আমিনগাঁওস্থিত যুৱ বিকাশ কেন্দ্ৰত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক অনুষ্ঠিত
ৰঙিলী বাৰ্ত্তাসেৱা- ৭ ডিচেম্বৰ দেওবাৰে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় আমিনগাঁওস্থিত যুৱ বিকাশ কেন্দ্ৰত ।সভাত সভাপতিত্ব কৰে জগন্নাথ কলিতাই ,উদ্দেশ্য ব্যাখ্যা কৰে অচ্যুত কলিতাই।সভাত বিষয়ববীয়াসকলে বিভিন্ন প্ৰস্তাব ৰাখে।সবিতা দেৱী বৰুৱাৰ ভক্তিমূলক গীতেৰে সভাৰ শুভাৰাম্ভণি কৰা হয়। উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মৃণাল বৰা,উপ সভাপতি ভবেশ ডেকা,উপদেষ্টা ক্ৰমে অনিল গোস্বামী ,মানিক দত্ত ,পমী গোস্বামী ৰুণুমি তালুকদাৰ ,উপ সভাপতি ড° শেৱালি দাস কলিতা ,কোষাধ্যক্ষ শুক্লেশ্বৰ মালী,সাংগঠনিক সম্পাদক মেদিনী মোহন ভট্টাচাৰ্য,জিলাৰ সহঃ সম্পাদক মিৰ্জা লুৎফৰ ৰহমান ,পত্ৰিকা সম্পাদক চম্পাৱতী কলিতা,নৱনিযুক্ত প্ৰচাৰ সম্পাদক ধৰ্মেন্দ্ৰ বৰা,ছয়গাঁও শাখাৰ সভাপতি অনিল সাউদ ,সম্পাদক মৃদুল কলিতা ,কৃষ্ণচূড়া শাখাৰ সভাপতি হিমাজ্যোতি তালুকদাৰ, উত্তৰ গুৱাহাটী কবি সন্মিলনৰ সম্পাদক জয়শ্ৰী শৰ্মা ভট্টাচাৰ্য,কাৰ্যবাহী সদস্য ক্ৰমে জোন ডেকা ,বিদিতা ভট্টাচাৰ্য,সবিতা দেৱী বৰুৱা ,হিমালী কলিতা ,সঞ্জয় কুমাৰ দাস,পৃথক কলিতা।সভাত কেইবাটাও কাৰ্যসূচী পালন কৰা হৈছে।ড° শেৱালি দাস কলিতাৰ উপন্যাস ” জীৱনৰ নতুন খোজ ” উন্মোচন কৰে সভাপতি জগন্নাথ কলিতাই ,সভাত কবিতা পাঠ কৰে কবিসকলে ,শেষত শলাগৰ শৰাই আগবঢ়াই সম্পাদক অচ্যুত কলিতাই।
