নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধভাৱে দখল কৰি ৰখা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে বিগত সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। এই উচ্ছেদ অভিযান অব্যাহত ৰাখি নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখলীকৃত ভূমিত নগাঁও জিলা প্রশাসনে বৃহৎ উচ্ছেদ অভিযান চলায়। বনাঞ্চলখনৰ ৫,৯৬২ বিঘা ভূমিত সন্দেহজনক লোকে দীর্ঘদিন ধৰি বেদখল কৰি বসবাস কৰি আহিছিল। শনিবাৰে পুৱা ৮ বজাৰ পৰা নগাঁও জিলা প্রশাসনে আৰক্ষী আৰু বন বিভাগৰ সহযোগত এই উচ্ছেদ অভিযান চলায়।  এই অভিযান অসমৰ অন্যতম বৃহৎ উচ্ছেদ অভিযান হিচাপে চিহ্নিত হৈছে। বনাঞ্চলখনৰ এই ৫,৯৬২ বিঘা ভূমি কান্দাপাৰা, চানখোলা, মাজগাঁও, কদমনি, বেদেৰিপাৰ জুৰিৰপাৰ আৰু নিম বাগান অঞ্চলত বেদখল হৈছিল।

নগাঁও জিলা আযুক্ত দেৱাশিস শৰ্মাৰ তত্ত্বাৱধানত আৰক্ষী আৰু বন বিভাগৰ সহযোগত চাৰিটা অস্থায়ী শিবিৰত বাহৰ পাতি থকা পাঁচ হাজাৰ আৰক্ষী জোৱানে এই অভিযান চলায়। আয়ুক্তগৰাকীয়ে জনোৱা মতে, ২০২৫ চনৰ ১৮ আগষ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰি এই অভিযান চলোৱা হৈছে। বছৰ বছৰ ধৰি বেদখল হৈ থকা বনাঞ্চলখনৰ ৫,৯৬২ বিঘা ভূমি খালী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বেদখলীকৃত এই বৃহৎ ভূমিৰ ১,৫৪৮ বিঘা ভূমি লুটুমাৰীত থকাৰ বিপৰীতে বাকীখিনি কান্দাপাৰা, চানখোলা, বেদেৰিপাৰ, জুৰিৰপাৰ, কদমনি, মাজগাঁও, নিমবাগান আদিলৈ বিস্তৃত হৈ আছে। লুটুমাৰী সংৰক্ষিত বনাঞ্চলখনত অবৈধভাৱে বসবাস কৰা প্ৰায় ১,৫০০ পৰিয়ালৰ ৭০ শতাংশতকৈ অধিক পৰিয়ালে স্বেচ্ছাই নিজৰ ঘৰ ভাঙি নিৰ্ধাৰিত উচ্ছেদৰ পূৰ্বে মাটি খালী কৰি দিছে। উচ্ছেদৰ সময়ত ৰাইজে সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি আয়ুক্তগৰাকীয়ে কয় যে উচ্ছেদ শান্তিপূর্ণভাবে চলি আছে আৰু কাইলৈৰ ভিতৰত সমগ্ৰ অঞ্চল বেদখলমুক্ত হ’ব। বাকী ৩০ শতাংশ বেদখলীকৃত ভূমি উচ্ছেদ কৰিবৰ বাবে প্রশাসনে ৫০খন এক্সকেভেটৰ আৰু সহস্রাধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে। উচ্ছেদৰ সময়ত কেইবাজনো উচ্ছেদিতই কান্দি কান্দি ভাগৰি পৰা দেখা যায় আৰু তেওঁলোকে কয়, আমাৰ থাকিবলৈ ঠাই নাই। কিন্তু আমাক থাকিবলৈ অকণমান মাটিৰ প্ৰয়োজন। উল্লেখ্য যে এই বেদখলীকৃত ভূমিত প্রায় ২,০৭০টা কেঁচাঘৰ, ১৯২টা পকীঘৰ আছিল। তদুপৰি ৩টা মছজিদ, ২খন চৰকাৰী বিদ্যালয়, ৩খন জলজীবন আঁচনি আছিল।