰ সমাজ ৷ ইয়াত বিচ্ছিন্নতাৰ কোনো স্থান নাই ৷ নিজৰ জন্মভূমিক ভালপোৱাৰ সমান্তৰালভাৱে তেওঁ সকলোকে সমানে ভাল পাবলৈ আহ্বান জনাই গৈছে। তেওঁৰ সৃষ্টি মানেই মানৱতাৰ জয়জয়কাৰ ৷ য’ত আমি প্ৰত্যেকেই নিজক, নিজৰ সমাজখনক দেখিবলৈ পাওঁ ৷ আন এগৰাকী বিশিষ্ট শিল্পী-গীতিকাৰ আৰু লেখক বিশ্বৰাজ ভট্টাচাৰ্যই গীতৰ জৰিয়তে ড° ভূপেন হাজৰিকাৰ বিশেষত্ব দেখুৱাই দিয়ে ৷ তেওঁ কয় যে ড° ভূপেন হাজৰিকাৰ গান মানেই জনজীৱনৰ ছবি ৷ বিশ্বশান্তি আৰু সমন্বয়ৰ ৰূপ জিলিকি আছে তেওঁৰ সৃষ্টিত ৷ উল্লেখ্য যে আটাইকেইগৰাকী আলোচকে বক্তব্যৰ মাজতে ড° ভূপেন হাজৰিকাৰ কালজয়ী গান পৰিৱেশন কৰি অনুষ্ঠানটো সমৃদ্ধ কৰে ৷ ইপিনে অসম গ্ৰন্থমেলা, শিলচৰত সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ডি এন এন কে গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল, সৰস্বতী বিদ্যা নিকেতন আৰু সংগীতায়ন মিউজিক স্কুলে ৷
