গুৱাহাটীত উপস্থিত  বিশ্ব বিখ্যাত আমেৰিকান পপষ্টাৰ পোষ্ট মেলন

গুৱাহাটীত উপস্থিত  বিশ্ব বিখ্যাত আমেৰিকান পপষ্টাৰ পোষ্ট মেলন

ৰঙিলী বাৰ্ত্তাসেৱা- আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব বিশ্ব বিখ্যাত আমেৰিকান পপষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট । গুৱাহাটীত আহি উপস্থিত হ’ল আমেৰিকাৰ প্ৰখ্যাত পপ তাৰকা পোষ্ট মেলন। আজি বিয়লি প্রায় ৩:৪৫ বজাত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়হি পপ তাৰকা পোষ্ট মেলন। বৰঝাৰ বিমানবন্দৰত তেওঁৰ বিশেষ বিমানখনে অৱতৰণ কৰাৰ লগে লগে বিশ্বৰ অন্যতম জনপ্রিয় শিল্পীগৰাকীয়ে অসম ভূমিত ভৰি থয়। প্রখ্যাত পপ তাৰকাগৰাকীক বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয়। বিমানবন্দৰৰ পৰা তেওঁক খানাপাৰালৈ লৈ যোৱা হ’ব। আজি সন্ধিয়া খানাপাৰাৰ খেলপথাৰত পপ তাৰকা পোষ্ট মেলনে সুৰৰ মূর্ছনা তুলিব। ইতিমধ্যে জনপ্রিয় শিল্পীগৰাকীৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে দুপৰীয়াৰ পৰাই খানাপাৰাৰ খেলপথাৰলৈ অনুৰাগীৰ সোঁত বৈছে ।বৃহৎ জনসমাগমলৈ লক্ষ্য ৰাখি ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰিছে প্রশাসনে। সমগ্র এলেকাত মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী বাহিনী।