শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বিৰোধীক কটাক্ষ প্ৰধানমন্ত্ৰীৰ

Pc AP7AM

শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বিৰোধীক কটাক্ষ প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন।সংসদৰ শীতকালীন অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ সোমবাৰে পুৱা ১০ বজাত সংসদ ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সংসদত উপস্থিত হোৱাৰ পাছতেই অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷  প্রধানমন্ত্রী মোদীয়ে সংসদত আলোচনাৰ পৰিৱেশ বজাই ৰখাৰ আবেদন জনাই কয়- ‘নাটক কৰাৰ বাবে বহু ঠাই আছে। ইয়াত (সংসদ) সেৱা প্ৰদান কৰা উচিত।’ বিৰোধী দলসমূহলৈ প্রধানমন্ত্রী মোদীয়ে পৰাজয়ৰ হতাশাক কাটি কৰি থৈ জনস্বাৰ্থত কাম কৰাৰ পৰামৰ্শ আগবঢ়ায়। প্রধানমন্ত্রী মোদীৰ বক্তব্যত উত্থাপন হয় বিহাৰৰ নিৰ্বাচনৰ প্ৰসংগও। এই প্ৰসংগতে তেওঁ বিৰোধী দলসমূহলৈ এনে পৰামৰ্শ আগবঢ়ায়। নিজৰ বক্তৃতাত মজবুত গণতন্ত্ৰৰ ওপৰত জোৰ দিয়ে প্রধানমন্ত্রী মোদীয়ে। বিহাৰৰ নিৰ্বাচনক গণতন্ত্ৰৰ উজ্জ্বল উদাহৰণ বুলি আখ্যা দিয়ে তেওঁ। তাৰ পিছতেই বিৰোধীক খোঁচ মাৰি তেওঁ কয়- ‘কোনো কোনো দলে এতিয়াও নির্বাচনী পৰাজয়ক গ্রহণ কৰিব পৰা নাই।’ একে সময়তে প্ৰধানমন্ত্ৰীৰ মন্তব্য- ‘ধাৰাবাহিক পৰাজয় সংসদত আলোচনাৰ বিষয়বস্তু হ’ব নোৱাৰে।’ বিৰোধী দলসমূহে যোৱা ১০ বছৰ ধৰি মানুহৰ ওচৰত গ্ৰহণযোগ্যতা হেৰুৱাই পেলাইছে বুলি দাবী কৰে মোদীয়ে। প্রয়োজন হ’লে তেওঁলোকক ভোটত জয়ী হোৱাৰ কিটিপ দিব পাৰে বুলিও বিদ্রূপ কৰে। তেওঁ কয়- ‘তেওঁলোকে (বিৰোধী দলসমূহে) কৌশল সলনি কৰা উচিত। আমি কিছু কিটিপ দিবলৈ সাজু আছোঁ।’ এইক্ষেত্রত প্রধানমন্ত্রীক ওলোটাই আক্রমণ কৰে কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী ৱদ্রাই। সংসদত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ কয়- ‘প্রদূষণ অথবা এছআইআৰৰ দৰে জৰুৰী বিষয়সমূহক লৈ সংসদত আলোচনা হোৱা উচিত। এই বিষয়সমূহ উত্থাপন কৰাটো নাটক নহয়। যেতিয়া নির্বাচিত প্রতিনিধিসকলক জনস্বার্থ সম্পর্কিত বিষয়সমূহক লৈ আলোচনা কৰিবলৈ দিয়া নহয়, তেতিয়াই নাটক কৰা হয়’ কংগ্ৰেছ, তৃণমূলসহ বিৰোধী সাংসদসকলে অধিৱেশনৰ আৰম্ভণিতেই প্রশ্নোত্তৰ পৰ্ব স্থগিত ৰাখি এছআইআৰক লৈ আলোচনাৰ দাবী উঠায়। তাৰ বিপৰীতে প্ৰতিবাদমুখৰ হৈ উঠে শাসকীয় দলৰ সাংসদসকল। অধ্যক্ষ ওম বিৰলাই জনায় যে তেওঁ এছআইআৰক লৈ আলোচনাৰ সুযোগ দিবলৈ ৰাজী। কিন্তু প্রশ্নোত্তৰ পৰ্ব স্থগিতৰ দাবী মানি ল’বলৈ ৰাজী নহয় বুলি কোৱাৰ লগে লগেই আৰম্ভ হয় শ্ল’গান-প্রতিশ্ল’গান। অৱশেষত অধ্যক্ষই ১২ বজালৈ অধিবেশন স্থগিত ৰাখিবলগীয়া হয়। পিছত অধিৱেশন বহিলেও পুনৰ অস্থিৰ অৱস্থাৰ সৃষ্টি হোৱাত আকৌ সদন স্থগিত ৰাখিবলগীয়া হয়। তাৰ মাজতে বিত্তমন্ত্রী নির্মলা সীতাৰমণে সংসদত জিএছটি সংস্কাৰ বিধেয়ক উত্থাপন কৰে। ইফালে, বিৰোধীয়ে এছআইআৰ বিষয়ত আলোচনাৰ দাবীত সদন ত্যাগ কৰাত ৰাজ্যসভাৰ কাৰ্যসূচীও দিনটোৰ বাবে স্থগিত ৰাখিব লগা হয়।