সমালোচনা হ’ব লাগে ইতিবাচক
আয়শা ছিদ্দিকা(আছৰি)
বাংলিপাৰা,বৰপেটা
বৰ্তমান সাহিত্য সমাজ এটা বিষয় চকুত বৰকৈ পৰে।
হয়তো ন লেখাৰু , উদীয়মান কবি সকলক লৈ ইয়াৰ আলোচনা বিশেষ। সমালোচনা হ’ব লাগে ইতিবাচক।
তেতিয়া হে ফলাফলৰ মান উন্নত হ’ব বুলি আশা কৰিব পাৰি। মানুহমাত্রেই ভুল । কথাষাৰ আমি সকলোৱেই জ্ঞাত। কিন্তু সেই ভুলৰ শুধৰণি যদি হয় গঠনমূলক তেতিয়া হে কাৰ্যকৰী হ’ব । অন্যথা হিতৰ বিপৰীত হোৱাৰ সম্ভাৱনা বেছি চাগে।
আজি কালি এটা বিষয় বৰকৈ পৰিলক্ষিত হয়। কোনোবা জনে লিখে ” বৰ্তমান সাহিত্য সংকটত”। আন কোনোবাই আকৌ লিখে ” লিখিব নাজানে নিজক সাহিত্য সাধক বুলি কয়”। আন কোনোৱে আকৌ লিখে
” নতুন প্ৰজন্মই কবিতা লিখিব নাজানে ,কবিতাৰ মৰ্ম বুজি নাপায়, যি মনত আহে তাকেই লিখি কবিতা বুলি প্ৰকাশ কৰি নিজক কবি বুলি দাবী কৰে”।
এনেকুৱা আৰু কিমান যে মন্তব্য আছে । সেয়া নিলিখিলোয়েই বা।
এতিয়া কথা হ’ল বীজ এটা ৰোপন কৰি আমি আজি পুৱা-গধূলি বীজটোক কৈ থাকো “সেই আম গছ জোপা দেখিচ নহয় তই সেই জোপাৰ দৰেই মিঠা ফল দিবি কম সময়তে বুজিলি ” নোৱাৰো বা চেষ্টা কৰিম বুলি ক’লে যোগ্যতা দক্ষতা ৰ ওপৰত নানা কটু কথা শুনিব লাগিব।
আমি ভুলৰ পৰাই শিকিব পাৰো। যিজনে জীৱনত ভুল নকৰে সেইজনে গভীৰ ভাবে কেতিয়াও শিকিব নোৱাৰে। ভুল নকৰিলে আমাৰ শিক্ষা খিনি নিকাহ নহয়। শিকাৰ মূল ধাপ হৈছে ভুল কৰা।
বৰ্তমানৰ সময়ত ব্যঙ্গ সমালোচনা কৰা হয় বুলি মোৰ দৃষ্টিগোচৰ হয়। আমাৰ সমালোচনাত গঠনাত্মক দিশ নাই বুলিয়েই ক’ব পাৰি। আছে মাথোঁ ব্যংগাত্মক দৃষ্টি ভংগীমাৰে এজনে আন এজনক সৰু কৰি নিজক জ্ঞানী বুলি পৰিচয় দিয়াৰ চিন্তা ভাৱনা।
কোনোবাই কিবা ভুল কৰিছে যদি তাক বুজাই দিয়ক কোনটো ভুল কৰিছে ভুল কৰা ঠাই খিনি সঠিক কৰাৰ কাৰণে কি প্ৰচেষ্টা কৰিব পাৰে। তেতিয়াহে শিকিব , বুজিব আগুৱাই যাব।
হয়! হ’ব পাৰে বৰ্তমানৰ কবিতা হওক গল্প, উপন্যাস সকলো খিনিৰ মূল বিষয়বস্তু প্ৰেম মূলক হয়।
সেইবুলি ক’ব নোৱাৰে যে লিখিব নেজানে। হ’ব পাৰে শব্দ শৈলী বাক্য গঠন সিমান উন্নত নহয় ব্যাকৰণৰ সম্পূৰ্ণ ব্যাৱহাৰ স্পষ্ট ফুটি নুঠে কেতিয়াবা কেতিয়াবা সেই বুলি লিখা বাদ দিয়াৰ নিচিনা মন্তব্য জানো গ্ৰহন যোগ্য…?
মই বিশেষকৈ কবি সকলৰ বিষয়ে এই মন্তব্য বেছি কৈ দেখা পাওঁ। কিছু সংখ্যক সাহিত্যিকৰ্মীয়ে যে মন্তব্য কৰে কবিতা হয় যদি হওঁক নহয় যদি নাই এনে লিখনি কিয় প্ৰকাশ কৰে….?
প্ৰশ্নটো আক্ৰমণাত্মক ভাৱে নকৰি ভালকৈ সকাৰাত্মক ভাৱে ক’লে হয়তো বহুতো উঠি অহা নৱ প্ৰজন্মৰ লেখাৰু সকল মাজ বাটতে সাহিত্যৰ প্ৰতি এক নকৰত্মক দৃষ্টি ভংগী পোষণ নকৰিলেহেঁতেন।
হয়! নতুনকৈ বহুতে সাহিত্য জগতলৈ পদাৰ্পন কৰি এনেকুৱা সমালোচনাৰ সন্মুখীন বা এনে মন্তব্যৰ স্বীকাৰ হৈ নিজে আস্থা হেৰুৱাই লিখা মেলাৰ প্ৰতি অনিহা ভাৱৰ জন্ম নিদিয়াও নহয়…
গঠন মূলক আলোচনা হওঁক বা সমালোচনাৰ অভাৱত বিতৰ্কৰ সৃষ্টি হৈ সভা, মঞ্চ কিংবা গোটৰ শোভাবৰ্ধনত ব্যাঘাত জন্মায়।
সমালোচনা জৰুৰী সাধাৰণ সমাজ হওঁক , ৰাজনৈতিক পটভূমি হওঁক কিংবা সাহিত্য সমাজ সমালোচনা নহ’লে বিষয় সমূহ নিকাহ ৰূপ ল’ব নোৱাৰে। কিন্তু সেয়া হ’ব লাগে গঠনমূলক। বিতৰ্ক মূলক নহয়।
নেতিবাচক , ব্যংগাত্মক প্ৰভাৱৰ পৰা সকলোৱে আঁতৰি সকাৰাত্মক, ইতিবাচক আৰু গঠনমূলক আলোচনা,সমালোচনাৰে সাহিত্য জগত আৰু মুখৰিত হৈ উঠক প্ৰতিজন ন- পুৰণি লেখক-লেখিকাৰ কলমৰ আগৰ শক্তিশালী শব্দৰ বন্ধনীৰে……
