দ্বিতীয় নৰ্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ সফল সামৰণি

দ্বিতীয় নৰ্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- বর্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰে সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় নর্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ। উদয়াচলৰ উদ্যোগত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত তথা পেৰা অলিম্পিক এছ’চিয়েচন অৱ আছামৰ সহযোগত ২৭ নৱেম্বৰৰ পৰা মহানগৰীৰ তিনিটা ভেন্যুত অনুষ্ঠিত হৈছিল বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীৰ বাবে আয়োজিত প্রতিযোগিতাখন। উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ ৭০০ৰো অধিক বিশেষভাৱে সক্ষম খেলুৱৈয়ে অংশগ্রহণ কৰা এই প্রতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছিল। পেৰা স্প’ৰ্টছৰ মুঠ ৬টা শিতান ক্রমে এথলেটিকছ, বেডমিন্টন, বোচ্চিয়া, দবা, সাতোঁৰ আৰু টেবুল টেনিছত পেৰা এথলীটসকলে অংশগ্রহণ কৰে। স্প’র্টছ মীটখন ২৭ নৱেম্বৰৰ পৰা সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা স্প’ৰ্টছ কমপ্লেক্স, আমিনগাঁৱৰ বন্দ্যা ইণ্টাৰনেচনেল স্কুল আৰু পাণ্ডুৰ উদয়াচলত অনুষ্ঠিত হৈছিল।  এইবাৰ প্ৰতিযোগিতাৰ সৰ্বাধিক ৫৩টা স্বর্ণপদকসহ মুঠ ১৫২টা পদকেৰে অসম দল বিজয়ী হিচাপে ঘোষণাৰ হোৱাৰ লগতে ৮৪টা পদক লাভ কৰা অৰুণাচল প্ৰদেশ ৰানাৰ্ছআপ হিচাপে বিবেচিত হয়। অসম দলে ৫৩টা সোণৰ পদকৰ লগতে ৫০টা ৰূপ, ৪৯টা ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে ৰানাৰ্ছআপ দল অৰুণাচল প্রদেশে ২৩টা স্বর্ণ পদক, ৩১টা ৰূপ আৰু ৩০টা ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে মণিপুৰ দলে ৮টা সোণৰ আৰু তিনিটা ব্ৰঞ্জৰ পদকত ক্ষান্ত থাকিবলগীয়া হয়। নাগালেণ্ডে আৰু মিজোৰামে এটাও পদক জয় কৰিবলৈ সক্ষম নোহোৱাৰ লগতে ছিকিমে এটা সোণ, এটা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰে। ত্ৰিপুৰা দলে ১০টা ‘সোণ, ১২টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক লাভ কৰে। বিজয়ী দল অসমক সামৰণী অনুষ্ঠানত বিজয়ী ট্রফী প্ৰদান কৰে পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ কোষাধ্যক্ষ সুনীল প্রধান, আছাম পেট্র’কেমিকেল্ল্পৰ লিমিটেডৰ স্বতন্ত্র সঞ্চালক জিতু তালুকদাৰকে প্ৰমুখ্যে কৰি বিশিষ্ট ব্যক্তিসকলে।