মহানগৰীৰ হেঙেৰাবাৰীত অগ্নিদগ্ধ হৈ ৯০ বছৰীয়া বৃদ্ধৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- হেঙেৰাবাৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি ল’লে এজন বৃদ্ধই । শনিবাৰে দুপৰীয়া মহানগৰীৰ হেঙেৰাবাৰীৰ কালী মন্দিৰৰ সমীপৰ অৰুণোদয় পথৰ ৪২৭নং গৃহত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ডটো।এই ভয়াৱহ অগ্নিকাণ্ডত নিহত হোৱা লোকজন ৮৯ বছৰীয়া ধৰ্মেশ্বৰ বণিয়া বুলি চিনাক্ত কৰা হৈছে ৷ জানিব পৰা মতে, দিনৰ ১ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডটো। ৰীণা ৰয় খাটনিয়াৰৰ ঘৰত বিগত এবছৰ ধৰি ভাৰাতীয়া হিচাপে আছিল ধেমাজিৰ গোগামুখৰ অঞ্জনা বণিয়া নামৰ মহিলাগৰাকী। পুত্ৰ আৰু সন্তানৰ সৈতে ভাৰাঘৰটোত থকা অঞ্জনা বণিয়াই তিনি মাহ পূর্বে চিকিৎসাজনিত কাৰণত পিতৃ ধৰ্মেশ্বৰ বণিয়াক নিজৰ ভাৰাঘৰলৈ আনিছিল। এটা বেচৰকাৰী অনুষ্ঠানত কৰ্মৰত মহিলাগৰাকীয়ে ঘৰত নথকাৰ সময়ত কোঠাত বাহিৰৰ পৰা তলা মাৰি থৈ যায় পক্ষাঘাতগ্রস্ত বৃদ্ধ পিতৃক। অসুস্থতাৰ বাবেই চিৰদিনে শয্যাশায়ী হৈ থকা ধৰ্মেশ্বৰ বণিয়াক আনদিনাৰ দৰে শনিবাৰেও ভাৰাঘৰত এটা কোঠালিত তলা মাৰি কার্যালয়লৈ গৈছিল অঞ্জনা বণিয়াই। কিন্তু দুর্ভাগ্যবশতঃ বৃদ্ধগৰাকী থকা কোঠাটোত অগ্নিকাণ্ডৰ সূত্রপাত ঘটে। সেই সময়ছোৱাত চৌহদটোত ভাৰাঘৰৰ স্বত্বাধিকাৰী ৰীণা ৰয় খাটনিয়াৰো উপস্থিত নাছিল। দিনৰ প্ৰায় ১ বজাত পুত্রসহ নিজৰ ঘৰত আহি উপস্থিত হোৱা ৰীণা ৰয় খাটনিয়াৰে ভাৰাঘৰত অগ্নিকাণ্ড হোৱা প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ লগোৱাৰ লগতে নিজাকৈ জুই প্রশমিত কৰাৰ চেষ্টাও কৰে। কিন্তু ইতিমধ্যে ভাৰাঘৰটোৰ ভিতৰত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰো বিস্ফোৰিত হোৱাত জুই অধিক ভয়ানক হৈ পৰে। লগে লগে অগ্নিনির্বাপক বাহিনীক খবৰ দিয়াত কেইবাখনো গাড়ীয়ে আহি প্রায় এঘণ্টাজুৰি চেষ্টা চলাই অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। কিন্তু ভয়ানক অগ্নিকাণ্ডটোত জ্বলি ছাই হৈ যায় বৃদ্ধ ধৰ্মেশ্বৰ বণিয়াৰ শৰীৰ। ইয়াৰ বাদেও ভয়ংকৰ অগ্নিকাণ্ডটোত ভাৰাঘৰৰ মালিকৰ চাৰিচকীয়া বাহন এখনৰ লগতে দুখনকৈ দুচকীয়া বাহনো জ্বলি ভস্মীভূত হয়। অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও ভাৰাঘৰটোৰ ভিতৰত থকা প্রার্থনাগৃহত জ্বলোৱা বন্তিৰ পৰা নিৰ্গত হোৱা অগ্নিৰ পৰাই গেছৰ চিলিণ্ডাৰৰ সংস্পৰ্শলৈ আহি ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ তথা অগ্নিনির্বাপণ বাহিনীয়ে।
