জীৱন সমীপেষু –  মিতালি বৰঠাকুৰ

Pc Unsplash

জীৱন সমীপেষু

  মিতালি বৰঠাকুৰ,মালিগাওঁ, গুৱাহাটী

এতিয়া আকাশ ৰাঙলী হ’ল
আবেলি  বেলিৰ তেজেধোৱা গা –
বতাহৰ গাটো লাগি আহে  তেজৰ চেকুৰা
ৰ’দৰ মৌন প্ৰতিবাদ

সীমনাৰ সিপাৰে আকাশৰ উচুপনি
সময়ৰ প্ৰহসনত জীৱন সীমাবদ্ধ
দিগন্তব্যাপী মৌন সমদল
নিমাত পৃথিৱী
ৰাতিৰ প্ৰহৰত ঢলি পৰা আকাশ
তথাপি ,
প্ৰীতিৰ  কথকতাৰে জীৱন অনুপম ।