আঘোণৰ দাৱনীজনী – প্ৰবীণ কুমাৰ টায়ে

Pc Etsy

আঘোণৰ দাৱনীজনী

প্ৰবীণ কুমাৰ টায়ে
লালুক লক্ষীমপুৰ

পুৱাই সদায় আহে
আঘোণৰ দাৱনীজনী
মোৰ ঘৰৰ কাষৰ
সোণোৱালী ধাননিলৈ
এজনী অচিনাকি পৰী আহে
পুৱাই কুঁৱালী ফালি
ধান কটা চলেৰে
পথাৰলৈ বুলি
পুৱাই সাৰপাই
খিড়িকীখন খুলি
চকুজুৰি মোহাৰি চাওঁ
সদায় তাইক দেখা পাওঁ
তাই সেই সু-মধুৰ মৌ সনা হাঁহিটি
বুকুৰ মাজত যিমানেই দুখ
নাথাকক কিয়
তাই মুখত সদায় মিচিকিয়া
হাঁহিটি দেখা পাওঁ
সোণসেৰীয়া ধাননি দৰাক
গোচিবোৰ কাটি
মুঠি মুঠি কৈ যেতিয়া ৰাখে
আবেলি মই ডাঙৰি বন্ধা
চলেৰে কাষলৈ যাওঁ
চুচুক-চামাককৈ
তাই কটা ধানৰ মুঠিবোৰ
উঠাই ডাঙৰি বান্ধো
এভাৰি- দুভাৰিকৈ
তাই মোক দেখিলে
তলমূৰ কৰি ফৰিং
ধৰা অভিনয় কৰে
আৰু মই
কান্ধত ধানভাৰিলৈ
ঘৰমুৱা হওঁ
আঘোণৰ ধাননি
সেউজী ধৰণী
কেতিয়াও পাহৰিব
নোৱাৰি
ক’ব লাগিছিল
কিন্তু
কেনেকৈ কওঁ
তাইক ভালপাওঁ বুলি
ক’ব ভয় লাগে
সদায় ক’ম ক’ম
বুলি ভাবো কব নোৱাৰো
তাইক দেখিলে হৃদয়খন
বিষাই আহে
তাই হাঁহিটিযে
জ্বলাই জ্বলাই মাৰিছে মোক !!