বৰ্ণিল কাৰ্যসূচীৰে তিনিচুকীয়াত আৰম্ভ দহদিনীয়া অসম গ্ৰন্থমেলা

বৰ্ণিল কাৰ্যসূচীৰে তিনিচুকীয়াত আৰম্ভ দহদিনীয়া অসম গ্ৰন্থমেলা
অসমত গ্ৰন্থ আন্দোলনে সুফল লাভ কৰিছেঃ ড° বসন্ত কুমাৰ গোস্বামী
গ্ৰন্থ আন্দোলনৰ শুভবাৰ্তা সকলো ফালে বিয়পি পৰা উচিতঃ দিলীপ চন্দন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা আজিৰে পৰা আৰম্ভ হৈছে তিনিচুকীয়াত ৷ ইয়াৰ চলিহা নগৰ খেলপথাৰত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা আজি বিয়লি উদ্বোধন কৰা হয়৷ এই উদ্বোধনী সভাখনত সন্মানীয় অতিথিপৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক , অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে ৷ তেওঁ ভাষণত কয় যে অসমত গ্ৰন্থ আন্দোলনে সুফল লাভ কৰিছে ৷ এইক্ষেত্ৰত চৰকাৰৰ ভূমিকাও প্ৰশংসনীয় ৷ চলিত বৰ্ষটোক চৰকাৰে গ্ৰন্থ-বৰ্ষ বুলি ঘোষণা কৰাটো আনন্দদায়ক কথা ৷ গ্ৰন্থ ক্ৰয় আৰু অধ্যয়নৰ সুন্দৰ বাতাৱৰণ গঢ়ি তোলাৰ বাবে অসম প্ৰকাশন পৰিষদে বৰ নিষ্ঠাৰে কাম কৰিছে ৷ এই কাৰ্যসূচীত চামিল হৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থায়ো জাতিৰ প্ৰতি দায়ৱদ্ধতা পালন কৰিছে ৷ তেওঁ লগতে অসম সাহিত্য সভায়ো সম্প্ৰতি গুৰুত্বপূৰ্ণ বিষয়ৰ পুথি প্ৰকাশৰ পৰিকল্পনাৰে আগবাঢ়িছে ৷ কাৰণ গ্ৰন্থইহে এটা বৌদ্ধিক পৰিৱেশ সৃষ্টি কৰিব পাৰে , জ্ঞান চৰ্চাৰ পৰিৱেশ ৰচনা কৰিব পাৰে ৷ তিনিচুকীয়াত এইবেলিও অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত হ’ব বুলি আশা প্ৰকাশ কৰি ৰাইজক এইবুলি আহ্বান জনায় কয় “ল’ৰা-ছোৱালীবোৰক গ্ৰন্থমেলালৈ নি কিতাপৰ প্ৰতি আকৰ্ষণ জগাই তোলাৰ প্ৰয়াস কৰক ৷ কোনখন ভাল কিতাপ সেয়া নিৰ্বাচন কৰি কিনিবলৈ দিয়ক ৷ কিতাপৰ ?ভৱিষ্যতক লৈ বহুতে শংকা প্ৰকাশ কৰিছে ৷ শংকা থকাটো হয়ো কাৰণ কাগজৰ কিতাপৰ সলনি স্ক্ৰীণত কিতাপ পঢ়াৰ ব্যৱস্থা হৈছে ৷ তদুপৰি অনাগত দিনত যিমান কিতাপৰ প্ৰয়োজন হ’ব সেই পৰিমাণে কাগজ উৎপাদিত নহ’বও পাৰে বুলি বিভিন্ন গৱেষক-পণ্ডিতে কৈছে ৷ এইবোৰ সমস্যা কেনদৰে সমাধান কৰা হ’ব সেইটো ডাঙৰ প্ৰশ্ন ৷ কিন্তু কিতাপ যে শেষ হৈ নাযায় এইটো সত্য ৷ যি ৰূপতে নহওক কিতাপ থাকিবই ৷কিতাপ পঢ়াৰ বিমল আনন্দ আন একোৱে দিব নোৱাৰে ৷ কিতাপ মানুহৰ জীৱনৰ এনে সংগী যিয়ে কেতিয়াও কাকো বিশ্বাসঘাতকতা নকৰে ৷” সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক-সাংবাদিক দিলীপ চন্দন ৷ তেওঁ ভাষণত কয়——“১৯৮৪ চনত গুৱাহাটীৰ জজ খেলপথাৰত কৃতবিদ্য সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াই আৰম্ভ কৰা গ্ৰন্থমলাৰ পৰা আজিৰ এই পৰ্যায়লৈ গ্ৰন্থ আন্দোলনৰ এই যাত্ৰা বৰ দীঘলীয়া ৷ এনে এটা সময় আছিল যে এখন দৰকাৰী গ্ৰন্থ ক্ৰয় কৰিবলৈ পঠকে বহুদূৰ খোজকাঢ়ি বা চাইকেল চলাই যাবলগীয়া হৈছিল ৷ কিন্তু আজিকালি ওচৰতে গ্ৰন্থ পোৱা যায় ৷ এয়া ভাল লগা কথা ৷” তেওঁ লগতে কয় যে প্ৰযুক্তিৰ বিপুল উত্থান, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ এই সময়ছোৱাত গ্ৰন্থ এক ধৰণৰ মেডিটেশ্যনৰ পৰ্যায় পাইছে ৷ চাৰিওফালৰ চাপযুক্ত জীৱনৰ পৰা ক্ষণিকৰ বাবেও মুক্তি পাবলৈ হ’লে গ্ৰন্থই অন্যতম আশ্ৰয় ৷ সেয়েহে ল’ৰা-ছোৱালীবোৰক সৰুৰে পৰা গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰা দৰকাৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ জৰিয়তে এইক্ষেত্ৰত এটা নিৰৱ বিপ্লৱৰ সূচনা কৰিছে ৷ চৰকাৰেও গ্ৰন্থ আন্দোলনৰ বাবে ইতিবাচক পদক্ষেপ লোৱাটো আনন্দৰ কথা ৷ গ্ৰন্থ আন্দোলনৰ এই শুভবাৰ্তা সকলো ফালে বিয়পি পৰা উচিত ৷ উদ্বোধনী সভাত আদৰণী ভাষণ আগবঢ়াই অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়——“মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ষটো গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ সকলক উৎসাহিত কৰাৰ লগতে গ্ৰন্থ আন্দোলনটোক অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰিকল্পনা অনুসৰি গ্ৰন্থ-বৰ্ষ ২০২৫ৰে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰকাশ সাহিত্য গোটৰ জৰিয়তে সৃজনীশীল সাহিত্যক লৈ আলোচনা সত্ৰ, মহাবিদ্যালয় গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছে অসম প্ৰকাশন পৰিষদে ৷ তদুপৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভাৱে ভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছে ৷” সচিব কলিতাই লগতে কয় যে সম্প্ৰতি প্ৰযুক্তিৰ, বিশেষকৈ মোবাইলৰ ব্যাপক ব্যৱহাৰে ছপা মাধ্যমৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰাটো সত্য ৷ ক’ভিড মহামাৰীৰ ফলতো ছপা মাধ্যমৰ ওপৰত ব্যাপক নেতিবাচক প্ৰভাৱ পৰিছিল ৷ কাৰ্যতঃ এয়া আছিল গ্ৰন্থৰ জগতখনৰ ওপৰতো গুৰুতৰ আঘাত ৷ কিন্তু গ্ৰন্থৰ বিকল্প যে আন একো হ’ব নোৱাৰে সেয়া বিদ্বৎ মহলে সদায়ে কৈ আহিছে ৷ সেয়েহে ২০২১ চনৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলাৰ আয়োজন কৰি ৰাজ্যখনত গ্ৰন্থৰ ছপা, বিক্ৰী আৰু অধ্যয়নৰ ক্ষেত্ৰত এটা আশাব্যঞ্জক বাতাৱৰণ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা হৈছিল ৷ বিভিন্ন স্থানত গ্ৰন্থমেলা কৰাটো প্ৰত্যাহ্বানমূলক হয় ৷ কিন্তু এই প্ৰত্যাহ্বান যে অতিক্ৰম কৰিব নোৱাৰি তেনে নহয় ৷ সম্প্ৰতি গ্ৰন্থমেলাই অসমত অন্য এক উৎসৱৰ ৰূপ লৈছে ৷ এই প্ৰয়াসেৰেই অসম গ্ৰন্থমেলা আৰম্ভ কৰা হৈছিল ৷ অসম গ্ৰন্থমেলা, তিনিচুকীয়া এই প্ৰয়াসৰে এক অংশ ৷ তিনিচুকীয়াত ইয়াৰ পূৰ্বেও অসম গ্ৰন্থমেলা সফল হৈছিল বুলি সদৰি কৰি সচিব কলিতাই এইবেলিও তিনিচুকীয়াত অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত হ’ব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ গ্ৰন্থমেলাখনলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰে ৷ বাড্‌চ পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা এটি স্বৰস্বতী বন্দনাৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷ ইয়াৰ পাছত আজি অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা, তিনিচুকীয়াৰ প্ৰথম দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু বিদ্যা ভাৰতী স্কুলে ৷