আৰক্ষীৰ গুলীত উগ্ৰপন্থী নিহত

আৰক্ষীৰ গুলীত উগ্ৰপন্থী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিমা হাছাও জিলাত উগ্ৰপন্থী সংগঠন আৰু নিৰাপত্তা বাহিনীৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। বিদ্ৰোহী সংগঠন আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীয়াগুলী সংঘৰ্ষত এজন লোক নিহত হয়। জানিব পৰা মতে, সোমবাৰে নিশা ডিমা হাছাও জিলাত উগ্ৰপন্থী সংগঠন আৰু নিৰাপত্তা বাহিনীৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়, য’ত এজনে প্ৰাণ হেৰুয়ায়। তথ্য অনুসৰি, জিলাখনৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত প্ৰত্যন্ত জিনামভেলিত সোমবাৰে নিশা প্ৰায় ১১ মান বজাত অসম আৰক্ষীৰ কমাণ্ড বেটেলিয়ন আৰু মাৰ পিপলচ কোনভেচন ডেমক্ৰেটিক চুমুকৈ এইচপিচি (ডি) উগ্ৰপন্থী সংগঠনৰ মাজত গুলীয়াগুলী চলে।দুয়োপক্ষৰ মাজত হোৱা এই সংঘৰ্ষত এইচ পি চি ডি উগ্ৰপন্থী সংগঠনটোৰ এজন সদস্য নিহত হয় । পিছত এই সদস্য়জনক মোদী মাৰ ওৰফে মেমো বুলি ডিমা হাছাও আৰক্ষীয়ে নিশ্চিত কৰে । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সোমবাৰ নিশা ১১ বজাত জিনামভেলীৰ চিলাই গাঁৱত এইচ পি চি ডি উগ্ৰপন্থী সংগঠনৰ এটা দলে এখন গাড়ী ৰখাই গুলীচালনা কৰে । গুলিৰ শব্দ শুনাৰ লগে লগে কাষতে থকা অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়ান ওলাই অহাত উগ্ৰপন্থীৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে ।ইয়াৰ পাছতে আৰম্ভ হয় অসম আৰক্ষীৰ কমাণ্ড বেটেলিয়নৰ লগত উগ্ৰপন্থী সংগঠনটোৰ সদস্যৰ গুলীয়াগুলী। য’ত এইচপিচি (ডি) উগ্ৰপন্থী সংগঠনৰ এগৰাকী সদস্য নিহত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। জানিব পৰা মতে নিহত কেডাৰ মোদী মাৰ ওৰফে মেমো জিনামভেলিৰ বৰো আৰ্কাপ গাঁৱৰ বাসিন্দা। এই ঘটনাৰ পাছতে মোদীৰ মাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে।