মাতৃহন্তাক যাৱজ্জীৱন কাৰাদণ্ডক বিহিলে আদালতৰ

মাতৃহন্তাক যাৱজ্জীৱন কাৰাদণ্ডক বিহিলে আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহস্পতিবাৰে তেজপুৰৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ তথা ফাৰ্ষ্ট ট্ৰেক আদালতে এক ঐতিহাসিক ৰায় প্ৰদান কৰে । আদালতে ৩ বছৰৰ মূৰত মাতৃহন্তাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।অতিৰিক্ত ন্যায়াধীশ এ এম মহম্মদ মহিউদ্দনৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আৰু ফাষ্ট ট্রেক আদালতে অপৰাধীটোক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে। চৰকাৰী অধিবক্তা এন কে মিশ্রই জনায় যে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মাদাও ব্ৰহ্মই কোনো কথাত অগ্নিশর্মা হৈ মাতৃক কুঠাৰেৰে আঘাত কৰি নৃশংসভাবে হত্যা কৰিছিল । হত্যাৰ পিছত মৃতদেহটো ১৬ টুকুৰা কৰি ব্ৰহ্মই এই ঘটনাৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰে ৷ কিন্তু অতি তৎপৰতাৰে তদন্ত আগবঢ়াই আৰক্ষীয়ে সকলো প্ৰমাণ উদ্ধাৰ কৰে আৰু মাদাও ব্ৰহ্মক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত এই গোচৰটো মিছামাৰী থানাত নং ২৭/২২, ৩০২ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছিল আৰু পাছলৈ ছেছন আদালতৰ গোচৰ নং ১৫৮/২২ ত বিচাৰ চলিছিল বুলি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে ৷ চৰকাৰী অধিবক্তাই জনায় যে তেওঁক মৃত্যুদণ্ডৰ ৰায় দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰিব পাৰিলেহেঁতেন, কিন্তু অপৰাধীৰ বয়স কম হোৱা বাবে আদালতে এই সিদ্ধান্ত গ্রহণ নকৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে। তেওঁ কয় যে অপৰাধী ব্ৰহ্মই আদালততো স্বীকাৰ নকৰিলে কিহৰ কাৰণে তেওঁ মাতৃক তেনেদৰে হত্যা কৰিবলগীয়া হৈছিল।