ভাল কৰিব নোৱাৰিলে,বেয়াও নকৰিব
শৈলেন কুমাৰ,মিৰ্জা
তৈলমৰ্দন,চাটুকাৰীতা কৰি হয়টো কিছুদিন তিষ্ঠিব পাৰি কিন্তু বজাৰত টেঙা আম মূল্যহীন ৷ এদিন তাৰ পৰিণতি অপদস্থভাৱে হয় ৷ আপোনাৰ যিখিনি আছে সেইখিনিলৈ আগবাঢ়িব শিকিব লাগে,মানুহে উপলুঙা কৰিব বা ঠাট্টা কৰিব তাকলৈ বিক্ষেপ নকৰি,নিজৰ কাম কৰিব লাগে ৷ দুদিন কষ্ট হ’ব কিন্তু সময়ৰ গতিত অভ্যস্ত হব পৰা যায় ৷ নিজৰ পৰিচয় নহোৱা মানুহ সমাজত মেৰুদণ্ডহীন হৈ পৰে ৷ পৰিচয় ভালবেয়া দুয়োটা থাকিব পাৰে,ব্যক্তি বিশেষে পৰিচয়ৰ ধাৰণা ভিন্নভিন্ন হব পাৰে ৷ লগতে এটা কথা মনত ৰখা উচিত বহুতে বিভিন্ন ধৰণে আপোনাক অহিত কৰিবলৈ চেষ্টা কৰিলে সেইসময়খিনিত কেৱল নিজস্ব শুদ্ধতা আৰু বিবেক দৃষ্টিৰে মোকাবিলা কৰিব লাগে ৷ কেতিয়াও নিজৰ আত্মসন্মান হেৰুৱাব নালাগে ৷ আজি হয়টো আনক অনুসৰণ কৰি দুদিন কৃত্ৰিম বুদ্ধিমত্তাৰে নিজৰ ভাতসাঁজ মোকলাই লব পাৰিম কিন্তু তেতিয়া আপুনি হৈ পৰিব আনৰ হাতৰ পুতলা,আপুনি আনৰ কথাত উঠাবহা কৰি ইমানেই অভ্যস্থ হৈ পৰিব যে আপুনি নিজকে পাহৰি যাৱ ৷ জীৱনত শুকনিমুৱা হৈ নহয় বীৰৰ দ্বৰে যুঁজিবলৈ শিকক ৷ মনত ৰখা উচিত কিনাবেচা খেলখনত কোনো আপোন নহয় আৰু কোনো পৰো নহয়, সদায় জীৱনৰ খেলখনত সততাৰে খেলিবলৈ শিকক,মিছলীয়াৰ ঠেং ছুটি বুলি কথা এশাৰী আছে সেইবাবে আমি কেতিয়াবা নহয় কেতিয়াবা নিজৰ কুস্বভাৱৰ কাৰণে কৰবাত নহয় কৰবাত অপমানিত হব লাগিব পাৰে ৷ সদায় সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰক আৰু কাৰোবাৰ ভাল কৰিব নোৱাৰিলে অন্ততঃ বেয়া নকৰিব ৷ বাকী সমাজৰ চুকেকোণে থাকি সমাজত বিষবাষ্প বিলোৱা এলান্ধু বিলাকৰ পৰা এৰাই চলক ৷
