লিমাৰিক – ৰুক্মিণী দাস

Pc Green is Peace

লিমাৰিক

ৰুক্মিণী দাস,শ্ৰীহাটী


পথাৰত ধান বোৰ আছে হালি জালি
পিতাই কাটিব ধান বোৰ অহা কালি
পকা ধানে ৰিঙিয়াই
মেঘে ছন্দ হেৰুৱাই
বিনা দোষত পিতাই মোক পাৰে গালি ।।

হেঁপাহৰে গৈছিলা ছিঙ্গাপুৰলৈ বুলি
সাগৰ ভালপোৱা জুবিন বোপা তুমি
সাগৰতে লীন হ’লা
তুমি ও আছিলা ভোলা
তোমাকেই মাৰিলে দুই বন্ধু ই মিলি ।।