ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীত বাধ্যতামূলক হ’ব অসমৰ বুৰঞ্জী আৰু ভূগোল

ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীত বাধ্যতামূলক হ’ব অসমৰ বুৰঞ্জী আৰু ভূগোল

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যিক কেবিনেটে এইবাৰ অসমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণী পর্যন্ত অসম বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক পাঠ্যক্রম হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেবিনেট বৈঠকে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বাধ্যতামূলক পাঠ্যক্রম হিচাপে প্ৰৱৰ্তন কৰিব বিচৰা অসম বুৰঞ্জী আৰু ভূগোল বিষয়ৰ প্রশ্নকাকতৰ বাবে ৫০ নম্বৰকৈ অনুমোদন কৰিছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ প্ৰৱৰ্তন কৰিব বিচৰা এই পাঠ্যক্ৰম অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ উদ্দেশ্যে গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ পৰামৰ্শৰ ভিত্তিতে গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে মুখ্যমন্ত্রী ড° শৰ্মাই। ইয়াৰ জৰিয়তে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ পৰামৰ্শৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰূপায়ণৰ ব্যৱস্থা কৰা হয়। এই কেবিনেটে আন কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্তও গ্ৰহণ কৰে। সেই অনুসৰি শিলচৰৰ ডলু চাহ বাগিচাৰ ভূমিত নিৰ্মাণ কৰিবলগা গ্রীন ফিল্ড এয়াৰপ’ৰ্টৰ বাবে তিনি হাজাৰ বিঘা মাটি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণলৈ হস্তান্তৰ কৰা হয়। তাৰ উপৰি মিছন বসুন্ধৰাৰ অধীনত ১,২০০ পৰিয়াললৈ ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে ৰাজ্যিক কেবিনেটে। কেবিনেটৰ অন্য এক সিদ্ধান্ত অনুসৰি আছাম ল’জিষ্টিক এণ্ড ৱেৰহাউছিং পলিচী-২০২৫ত অনুমোদন জনোৱা হয়। ইয়াৰ জৰিয়তে অসমক ল’জিষ্টিক হাবলৈ পৰিণত কৰাৰ চেষ্টা চলোৱা হৈছে। তদুপৰি অসমৰ জিডিপি বৃদ্ধি হোৱাৰ লগতে নিবনুৱা সমস্যাৰ সমাধান হ’ব। অসম অভিযান্ত্রিক মহাবিদ্যালয়ত অসম চৰকাৰে Dassalt systems India private limitedৰ সৈতে যুটীয়াভাৱে স্থাপন কৰিবলগীয়া এটা প্রকল্পতো আজিৰ কেবিনেটে অনুমোদন জনায়। ২৪৩ কোটি টকা ব্যয়েৰে ৫ হাজাৰ বৰ্গফুট এলেকাত স্থাপন হ’বলগীয়া প্রকল্পটোৰ অধীনত এৰ’স্পেচ এণ্ড ডিফেনছ, অটোমেটিভ এণ্ড ইলেক্ট্রিক ভেহিকলছ সম্পর্কীয় পাঠ্যক্রম আগবঢ়োৱা হ’ব। ইয়াত অসম চৰকাৰে ৪৩ কোটি টকা আৰু Dassalt systems India private limited-এ ২০০ কোটি টকা ব্যয় কৰিব। কেবিনেটৰ সিদ্ধান্ত অনুসৰি কাৰ্বি আংলঙৰ লংভাকুত স্থাপন কৰিবলগা সৈনিক স্কুলৰ বাবে প্রয়োজনীয় প্রশাসনিকত অনুমোদন জনায়। ইয়াৰ বাবে ৩৩৫ কোটি টকা ব্যয় হ’ব। ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রালয়ে ৮০ শতাংশ ধন ব্যয় কৰাৰ বিপৰীতে অসম চৰকাৰে ২০ শতাংশ ধন ব্যয় কৰিব। এই সৈনিক স্কুলৰ কাম-কাজ অহা ১৫ জানুৱাৰীৰ ভিতৰত আৰম্ভ হ’ব। তাৰ উপৰি আজিৰ কেবিনেটে ডিমা হাছাওৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সময়ত ক্ষতিগ্রস্ত ৪৮৪টা পৰিয়াললৈ ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰাৰ পাছত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটীলৈ আহিবলগা ৰেপাৰ, পপ ষ্টাৰ পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ নোযোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। কেবিনেটৰ লগতে ৰাজ্য চৰকাৰৰ কোনো সদস্যই পোষ্ট মেলনৰ সংগীতানুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এই অনুষ্ঠানটো ৰাজ্য চৰকাৰৰ অনুষ্ঠান নহয়। আমি কেৱল সহযোগিতাহে কৰিছোঁ। আমি সংগীতানুষ্ঠানৰ লগত জড়িত নহয়। অর্থনৈতিকভাৱে আমি কোনো সহায় কৰা নাই। অনুষ্ঠানটো বুক মাই শ্ব’ৰ জৰিয়তে কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বেই পোষ্ট মেলনৰ কনচাৰ্টৰ আয়োজনৰ সিদ্ধান্ত লোৱা হৈছিল। জুবিন গার্গে কেতিয়াও পোষ্ট মেলন কনচাৰ্ট সংগীতানুষ্ঠানৰ বিৰোধিতা কৰা নাছিল।